হু ইজ‌…………… (- দ্বীজেন্দ্ৰনাথ শৰ্মা)

 
কেইটামান প্ৰশ্নৰ উদয় হৈছে মনত।
আজি-কালি অসমত “হু ইজ”ৰ বিশেষ কদৰ।
“হু ইজ” অমুকৰ পৰা “হু ইজ” ভহুকলৈ। “হু ইজ”ক লৈ লাখটকীয়া প্ৰশ্নটো কিন্তুসাংঘাটিক। ঢাকি ঢুকি নেদেখা ভাওঁ জুৰি চলি যাব পৰা পৰিস্থিতি এটা মোটা-মুটিবিৰাজ কৰি আছে ‌যদিও, প্ৰশ্নটোৱে কিন্তু মনৰ নিভৃত কোণক খুন্দিয়াই থাকে।প্ৰশ্নটো হ’ল “হু ইজ আসামিজ?” প্ৰশ্নটোৱে কেতিয়াবা আজব আজব লাগে। লাগিলেও বহুচৰ্চিত প্ৰশ্ন। উদয়ো হয় বাৰে বাৰে। এই প্ৰশ্নটো মনলৈ আহিলেই জানিবলৈ আগ্ৰহ জন্মে যে কেতিয়াবা বাৰু “হু ইজ বেংগলী”, “হু ইজ বিহাৰী”, “হু ইজ পাঞ্জাবী”, “হু ইজ গুজৰাটী” জাতীয় প্ৰশ্নৰ উত্থাপিত হৈছে নে নাই? হৈছে চাগে। ‌যদি হৈছিল, তেওঁলোকে বা এনেকুৱা প্ৰশ্নৰ সমাধান কেনেকৈ কৰিছিল, সেইটো জানিবলৈ জিজ্ঞাসা জন্মে। এইটোও অৱশ্যে সঠিককৈ নাজানো যে বিহাৰৰ বাসিন্দাকে বিহাৰী কয় নে নকয় বা গুজৰাটী ভাষা-ভাষীসকলকহে গুজৰাটী কোৱা হয়‍, নে গুজৰাটৰ বাসিন্দা মানেই গুজৰাটী। এসময়ত সাতভনীৰ দেশ অসম নামেৰেই পৰিচিত আছিল। তেতিয়া তেওঁলোক অসমীয়া আছিল নে নাই সেইটোও নাজানো আৰু এতিয়া ভাগ বটোৰোৱাৰ পিছত অসমীয়া হয় নে নহয় সেইটো এটা কঠিন প্ৰশ্ন।
assa
তেনেদৰে‍, মাজে মাজে বিতৰ্কত সোমাই পৰা জাতীয় পোচাক বা জাতীয় উত্সৱক লৈও বৰ কৌতুহল জন্মে। কুকুৰে কাঁইট নোখোৱা গালি পৰিলেও সুধিবৰ মনযায়, সংজ্ঞা বিচৰি হাবাথুৰি খাব লগিয়া হোৱা জাতিৰ কিবা জাতীয় পোচাক থাকিবপাৰে নেকি? বা জাতীয় উত্সৱৰ ক্ষেত্ৰতো একেই প্ৰশ্ন এটাৰ উমমুকনি উঠি যায়।উত্তৰ পূৰ্বাঞ্চল অসম হৈ থাকোতে বিহু সেইখন অসমৰ জাতীয় উত্সৱ আছিল নে নাই? আজি খণ্ডিত অসমৰ সেইবোৰ অঞ্চলত বিহু জাতীয় উত্সৱ হয় নে নহয় সেয়াও এক প্ৰশ্ন? বিহু বাৰু কৃষি উত্সৱ আৰু প্ৰায় প্ৰতিটো জনগোষ্ঠীয়ে নিজস্ব ঠাচত বিহু পালন কৰে। সেইফালৰ পৰা বিহুৰ সাৰ্বজনীনতা নথকা বুলি কোৱাৰ দুঃসাহস নাই। কিন্তু বৰ্তমান যিটো ৰূপত বিহু প্ৰজেক্ট কৰা হয় সেইটো ৰূপতো বিহুক জাতীয় উত্সৱ হিচাবে মানি লোৱাত কিবা অসুবিধাও থাকিব পাৰে নেকি?
এই বিলাক প্ৰশ্নৰ উকমুকনিহে কোনো সিদ্ধান্ত নহয়। প্ৰশ্নকেইটাই কাৰোবাক আঘাত দিলেও মনত উকমুকাই থাকিব দিয়াতকৈ মেলি দিলোঁ। জাতি এটাৰ বাবে সংজ্ঞা নিৰ্ণয় নিতান্তই জৰুৰী নে? জাতীয় সুৰক্ষা কবচৰ বাবে হেনো সংজ্ঞা নিৰূপন কৰিব লাগে। প্ৰশ্নহয়, কোনে নিৰূপন কৰিব? আন এটা প্ৰশ্ন, কোনে দিয়া সংজ্ঞা কোনে মানি ল’ব? তাতকৈ ডাঙৰ প্ৰশ্ন, কেতিয়াবালৈ যদি অসমীয়া কোন নিৰূপিত হয়ো, সেই জাতিটোৰ বাবে পূৰ্ব নিৰ্ধাৰিত (সংজ্ঞা নিৰূপনৰ আগতে নিৰ্ধাৰিত) উত্সৱ এটা জাতীয় উত্সৱ বিবেচিত হবনে? নে সংজ্ঞা নিৰূপনৰ ক্ষেত্ৰত এইটো প্ৰখম চৰ্ত ৰখা হ’ব যে অসমীয়া সংজ্ঞাভূক্ত হ’ব লাগিলে, বিহুক জাতীয় উত্সৱ বুলি মানি ল’বই লাগিব আৰু এইটো প্ৰধান চৰ্ত হিচাবে ৰখা হ’ব? প্ৰশ্নকেইটাত আপুনি ভৱাৰ দৰে মূৰ্খামিৰ চাপ থকাটো একো আচৰিত কথা নহয়। কিন্তু এই প্ৰশ্নকেইটাই উকমূকনি তোলাটোতো বিশেষ আচৰিত হ’ব লগা নাই। জাতীয় উত্সৱ বুলি কোৱা হোৱা এই কৃষি উত্সৱটোৰ উদযাপন কৰা বৰ্তমানৰ ৰঙচঙীয়া ৰূপটো চাই ঠাৱৰ কৰা প্ৰায় কঠিনেই হৈছে যে একালত এইটো কৃষিভিত্তিক উত্সৱ আছিল। কিছুমানে কয় বিহু বোলে বিকৃত হ’ল- “হু ইজ হি?” বিহুক বোলে শুচি কৰি ৰাখিবলৈ  কোনোবাই লেকাম লগাব- “হু ইজ হি?”। আৰে ভাই প্ৰথমতে আমি নাজানোৱে-“হু ইজ আসামিজ”, “হু ইজ হি?” বোৰ বহুত পিছৰ বস্তু। এইখিনি এজন অসমীয়াভাষী (সংজ্ঞা নিৰূপিত নোহোৱালৈ অসমীয়া বুলিকোৱাতকৈ অসমীয়াভাষী বুলি কৈহে স্বাচ্ছন্দ্য অনুভৱ কৰিছোঁ) হিচাবে অনুভৱ কৰা কথা। অনৰ্থক চিন্তাও হয়তো হ’ব পাৰে। কথাখিনিয়ে কাৰোবাৰ মনত আঘাত দিলে তাৰবাবে আগতীয়া ক্ষমা প্ৰাৰ্থনাৰে।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!