ভুঁইকপৰ ভাগম ভাগ নিউজ (-মনজিৎ)

 

১) বৈদ্য কেৰেপ কেৰেকন মহাজনৰ ঘৰৰ গ্রীলত লাগি আঠোটাকৈ মস্ত মস্ত তলাৰ ৫ নম্বৰটো পাওতেই কামলা ল’ৰা কণমইনাৰ পেন্টটেই সৰুপানী ত্যাগ।
২) গাঁৱৰ ঘৰলে ফুৰিবলে যোৱা নবীনৰ ঘৈণীয়েকে ৰাতি নাইটি পিন্ধি শোৱাত, ভুঁইকপ আহোতে বাহিৰলে দৌৰিবলে বুলি কাপোৰ সলাবলে লৈ বাওঁ চকুৰ ওপৰফালৰ আইব্র’টোৰ আধা আইলিনা ল’বলে থাকোতেই ভুঁইকপটো সাম কাটে।
ওলাই আহি নবীনক সুধিলে “অ হেৰা। ই গ’লেই নেকি বাৰু?”
নবীনে উত্তৰত ক’লে ” অ পাই তোমালৈ ৰৈ ৰৈ আমনি পোৱাত গুছি গ’লগে আৰু। আকৌ আহিম বুলি কৈ গৈছে। সেয়ে এইবাৰৰ পৰা সাজি কাচি শুবা দেই দেহা।”
৩) প্রাপ্ত তথ্য মতে ভুঁইকপৰ জোকাৰণিত চবতে বেছি যি ভাগিল সেয়া হ’ল ‘টোপণি’।
৪) ভুঁইকপৰ কৃপাত চুবুৰীৰ প্রায় আটাইবোৰ মানূহ বহুবছৰৰ মুৰত একেলগে গোটখালে। আৰু তাৰে বেছিভাগেই স্কুলৰ দেইজৰ পিচত প্রথম বাৰৰ বাবে কাহিলি পুৱা দেখা পালে।
৫) সচৰাচৰ নিজে পানী এগিলাছো লৈ খাবলে এলাহ কৰা, ঠাণ্ডা দিনত এনি টাইম কম্বলৰ ভিতৰতে বসবাদ কৰা, এলেহুৱা কেলেহুৱা কনাই সুদা গাৰে একেজাপে পদুলি মুৰ পোৱাগৈ কথাটো ভুঁইকপৰ অন্য এক সফলতা। আৰু প্রথম বাৰৰ বাবে দুই একক ব্লেংকেট লৈ মৰনিং ৱাক কৰাও দেখা পোৱা গ’ল।

