ভিক্ষাৰী-( নিয়ৰ পাৰ্থ প্ৰতীম বুজৰবৰুৱা)

ভিক্ষাৰী
– নিয়ৰ পাৰ্থ প্ৰতীম বুজৰবৰুৱা

“অ’ মা মা শুনাছোন, চোৱা কোন আহিছে। আন্টী এজনীয়ে তোমাক বিছাৰি আহিছে।” – বাৰান্দাত খেলি থকা টিকলুয়ে দৌৰি গৈ মাকক ক’লে।
জয়া- “ কোননো আহিছে অ’ এই দুপৰীয়াখন। যোৱাচোন বহিবলৈ কোৱাগৈ, মই গৈ আছোঁ।”
“নাহে মা ভিতৰলৈ। ভুউউউউউউউউউউউউউউ………।” – টিকলুয়ে তাৰ খেলা গাড়ীখন লৈ বাহিৰলৈ লৰ মাৰিলে খেলিব।
জয়াই পাকঘৰৰ পৰা গেছটো বন্ধ কৰি দৌৰা দৌৰিকৈ বাহিৰলৈ ওলাই আহিল কোন আহিছে চাবলৈ বুলি। আহি দেখে বাৰান্দাত আদহীয়া মানুহ এগৰাকী থিয় হৈ আছে ভিক্ষা খুজিবৰ কাৰণে। দেখিয়ে জয়াই মুখখন কোঁচাই দিলে- “ ধেইই! কি লাগে এই দুপৰীয়াখন? এতিয়া একো দিব নোৱাৰোঁদেই, ভাত ৰান্ধি আছোঁ মই। পিছত আহিবা।”
“বাইদেউ বহুত দূৰৰ পৰা আহিছোঁ। কিবা এটা দিয়ক। সৰু ল’ৰাটোৰ জ্বৰ দুদিনৰ পৰা। অলপ পইছা যোগাৰ হ’লে দৰৱ কেইটামান আনিব পাৰিম।”- জয়াৰ মুখৰ অভিব্যক্তি দেখিও মানুহজনীয়ে বৰ আশাৰে জয়াক কথাখিনি ক’লে।
“নোৱাৰোঁ বুলি কৈছোঁনে এতিয়া? আজি বৃহস্পতিবাৰ, আজি একো দিব নোৱাৰোঁ। লাজ নালাগে তহঁতৰ, ডেকা মানুহ একোটায়ো ভিক্ষা খুজিবলৈ আহিব। পালিব নোৱাৰ যদি ল’ৰা-ছোৱালী জন্ম দিয় কেলেই? – কথাখিনি কৈয়েই জয়াই টিকলুক ভিতৰলৈ লৈ গ’ল।
ভিক্ষা খুজিবলৈ অহা মানুহজনীয়ে অলপ সময় টিকলুয়ে খেলি থকা গাড়ীখনলৈ চাই থাকি দুখ মনেৰে উঠি গ’ল।

দুপৰীয়া জয়া আৰু টিকলু ভাত খাবলৈ বহিল। মাকে টিকলুৰ ভাতকেইটা সানি দি আছে।
জয়া- বাবা মুনু, তুমি কিন্তু অহা বৃহষ্পতিবাৰে আমাৰ ইয়াত যে ফাংচনখন হ’ব তাত ডান্স কৰিব লাগিব ধুনুকে। হ’বনে?
টিকলু- অ’ মা তাত বহুত মানুহ হ’ব ন’?
জয়া- অ’ বহুত মানুহ হ’ব। তাত ভালকে ডান্স কৰিবা দেই! তেতিয়াহে সকলোৱে তোমাক বাহ্ বাহ্ বুলি ক’ব। আজিৰ পৰা লিনী বা আহিব, তাইৰ লগত ভালকে প্রেকটিছ কৰিবা হা মুনু।
টিকলু- অ’ মা, দুপৰীয়া যে আণ্টীজনী আহিছিল, তুমি কিয় গালি পাৰিছা তেওঁক?
জয়া- সেইবিলাক ভাল মানুহ নহয় অ’। সেইবিলাকক মাতিবই নালাগে। সিহঁতে সৰু ল’ৰা-ছোৱালী পালে ধৰি লৈ যায়।
টিকলু- কিয়নো হ’ব! তেওঁ পইছা খুজিবলৈহে আহিছিল। মাতু বাহতঁৰ বৰমাই তেওঁক চাউল দিছে জানা? তুমিওতো দিব পাৰিলাহেঁতেন!
জয়া- ভিক্ষা খোজাটো কিবা ভাল কথা নেকি? মানুহে কাম কৰিহে পইছা ল’ব লাগে। এইবিলাক বেয়া কাম কাৰণে মই তাইক খেদি দিলোঁ। সেইবিলাক বাদ দিয়া এতিয়া। তুমি কোনটো গানত ডান্স কৰিবা কোৱাচোন! ফার্ষ্ট প্রাইজটো আনিব লাগিব কিন্তু। তেতিয়া তোমাক আমি একোলেণ্ডলৈ লৈ যাম এইবাৰ।
টিকলু- অ’ মা, এবাৰ যে দেউতা নাথাকোতে মোৰ বেমাৰ হৈছিল, তেতিয়াতো তুমিও মাতু বাহতঁৰ বৰমাৰ পৰা পইছা লৈ মোক ডাক্তৰক দেখুৱাইছিলা। তেন্তে আণ্টীক কিয় নিদিলা তুমি? বেয়া পাইছোঁ মই।
“ধেৎ এইডাল, দিনে দিনে বেছি কথা কোৱা হৈছা। ৰ’বা আজি স্কুলৰ ডায়েৰীত লিখি দিম মাকৰ লগত কাজিয়া কৰা বুলি। – জয়াই খঙতে টিকলুক ভাত খুৱাই দিয়াৰ পৰা উঠি আহিল।
………………………………………………

