আৱাহন : চন্দ্ৰমা কলিতা
সখী
উদাস আবেলিটো গচকাই এয়া কোন বাটেৰে আনিলি
মন গ’লেই ঘূৰি চোৱাৰ বাটটো যে তেনেই অচিনাকী।
তোৰ নিচুকনী গীতৰ আঁৰত এটা ভয় লগা গধূলি
পোহৰৰ সিফালৰ আন্ধাৰবোৰ নিবিনে পাৰ কৰি?
সখী
আহিবলগীয়া ধুমুহা জাকত কঁপিব নেকি আমাৰ দুভৰি
যদি আগুৱাওঁ হাতে হাত ধৰি?
সৰাপাতবোৰলৈ বৰ ভয় লাগে অ’ সখী
চিনাকী আকাশখনে ল’বনে তোকে মোকে আদৰি?
আস্থাৰ বুলনিত এতিয়া এখুদমান সপোনৰ দোকমোকালি
সখী মোৰ
নতুন পুৱাটো সঁচাকৈয়ে হ’বনে তই কোৱাৰ দৰেই ৰঙীন?