অনিৰুদ্ধৰ কথাৰে(- বিচিত্ৰ বৰদলৈ)

kobita aniruddha.jpg
মাজে মাজে অনিৰুদ্ধই ফেচবুক কৰে
মাজে মাজে অনিৰুদ্ধই অচিনাকি সুন্দৰীৰ সতে চ্যাটিঙত মজি থাকে
মাজে মাজে অনিৰুদ্ধৰ মানিবেগ খালী থাকে
মাজে মাজে অনিৰুদ্ধই ৱাটছএপত অহা দুষ্ট ভিডিঅবোৰ ডিলিট নকৰে।
মাজে মাজে অনিৰুদ্ধই পুৰনি বন্ধুৰ কোঠাত ৰাতিৰ সাজ খাই আহে
মাজে মাজে অনিৰুদ্ধই ফোন চুইটছ অফ কৰি ৰাখে
মাজে মাজে অনিৰুদ্ধ গধুলি অকলে ফ্লাইঅভাৰত বহে
মাজে মাজে অনিৰুদ্ধক সংগদোষে নষ্ট কৰে
মাজে মাজে অনিৰুদ্ধ বস্তুবাদী হৈ পৰে
মাজে মাজে অনিৰুদ্ধ ভীষণ কেৰিয়াৰিষ্ট হৈ উঠে
মাজে মাজে অনিৰুদ্ধই মান্থ এণ্ডিং নৌহওতেই টাৰ্গেট ফুলফিল কৰে
মাজে মাজে পুৰণি ‘প্ৰান্তিক’বোৰ বেচি ফ্লেকৰ পেকেট দুটা কিনি আনে।
মাজে মাজে অনিৰুদ্ধ কামৰ ভৰত কুঁজা হয়
মাজে মাজে ব্যস্ততাৰ বেত্ৰাঘাতত অনিৰুদ্ধৰ দেহা চিৰলা চিৰল হয়
মাজে মাজে সপোনতো অনিৰুদ্ধই ক্লাইন্টৰ পিছ লয়
মাজে মাজে সুখৰ বহু সুবিধাজনক সংজ্ঞাই অনিৰুদ্ধৰ চৌপাশ আবৰি লয় ।
মাজে মাজে অনিৰুদ্ধই অলিক দেখে
বগা ভাৰ্না এখন লৈ মাজে মাজে তাই পেণ্টালুনলৈ বজাৰ কৰিবলৈ আহে
ফ্ৰিজ হৈ অনিৰুদ্ধই মাথো চাই থাকে
শীৰ্ণ ৰঙা ৰেখাডালৰ সপ্ৰতিভ তিৰবিৰণি সি দূৰৈৰ পৰাই দেখে।
সিদিনা ৰাতি অনিৰুদ্ধৰ চকুত টোপনিৰ টোপ এটা নপৰে
বিচনাত ইকাতি-সিকাতি, টোপনিয়ে বাগৰ সলাই থাকে
দুভাগ ৰাতি কাষৰ মনিপুৰি ল’ৰাজনৰ দুৱাৰত অপ্ৰস্তুত টোকৰ দুটা পৰে
ক’লা পলিথিনৰ ওৰণি গুচাই আধা খোৱা মদৰ বটল এটা
বিচনাৰ তলৰ পৰা যেন নিজে নিজেই ওলাই আহে।
মাজে মাজে অনিৰুদ্ধই আন্ধাৰে-মুধাৰে চাদত বহে
মাজে মাজে অনিৰুদ্ধই হেডফ’ন লগাই গজল শুনে
ক্যা খয়া ক্যা পায়া জগ মে
মিলতে অউৰ বিচৰতে মগ মে
জগজিৎ সিঙে খামুছি ধৰে
খামুছি ধৰে
মাজে মাজে অনিৰুদ্ধ চাদৰ পৰা নামো বুলি নামি আহিব নোৱাৰে।
মাজে মাজে অনিৰুদ্ধই শৈশৱৰ বন্ধুবোৰলৈ ফ’ন কৰে
প্ৰেয়সীৰ গুণ-গুণ কথাৰে সন্ধিয়াৰ ফ’নবোৰ প্ৰায়ে ব্যস্ত হৈ থাকে।
