ভূত (যুগল গগৈ)
বিশেষ কোনো কাম নথকাত পঢ়া টেবুলতে বহি ভৌতিক উপন্যাস এখনকে লিখো বুলি কলমটো হাতত তুলি লৈছিলোহে, তেনেতে দুৱাৰত কেৰেককৈ এটা শব্দ হোৱাত উচাপ খাই উঠিলো। ঘড়ীটোলৈ চালো। ৰাতি চাৰে ন বাজিছে। এই ৰাতিখন কোন হ’ব পাৰে, ভাবি নাপালো।
:কোন?:-সুধিলো।
কোনো উত্তৰ নাই। পুনৰ লিখা আৰম্ভ কৰিবলৈ লওঁতেই আকৌ শব্দটো শুনা পালো। অকণমান ভয়ো লাগিল। সিদিনা ৰাতি কামলৈ যাওঁতে বাটতে দুজনমানে বৰ বেয়াকৈ এই ঘৰটোৰ কথা কোৱা শুনিছিলো। তেওঁলোকে কৈছিল যে এই ঘৰটোত হেনো এজন মানুহৰ এটা ভূত থাকে। ভূতটোৰ হেনো এটা বিশেষ ধৰণৰ চুটকেচ আছে। মানুহজন জীয়াই থাকোতে সি তাৰ ঘৈণীয়েকক হত্যা কৰি সেই চুটকেচটোতে ভৰাই থৈ নিজে ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰিছিল। ট্ৰেইনখনে মানুহজনৰ বুকুৰ তলতে কাটি সম্পূৰ্ণ দুটুকুৰা কৰি পেলাইছিল। তেতিয়াৰ পৰাই এই ঘৰটোত থাকিবলৈ অহা মানুহে তাৰ ভূতটো দেখি তাৰ ভয়ত ঘৰটো এৰি যাব লগা হৈছিল। কিন্তু মইতো তেনে একো অনুভৱ কৰা নাই। এই ঘৰটোলৈ মই অহা প্ৰায় তিনিমাহমান হৈছে।
কেৰেক্…..। আকৌ শব্দটো শুনা পালো। ভাবিলো, মানুহবোৰে কোৱা কথাবোৰ সত্য নেকি? ভয়ে ভয়ে পঢ়া টেবুলৰ পৰা উঠি আহি দুৱাৰৰ ওচৰলৈ আহিলো। দেখিলো, দুৱাৰখন লৰি আছে। কোনোবাই যেন বাহিৰৰ পৰা সেইখন খুলিবলৈ চেষ্টা কৰি আছে। মোৰ হৃদযন্ত্ৰৰ গতি তীব্ৰ হৈ আহিল। মুখেৰে মাত নোলোৱা হৈ পৰিল। যেনেতেনে আনটো ৰূমৰ দোৱাৰখনৰ কাষত লুকাই কি হয়নো চাই থাকিলো। দেখিলো, দুৱাৰখন খুলি প্ৰথমে এখন হাত ভিতৰলৈ সোমাই আহিছে,তাৰ পাচত গোটেই মানুহজন। দেখি মোৰ অন্ঠ-কন্ঠ শুকাই গল। মানুহজনৰ হাতত মোৰ ওচৰত থকাটোৰ দৰেই এটা প্ৰকাণ্ড চুটকেচ। মই প্ৰমাদ গণিলো। তাৰমানে মানুহবোৰে কোৱা কথাবোৰ সত্য। কি কৰো কি নকৰো বুলি ভাবি আনটো ৰূমৰ ভিতৰত সোমাই দুৱাৰখন বন্ধ কৰি ইষ্ট দেৱতাক স্মৰণ কৰি বহি থাকিলো। নাই। আজি যদি কেনেবাকৈ বাচি যাওঁ তেন্তে কাইলৈয়ে এই ঘৰ ত্যাগ কৰিব লাগিব। মনতে ভাবিলো। মানুহটোৱে কি কৰিছে কাণ পাতি শুনিবলৈ চেষ্টা কৰিলো। বাথৰূমৰ পৰা অহা শব্দত ভাব হল সি বাথৰূমৰ শ্বাৱাৰৰ পৰা পানী খুলিছে। কিন্তু কাৰেন্টতো কালিৰ পৰাই নাই তেন্তে পানী কেনেকৈ ওলাইছে। ইয়াৰ পাছতে শুনিবলৈ পালো এটা নাৰীকন্ঠ। অৰ্থাৎ সি অকলে নহয়। তাৰ ঘৈণীয়েকো আছে।
:আমি ইয়াত কিমানদিন থাকিম?:-নাৰীকন্ঠ।
