ভদীয়া (-ৰক্তিম শৰ্মা)
কজলা আকাশ
তই দুখৰ বাহী বজাই শুই থাক মনে মনে
উচুপি নাথাকিবি ৰাতি
চকুলোৰে নাভাঙিবি
জিঞ্জীৰামৰ পাৰ।
তোৰ উচুপনি শুনিয়েই
ভৰা মেটেকানি ভাঙি সিটো পাৰে
অচিন নাওঁ
ভটিয়লি সুৰৰ আবেশত
চকুলোত ডুবি থাকে কিশোৰী পথাৰ
জৰৌৰোৱা সুখৰ ঘৰ।
কজলা আকাশ,
ভৰদুপৰীয়াখন সাবটি তই শুই থাক
ৰাতিৰ জোনটোক আচলত গুজি
তই গাই থাক নিচুকনি।
কাইলৈ পুথি-খলিহনাৰ জাউৰ উঠিব চোতালত
বেলিটোক টোপ দিম বৰশীত।