বা … (প্ৰাণজিৎ বৰুৱা)


baa_pranjitযি সকলৰ এজনী বা আছে তেওঁলোক বৰ ভাগ্যবান,
তেওঁলোকৰ ভাগ্য এই কাৰণেই ভাল
ভগাই ল’ব পাৰে তেওঁলোকে সকলো মান অভিমান …

মন গ’লেই জোকাই খং তোলাই,
মন গ’লেই মৰমতে পিঠিত ভুকু লগাই,
মন গ’লেই তেওঁলোকৰ আগত মুখ ফুলাই,
কৰিব পাৰি ভাল লগা কিছু মিঠা আব্দাৰ …
ভাল লাগে
মন গ’লেই যে আৰম্ভ কৰি দিব পাৰি যেতিয়াই তেতিয়াই এটা ৰসাল আড্ডাৰ…

বা ,
কিয় জানো শব্দটো
শুনিয়েই শাঁত পৰি যায় গা…

দুখত সান্তনা
সুখত হাঁহি,
বিষাদত প্ৰেৰণা দিবলৈ
কেনেকৈ যে
ঘপহকৈ ওলাৱ আহি….

আচৰিত লাগে…
ইমান মৰমৰ আঁকৰ মানুহ কেনেকৈ হ’ব পাৰে,
ইমানেই প্ৰেৰণাৰ নিজৰা কেনেকৈ বোৱাব পাৰে,
নিজে দুখত থাকিও হাঁহি হাঁহি আনৰ দুখ কেনেকৈ কেনেকৈ আঁতৰাব পাৰে,

কোনে দিলে বাৰু ইমানবোৰ
কৈ শেষ নোহোৱা গুণ,
কিয় ইমান সোনকালেই হৈ পৰ
বুকুৰ আপোন …!

বা ,
তোৰ স’তে উমলি পাৰ হয় ল’ৰালি,
তোৰ সচেতনাত অংকুৰিত হয় জীৱনৰ গজালি,

তই মা-দেউতাৰ মনত এজনী সাধাৰণ ছোৱালী ,
পিছে তই যে মোৰ এই সৰু মনটোক ভাল লগাৰ নুপুৰ পিন্ধালি…
বহুত কথাই তই এৰা ধৰা কৰি কৰিয়েই শিকালি,
বহুত শিক্ষাই তোৰ নিজৰ ভাগৰখিনি আমাক বিলাই বুজাই দিলি…

কি যে এই এনাজৰী,
মোৰ দুখত তোৰহে চকুলো আহে বাগৰি,
সকলো সুখ যেন তই দি যাবি এই আজুৰি আজুৰি …

সঁচাকৈয়ে
কি যে এই নিস্পাপ সম্পৰ্ক…
একেবাৰেই হিয়া জুৰাই …

বা তই কাষতেই থাক সদায়,
থাক মোকে খং উঠাই,
মোৰ অবুজ অভিমানক থাক তই ৰং চাই…

বা কোনোদিনে আঁতৰি নোযোৱাৰ প্ৰতিশ্ৰুতি দে
থাক বা থাক মোক
আজীৱন ভালপাই ….

থাক অ’ এনেকৈয়ে জীৱনৰ দিক্ দেখুৱাই !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!