:কিমানদিন থাকিম মানে? আগতেতো আমি দেখুন ইয়াতেই আছিলো। দূৰ্ঘটনাটো নোহোৱাহ’লে দেখোন আমি এতিয়াওঁ ইয়াতে থাকিলোহেতেন। ইয়াত এটা চিকাৰ আছে বুলি কোৱা শুনিহে আমি ইয়ালৈ পুনৰ আহিলো। এতিয়া আমাৰ চিকাৰ ইয়াত বিচাৰিব লাগিব। তাৰপাচতহে ইয়াৰ পৰা যোৱাৰ কথা চিন্তা কৰিম। ব’লা প্ৰথমে আমি কৱৰস্থানখনলৈ যাওঁ …….।
বুজি পালো মানুহবোৰে কোৱা কথাবোৰ সম্পূৰ্ণ সত্য। কেনেবাকৈ মোক যদি ইহঁতে দেখে তেন্তে মোৰ যে নিস্তাৰ নাই বুজি পালো। কি কৰা যায় ভাবি ভাবি অন্ত নাপালো। যি হ’ব হ’ব মই এই ৰূমটোতে সোমাই থাকিম বুলি ঠিক কৰিলো। ভাগ্যত যি আছে সেয়া হ’বই।
বহুদেৰি একো শব্দ হোৱা নাই। হয়তো সিহঁত কবৰস্থানখনলৈ চিকাৰ কৰিবলৈ উলাই গৈছে। মনতে অলপ সকাহ পোৱাৰ দৰে লাগিল। সি যি কি নহওঁক, আজি যদি কেনেবাকৈ ৰক্ষা পৰো তেন্তে এই ঘৰত যে আৰু এক মূহুৰ্তও নাথাকো সেইটো কিন্তু খাটাং। বিচনাখনলৈ আহি অলপ সময় বহিলোহি। হৰ্ঠাৎ পুনৰ খোজকঢ়াৰ শব্দ শুনিবলৈ পালো। এনে লাগিল যেন সিহঁত পুনৰ ঘূৰি আহিছে আৰু মোৰ অৱস্থান যেন ধৰিব পাৰিছে। ভাব হল সিহঁত সন্তৰ্পনে মোৰ কোঠাটোৰ ফালে আহি আছে। মোৰ হৃদযন্ত্ৰৰ শব্দ মই নিজেই শুনা পালো। আজি মোৰ মৃত্যু নিশ্চিত। হৰ্ঠাৎ দুয়োটাই দোৱাৰখন একেলগে জোৰেৰে থেলি সোমাই আহিল। সৰ্বনাশ! সিহঁতে মোক দেখা পালে। মোৰ বুকুৰ তলডোখৰ নথকাৰ বাবেই নে কি নাজানো,মানুহজনীয়ে মোক দেখি এটা তীব্ৰ চিঞৰ মাৰি মানুহটোক সাৱতি ধৰিলে। কিন্তু মানুহটো বহুত সাহসী আছিল। সি বটল এটাৰ পৰা অলপ পানী উলিয়াই মোৰ গালৈ মাৰি পঠালে। মোৰ গাটো তীব্ৰ পুৰণিত ৰঙা পৰি গল। অসহ্য জ্বলা-পুৰা অনুভৱ কৰিলো, ভাৱ হল মই যেন ক্ৰমান্নয়ে সৰু হৈ আহি আছো। ইয়াৰ পাচত আৰু একো মনত নাই। যেতিয়া জ্ঞান ঘুৰাই পালো নিজকে এটা ক’লা সৰু বটলৰ ভিতৰত আৱিস্কাৰ কৰিলো। শুনিবলৈ পালো।
:হেল্ল’, মি: বৰুৱা, আজিৰ পৰা আৰু আপোনাৰ ভাৰাঘৰটোত থকা ভূতৰ সন্ত্ৰাস শেষ হৈ গল। আপোনাৰ অনুৰোধমৰ্মেই কালি ৰাতিয়েই ৰূপালী আৰু মই সেই ঘৈণীয়েকক হত্যা কৰি নিজেও ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰাৰ পাছত হোৱা ভূতটোক বন্দী কৰি বটলত ভৰাই থৈছো। ৰূপালীৰ মাকৰ সেই গাড়ী দূৰ্ঘটনাটোৰ বাবে যদি ভৰিটো নাভাগিলহেতেন তেন্তে আমি এই ঘৰতে আগতে থকাৰ দৰে থাকিব পাৰিলোহেতেন। কিন্তু আমি এতিয়া ইয়াত থাকিব নোৱাৰো কাৰণ ৰূপালীৰ মাকক চাওঁতা ও আমাৰ বাহিৰে কোনো নাই যে। অ’ আৰু এটা কথা,বাথৰূমটো মই ব্যৱহাৰ কৰোতে নলীটো অসাৱধানবসতঃ ভাগি আগৰ বেয়া পানীখিনি পৰি গোটেইটো লেতেৰা হৈ গ’ল দেই। সেইটো মেৰামতি কৰাই ল’ব। এতিয়াৰ পৰা আপুনি নিশ্চিন্ত:মনে ঘৰটো মানুহক ভাৰা দিব পাৰিব।
—————————————————————————————————————————-