দুখবোৰ যেতিয়া দুখৰ দৰে নাছিল (পল্লৱ কুমাৰ নাথ )
নাঙঠ বাসনা এটায়ে মেৰিয়াই আছিল তেওঁলোকক
ঠিক যেতিয়া
লাজবোৰ লাজৰ দৰে নাছিল
আহাৰৰ বাবে আছিল নিজস্ব সংগ্ৰাম
তেওঁলোকে প্ৰাপ্তিৰ আনন্দ বাৰুকৈয়ে উপভোগ কৰিছিল
তেতিয়া দুখবোৰ দুখৰ দৰে নাছিল
যেতিয়া দুখবোৰ দুখৰ দৰে নাছিল
তিনি টকীয়া চাউলৰ বস্তাত
লগা নাছিল দূৰ্নীতিৰ মকৰাজাল
নাছিল সুখী হোৱাৰ কেচেমা হাবিয়াস
বৰ্বৰতাবোৰো পৰিকল্পিত অভিসন্ধি নাছিল
অসংযত নাৰীয়ে বেশ্যাৰ অভিনয় কৰা নাছিল
জীৱন নাটত
কৰ্মহীনতাৰ ৰোগে খুলি খুলি খোৱা নাছিল
ডেকা কলিজা, পূৰঠ হৃদয়ৰ মঙহ
দুখবোৰ যেতিয়া দুখৰ দৰে নাছিল
নিশাৰ বতাহত নাছিল বেপেৰুৱা সুৰ
অন্ধকাৰত আজিৰ দৰে
স্তব্ধ হোৱা নাছিল ভদ্ৰ চকুৰ পোহৰ
জেদ আৰু অহংকাৰত
দেহৰ ভিতৰি ভিতৰি জ্বলি উঠা নাছিল
এটুকুৰা ৰক্তবৰ্ণ টিকটিকিয়া বেলি
প্ৰতিযোগিতাৰ পোহৰত
ক্ৰমশঃ বাঢ়ি অহা নাছিল
টোপনিহীনতাৰ এলান্ধু
চুটি হোৱা নাছিল
জীয়াই থকাৰ হাবিয়াস
ব্যস্ততাৰ ফেৰেঙনীত ওলমি ৰোৱা নাছিল
মানুহ হোৱাৰ গৌৰবৰ গান
সম্প্ৰতি দুখবোৰ পৰিবৰ্ধিত হোৱাৰ বাবেই
দেহৰ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত
দুখৰ নিজস্ব ৰাজত্ব
এবেগেতীয়া উশাহত
বিষাদৰ ন ৰচিত গীতৰ সুৰ
অতি সম্প্ৰতি
সুখবোৰ সুখ হৈ থকা নাই
সুখবোৰেই দুখৰ স্বৰূপ
দুখ মানেই হৃদয়ৰ অসুখ ৷