ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

অন্তৰঙ্গ : ‎পূৰ্ণিমা বৰুৱা


তোমাৰ বুকুত শব্দময়তাৰ হাবিয়াস
মোৰ বুকুত শব্দহীনতাৰ লয়লাস।
ইমান বৈপৰীত্য!
তথাপি অনুৰাগৰ সেই আঁজলি ৰ’দত
আজিও জলমলাই
আমাৰ চোতাল ।
কাৰণ, শব্দয়ো জানে
নৈশব্দ কিমান বাঙ্ময় –
বুকুৰ মাজত যেতিয়া সেউজীয়া থাকে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!