Bhuikop
৬) শুনা মতে পুৱা দেৰিকৈ উঠা যোগেন বৰতাই বোৱাৰীয়েকক মাতি আনি শুধিলে
” অ বোৱাৰী মৰ ৰাতি পুৱাই যে মানুহ বোৰে ইমান কৈ উৰুলি দিছিল যে?হেৰিয়াৰ জীয়েক শান্তি হোৱাৰ কথা আছিল। শান্তি হ’ল নেকি ঔ? ”
৭) ইফালে ভুমিকম্পই প্রমোদৰ মাকৰ মনত এনে সাঁচ বহালে যে দুপৰীয়া দেউতাকে গাড়ীৰ দর্জা খন জোৰকে মৰাৰ শব্দ শুনিও দুবা দুব উৰুলি দিবলে ধৰে।
৮) তাহানিৰ দিনৰে পৰা গাঁৱৰ ফালে ভুঁইকপ আহিলে উৰুলিকে ৰিখটাৰ স্কেল বুলি ধৰা হয়।
৯) ভুঁইকপৰ বাতৰি গোটাবলে গৈ সাংবু দাদাই অত্যাধুনিক যুৱতীক সুধিলে
সাংবু দা: এই মুহুর্তত আপোনাৰ অনুভৱ কেনে?
অ: যু: : ইউ মিন মাই ফিলিং? মই মোৰ ফিলিং টুইটাৰ আৰু ফেছবুকতে দি ৰাখিছো। এঞ্জেল তুলতুলি চার্চ কৰিব পাই যাব । মোক এইবোৰ সুধি ব’ৰ নকৰিব। ভুঁইকপৰ সতে চেল্ফি উঠিবলে নাপাই এনেই মন বেয়া লাগি আছে।
১০) নিউজত দেখুৱা ৱালৰ ফাঁট বোৰ দেখি মনত এটাই ভাব আহিছে যে ভুঁইকপটো সঁচাই ‘ফাঁটাফাটি’ আছিল।
১১) এটাৰ আকৌ নতুন বছৰৰ হেং অভাৰ যোৱাই নাছিল। ঘৰ ঘৰনি গুম গুমনি বোৰ ডিস্ক’ত ডি জে বাজিছে বুলি ” দি জে ৱালে বাবু মেৰা গানা বজা দ;” বুলি চিঞৰি চিঞৰি পুৰা নাছিব ধৰিলে। বাপেকৰ কাণতলিয়াত খাইহে নৰমেল হৈছে।
১২) NHPCয়ে ভুঁইকপটোক অশেষ ধন্যবাদ দি কয় যে তেওলোকৰ নদীবান্ধটোৰ প্রিলিমিনেৰি টেষ্টিং এটা হৈ গ’ল। আৰু শুনা মতে বান্ধটো অ’কে আছে। ফাট মেলিছে যদিও M-Seal দি বন্ধ কৰিব পৰা যাব।
১৩) সকলোৱে ফেছবুকত মই চেফ মই চেফ বুলি মার্ক কৰি থকাৰ সময়ত বিহালিৰ বিলালে শকত আৱত ঘৈণীয়েকৰ ফটো আপলোডাই খঙতে কেপচন দিছে
“ মই চেফ নহয়। আমাৰ এওঁ শোৱাৰ টাইমত বাগৰ সলাওতে গৰবৰ কৰিলেই প্রায়েই এনে ভুমিকম্প আহে। আজিটো মই প্রথম ১০ চেকেণ্ডলৈকে ঘৰুৱা বিধ পৰিল বুলিয়েই ভাবি আছিলো। সেয়ে মই চেফ নাছিলো, এতিয়াও নহয় আৰু আগলেও নহও সেয়ে মোক নটিফিকেচন দি নাথাকিবি।
১৪) আলুচপ এটাৰ বাবে কাজিয়া লাগি এসপ্তাহ মাত বোল নোহোৱা বিকিয়ে ভায়েক ৰিকিক ভুঁইকপ আহোতে বোকোচাত তুলি বাহিৰলে দৌৰা দেখি মাকৰ সুখতে চকুপানী ওলাই গ’ল। বাপেকে মাকক কাণে কাণে ক’লে বোলে ইয়াকে কয়

” DIVIDED BY আলুচপ
UNITED BY ভুঁইকপ। ”

১৫) শেষত……

“জীৱ শ্রেষ্ঠৰ উপদ্রপত অতিষ্ঠ প্রকৃতিৰ অসহিঞ্চুতাৰ এইয়া বর্হি প্রকাশ
সময় থাকোতেই নিজকে নুসুধৰালে পিছলে নাথাকিব কোনো অৱকাশ।
প্রকৃতিৰ যে শকতি অপৰম্পাৰ
মুহুর্ততে ভাঙি দিব পাৰে অট্টালিকাৰ সমস্ত অহংকাৰ।
এটা জোকাৰণিতে ভোগবাদৰ হাহাকাৰ
দামী চুট বুট ৱাড্রবতে এৰি সামান্য বস্ত্রৰে একেজাপে বাহিৰত এৰি ঘৰ বাৰ।
আটাইৰে মনত কলৈ যাও গোপাল কলৈ যাও কৃপাল
কোনোমতেহে যেনিবা নহ’লগৈ নেপাল।”

(চবেই ভুমিকম্পক আপডেটাই লাইক বুটলিছে আমিও পিছ পৰি থাকো কিয়। সেয়ে ময়ো আপডেটালো বাপ্পেকে। লগতে ইম্ফলত প্রাণ হেৰুৱা সকলৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনালো।)

Top of Form

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

ভূইকঁপৰ ওপৰত লিখা এই লিখনিটি সচাকে বিৰাট সোৱাদ লগা হৈছে ।
এই লিখনিয়ে বাৰুকৈয়ে হাঁহিৰ ৰহঘৰা যোগাব পাৰিছে । বহুদিনৰ মূৰত এনে লিখনি পঢি বিৰাট মজা পাইছো। হাঁহিহাঁহি চকুপানী ওলাই গৈছে
পা ই । আগলৈও এনে লিখনি পঢিবলৈ আশা থাকিল । ভূইকঁপ আহিলে সচৰাচৰ এনে ধৰনে ঘটা কাণ্ড বোৰ যে ইমান ৰসাল ভাষাত প্ৰকাশ কৰিচে সেয়ে ভাল লাগিছে । লগতে লিখকে সকলোকে ভৱিষ্যতে সাজু থাকিবলোই উপদেশ দিয়াটোও ভাল হৈছে ।

Copying is Prohibited!