বিহুৰ বতৰা (-নৱনীতা বৰ্মন)

 
আকৌ নঙলামুখত হেপাহঁৰ ৰঙালী বিহুটি৷ বিহুটো আহিলেই কুলি কেতেকীৰ সুমধুৰ মাত; ঢোলপেপাঁৰ শব্দ; হিয়াৰ নিভৃত কোনৰ পৰা ওলোৱা বিহুনামেৰে চৌদিশ ৰজন্‌জনাই যায়৷ আচলতে বিহুটি যেন আগতে প্ৰাণপাই উঠিছিল কোনোবা শিপিনীৰ নিজৰ প্ৰিয়জনৰ বাবে মৰমৰ দীঘ দি চেনেহৰ বাণিৰে বোৱা গামোচাখনত; তাতঁশালৰ খিটখিটনিত; আইতা বৰমাহতঁৰ ঢেকীঁৰ চাবত৷ কিন্তু এতিয়া সময়ৰ ঢামখুমীয়াত সতকাই বিৰ্তকই লগ নেৰা …কেতিয়াবা যদি চান্দা বিৰ্তক কেতিয়াবা আকৌ বিহুকমিটিৰ একপক্ষীয় নীতি (ধূতী বিৰ্তকইটো এতিয়া চচিয়েল মিডিয়াৰ আকাশ বতাহ কপাই থকা এই বিৰ্তকৰ কথা নকলোৱে বা) আমাৰ যেন বাপতিসাহোন বিহুটোৱো সাৰি নগ’ল৷ এতিয়া বিহুৰ বতৰা আনে চেনেলকেইটাই; ঠায়ে ঠায়ে পতা বিহুৰ কৰ্মশলা কেইখনে অথবা হকে বিহকে চান্দা লোৱা বিহু কমিটিৰ লাখটকীয়া পেন্দল কেইখনে৷ কিন্তু ইমানৰ পিছতো বাৰে বাৰে বিহুক বিৰ্তকৰ সৈতে কিয় সাঙুৰা হয়৷
????????????????????????????????????
কেৱল বিহু কমিটিসমূহৰ একপক্ষীয় নীতি বা সকলোৰে হাৰ্টথ্ৰব জনপ্ৰিয় গায়ক জুবিনৰ একপক্ষীয় সিন্ধান্তই বা ৰাতি দুপৰনিশালৈ লাখ লাখ টকা মাননি লৈ নিভাঁজ বিহুৰ ঠাইত কী ব’ৰ্ড পেদ দ্ৰামচেট বজাই বিহ গোৱা গায়ক কেইজন; লিপষ্টিক, দীঘল ৰঙা ব্লাউজ বা হাতত মেহেন্দীৰে হাত বোলোৱা নাচনী কেইগৰাকী; কাগজৰ এপিঠিত লিখি অনা ডাঙৰ ডাঙৰ প্ৰশ্নৰে নাচনীক বিহুসম্ৰাজ্ঞী প্ৰতিযোগিতাত ব্যতিব্যস্ত কৰা নিৰ্বাচকসকল বা ৰাতিবাৰটাৰ পিছত বিহু বিহু হৈ নথকা পৰিৱেশ সৃষ্টি কৰা এচাম দৰ্শক যাক হয়তো ঘৰলৈওভতাৰ সময়তো সাৰথিৰ প্ৰয়োজন হয় সেইসকলে জানো অকলে সংস্কৃতি বা বিহুক বিজতৰীয়া হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব? ইয়াৰ কাৰণে প্ৰয়োজন সকলোৰে সমূহীয়া প্ৰচেষ্টা৷ কাৰন আমি জানো যে সভ্যতাৰ বিবৰ্তনৰ প্ৰতিফলনেই সংস্কৃতি৷ বিৰ্বতনক আমি স্বীকাৰ কৰিবই লাগিব৷ আমি বিৰ্বতনৰ এই উত্তৰণক সৰ্বতো মুখী কৰি তুলিব লাগিব কিন্তু বিকৃত যাতে নহ’য় সেয়াহে আমাৰএতিয়া মূল লক্ষ্য হোৱা উচিত৷ এতিয়া মঞ্চত যাতে অপসংস্কৃতিয়ে বাহ ল’ব নোৱাৰে তাৰ বাবেহে জনমত গঠন কৰা উচিত৷ সেয়ে মোৰ অনুভৱেৰে বিহুক বিৰ্তকৰ লগত সাঙুৰি নলৈ সকলোৱে মাৰ্জিত পোছাক পৰিধান কৰি গায়ক ৰাইজ দৰ্শক বিহু কমিটি সকলোৱে নিৰ্বিঘ্নে অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে বিহু নাচ গানৰ অনুষ্ঠানক শুদ্ধ ভাবে জীয়াই ৰখাৰ প্ৰবল মানসিকতা যদি আধুনিক সমাজত গঢ় লৈ উঠে তেতিয়া বিহুৰ নিশ্চয় উচিত মূল্যায়ন হ’ব৷
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!