ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

পথাৰ (ৰীতা ভূঞা বৰুৱা)

pothar_ritaপিতাইৰ দেহৰ ঘাম সৰি

সেউজীয়া হোৱা পথাৰখনত

আজি সৰে

পিতাইৰ বুকুৰ হুমুনিয়াহ

আজিৰ শিক্ষাই নকৰে

নাঙলৰে সহবাস

পৰনিৰ্ভৰতা

যেন গুটি দীঘল কেৰেলা

আধিয়াৰৰ দম্ভালিত

এসময়ত সোণগুটিৰ ভৰত

হাওলা পথাৰখনত আজি

এলাগী ঘাঁহ-বনৰ

বিৰ দি বাট নোপোৱা ঠাহ্

পিতাইৰ দেহৰ ঘাম সৰি

সেউজীয়া হোৱা পথাৰখনত

আজি সৰে

পিতাইৰ বুকুৰ হুমুনিয়াহ…!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!