মাজে মাজে অনিৰুদ্ধই বায়েকহঁতক খুব মিছ কৰে
ভাগিনীয়েকহঁতৰ মাককেইজনীৰ ব্যস্ততাৰ শেষ নাথাকে।
মাজে মাজে অনিৰুদ্ধই কলিগবোৰেৰে পাৰ্টি কৰে
নিফটি-ছেনছেক্সৰ উঠা নমাৰ দৰে
আন্তৰিকতাৰ কোনোদিন কোনো গাৰান্টি নাথাকে।
মাজে মাজে অনিৰুদ্ধক বহুদিন নোযোৱা উৰুঙা-উদং ঘৰখনে হাত বাউল দি মাতে
কঁকালৰ বিষত খোজ দিব নোৱাৰা মাকজনীৰ যন্ত্ৰণাই
অনিৰুদ্ধৰ বুকুত শিল এটা তুলি দিয়ে
ডায়বেটিছৰ অত্যাচাৰত শুকাই-খীনাই যোৱা দেউতাকৰ শীৰ্ণ
শৰীৰটোৱে তাক অসহায় কৰি তোলে
মাজে মাজে অনিৰুদ্ধৰ গাৰু শেষ ৰাতিৰ বৰষুণজাকে অজানিতে তিয়াই নিয়ে।
মাজে মাজে অনিৰুদ্ধই মনত পেলাব নোৱাৰে
কবিতা লিখা ল’ৰাটো জীৱনৰ কোনটো কেঁকুৰিত হেৰাই গ’ল!
মাজে মাজে অনিৰুদ্ধই বিচাৰি ফুৰে
নাটক কৰি ঘুৰি ফুৰা ল’ৰাটো আজিকালি কোনখন চহৰত থাকে!
মাজে মাজে অনিৰুদ্ধই প্ৰশ্ন কৰে গিটাৰত টিউন কি দৰে কৰে!
মাজে মাজে অনিৰুদ্ধই গালিবৰ শ্বায়েৰী এটা সম্পূৰ্ণ কৰি মাতিব নোৱাৰে।
ঘড়ীৰ কাটাত বন্ধা থাকে অনিৰুদ্ধৰ জীৱন
ঘড়ীৰ কাটাত বন্ধা থাকে অনিৰুদ্ধৰ সময়
সুখৰ সময় দুখৰ সময়
বিষন্ন সময় বিপন্ন সময়
প্ৰতিটো হাঁহিৰ সময়সূচী য’ত পূৰ্ব নিৰ্দ্ধাৰিত
প্ৰতিটো কৰমৰ্দনত ক্ষয় হোৱা কেল’ৰিৰ মাপ য’ত পূৰ্ব নিৰ্দ্ধাৰিত
প্ৰতিটোপাল ঘামত সৰি পৰা নিমখৰ পৰিমাণো য’ত পূৰ্ব নিৰ্দ্ধাৰিত
পূৰ্ব নিৰ্দ্ধাৰিত সকলো
মেৰুদণ্ড পোন কৰি ঠিয় হোৱাৰ সময়
নীলা সৰীসৃপ হৈ বগুৱা বাই যোৱাৰ সময়
চৰাই হোৱাৰ সময়
চগা হোৱা সময়
সুখৰ সময় দুখৰ সময়
বিষন্ন সময় বিপন্ন সময়
মাজে মাজে নহয়
যান্ত্ৰিক এই লৰা-ধপৰাত আজিকালি নিতৌ অনিৰুদ্ধ মৰে
নিগনী দৌৰৰ খলা-বমা পথটোৰ কোনোবাটো কেঁকুৰিত
অনিৰুদ্ধৰ শৰীৰ ঢলি পৰে
শ শ অনিৰুদ্ধ তালফাল লগাই পিছে পিছে দৌৰি আহে
মৃত অনিৰুদ্ধৰ খালী ঠাই পুৰাবলৈ শ শ অনিৰুদ্ধই নিতৌ হেতা-ওপৰা কৰে

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!