এটা চিউড' ৰোমান্টিক অকবিতা (- ধ্ৰুৱজ্যোতি বাৰিক)
তুমি যিটো বুজাব বিচাৰিছা মই বুজিব নিবিচাৰো
নুবুজাকৈয়েতো পাৰহৈ গৈছিল
হাজাৰটা বসন্ত ……
হাজাৰটা বসন্তৰ পিছত আকৌ হাজাৰটা শীত নামিছিল
একো নুবুজাকৈয়ে …..
মই বুজিব নিবিচাৰো
আকাশত পূর্ণিমাৰ পিছত অমাৱস্যাও হয়৷
মই বুজিব নিবিচাৰো
সপোনবোৰৰ মাজত দু:স্বপ্নবোৰো লুকাই থাকে ৷
আৰু হাজাৰটা বছৰ বিষাদৰ শীত নিদ্রাত থাকিব নিবিচাৰো !!!
মই বুজিব নিবিচাৰো
আপোন মানুহবোৰো এটা সময়ত হেৰাই যায় ৷
শৰতৰ শেৱালিকোমল পুৱাবোৰৰ দৰেই
জীপাল হৈ থাকিব নোৱাৰে নে এই মূহুর্তবোৰ ?
ওৰে জীৱন তুমি আৰু মই এইদৰেই নাওঁ বাই থাকিব নোৱাৰোনে ??
মই বুজিব নিবিচাৰো
এই মূহুর্তবোৰৰো মৃত্যু আছে !!
মই মাথোঁ সেইবোৰেই বুজিব বিচাৰো
যিবোৰ তুমি বুজাব নিবিচাৰা !!!
Suprb.বৰ ভাল লাগিছে দে |… Add more . Make it a tsunami of writing poetry