সন্ধিয়া সাংস্কৃতিক সন্ধিয়াখনৰ সমিতিৰ মানুহকেইজনমান আহিল। জয়াই তেওঁলোকক ড্রয়িং ৰূমত বহিবলৈ দি চাহ বাকিবলৈ পাকঘৰলৈ গ’ল। টিকলুৰ দেউতাক মানবে তেওঁলোকৰ লগত বহি কথা পাতিবলৈ আৰম্ভ কৰিলে।
“দাস, এইবাৰ বৰঙনিটো অলপ বেছিকে উঠাইছোঁ। ভাল আর্টিষ্ট মাতিছোঁ দুজন। আপুনিটো জানেই আৰু…হেহ হেহ হেহ…।”- সম্পাদক কলিতাই মানব দাসক উদ্দেশ্যি কথাখিনি ক’লে।
“আপোনালোককনো কোনবাৰ কমকে দিওঁহে? মোকে ঢিলা পাই সদায় ধৰি থাকে ন’?”
“হেহ হে… সেইটো কথা নহয় দিয়কচোন! আপোনাকনো আমাৰ ইয়াত কোনে নাজানে। আপোনাৰ ভাল নাম এটা আছেই। তাতে দাতাকেইজনৰ নাম আমি স্মৃতিগ্রন্থখনত দিম যাতে আপোনাৰো এটা সন্মানৰ কথা আছে দিয়কচোন!”
এনেতে জয়াই সকলোৰে বাবে চাহ লৈ আহিল। মাজৰ টেবলখনত সকলোৰে কাৰণে চাহ সজাই দিলে। – “চাহ খাওক দেই!”
-“এহ চাহনো কিয় আনিব লাগিলনো! আমি খায়েই আহিছিলোঁ।”
“অ হেৰি নহয় বৌ, এইবাৰ আমাৰ মুখ্য গায়কজনক আপুনিয়ে সম্বর্ধনা জনাব লাগিব কিন্তু! আমি আপোনাৰ কথাই ভাবি আছিলোঁ।”- ডেকা সাংস্কৃতিক সম্পাদকজনে জয়াৰ ফালে চাই কথাখিনি ক’লে।
“ইছ ৰাম, মোকেনো পালানে এইবোৰ কৰিবলৈ? বেলেগ কাৰোবাক ক’বাহে।”- ভিতৰি ভিতৰি খুব ভাল লাগিছে যদিও তেনে এটা ভাব নেদেখুৱাই জয়াই কথাখিনি ক’লে।
“নাই নাই। আপুনিয়ে আঁত ধৰিব লাগিব সম্বর্ধনা অনুষ্ঠানটো।”- সকলোৱে একেলগে হয়ভৰ দিলে কথাটোত।
“অ আমাৰ টিকলুয়ে এইবাৰ আপোনালোকৰ ডান্স কম্পিটিছনত ভাগ ল’ম বুলি কৈছে। গতিকে অলপ সহায় কৰি দিব লাগিব আপোনালোকে।”- জয়াই খুব উৎসাহেৰে কথাখিনি ক’লে।
“অ বঢ়িয়া কথা দেখোন দাস। আপোনাৰ ল’ৰাই ভাগ ললে ফার্ষ্ট প্রাইজটো পাবই দেখোন সি। গতিকে আপুনি অলপ বঢ়াইহে দিব লাগে দাস।”- সম্পাদকজনে হাঁহি হাঁহি মানবক কথাখিনি ক’লে।
“হ’ব হ’ব দিম বাৰু। আপোনালোকে চাই দিব আৰু।”- মানবে পার্চৰ পৰা টকা পাঁচ হেজাৰ উলিয়াই সম্পাদকজনক দিলে।
………………………………………………………

মানুহখিনি যোৱাৰ পিছত জয়া পাকঘৰলৈ গ’ল ভাত ৰান্ধিবলৈ। মানবে পানী খাবলৈ বুলি ফিল্টাৰটো খুলি বটলটো তলত লৈ জয়াৰ ফালে চাই ক’লে-
“এইবিলাক চাল্লা একেই। সব ভিক্ষাৰী। ইহঁতে মাত্র ষ্টাইলত পইছা খুজিব জানে। বছৰটোত যে কেইবাৰ পইছা নিয়ে, কেইবাৰ ফাংচন পাতে!”
জয়া- “তেনেকৈ কিয় কোৱানো? আমাক ভাল পাই কাৰণেহে আমাৰ পৰা বেছিকৈ নিয়ে। আৰু আমাৰ টিকলুয়ে কিবা এটাত জইন কৰিলেই যে ফার্ষ্ট প্রাইজটো দিয়েই সিহঁতে।”……………………

টিকলু তাৰ ৰুমত ডাঙৰ ডাঙৰকৈ মহৎলোকৰ বচন পঢ়াত ব্যাস্ত-
কষ্ট কৰিলেহে ৰত্ন পাবা।
দুখীয়াক সহায় কৰিবা।
অসৎ পথেৰে অর্জা ধন, নৰকত পাবা স্থান।
———————————-

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!