সন্ধ্যা হ’লেই মোৰ চহৰত ব্যস্ততা বাঢ়ে (- নিভা গগৈ)
সন্ধ্যা হ’লেই মোৰ চহৰত ব্যস্ততা বাঢ়ে,
বেপাৰীবোৰে গ্ৰাহকক মৰমেৰে মাতে
গ্ৰাহকৰ পার্চত লুকাই থাকে লাভৰ অংশ
বেপাৰীৰ লাভৰ চুঙাটোত গ্ৰাহকে “খুটুং” কৈ অংশটি দিয়ে
বেপাৰীৰ বুকুত মাধৈ মালতী ফুলে
সন্ধ্যা হ’লেই বেপাৰীবোৰৰ লোভবোৰ বাঢ়িব ধৰে।
নিশাৰ আহাৰৰ যোগান, দোকানবোৰত শাৰী পাতি থাকে
চানাচুৰ-পকৰী, আমিষ-নিৰামিষ
মম’-ঘূগুনি আৰু চিংৰা জেলেপীয়ে হাঁহি মাৰি মেল পাতে
চেঙেলীয়াৰ জাকবোৰত ধোঁৱাৰ পৃথিৱীত ডুবে
নিচাৰ প্ৰেমিকৰ হাতত ৰঙা পানীয়ৰ ওৱান টাইমচ্ গিলাচ্
“চাল্লা ! বেচি কথা নকবি” বাক্য এটি উফৰি থাকে
উফৰাই থাকে সৰু চহৰখনত
সন্ধ্যা হ’লেই চহৰখন নিচা হৈ পৰে।
অঘৰী জন্তুবোৰে পথৰ কাষে কাষে মেলা পাতে
অঘৰী মানুহে টোপনি যোৱাৰ নাটক কৰে পদপথে পদপথে
যান্ত্ৰিক শব্দবোৰে চিঞঁৰি আন্দোলন কৰে
সভ্যৰ দুৱাৰত টোকৰ পৰে ধীৰে ধীৰে
মানুহবোৰে সভ্যতাৰ নাটকৰ জো-যা কৰে সন্ধ্যা হ’লেই সভ্য মানুহবোৰে নাটক কৰিব শিকে।
সন্ধ্যা হ’লেই ম’বাইলবোৰে গাভৰু হৈ পৰে
আঙুলিৰ ভাঁজে ভাঁজে প্ৰেম প্ৰদানৰ ঢৌ ফুটে
ওঁঠে ওঁঠে উষ্ণ আবেগ ঢালে
হাতবোৰে চহৰখনত খেপিয়াব ধৰে
সন্ধ্যা হ’লেই চহৰৰ প্ৰেমবোৰ সস্তা হৈ পৰে
চহৰখন সন্ধ্যা নামিলেই বিক্ৰি হৈ পৰে।
,