নপুংসক-(উদয় সেনাপতি)

নপুংসক
(এক মিনিটৰ গল্প)

-উদয় সেনাপতি

মানুহৰ ভিৰ ফালি; মইও ‘পকেটমাৰ’টোক, চৰ দুটামান দি থৈ আহিলোগৈ। চাল্লা…, চোৰ, দগাবাজ, দেশদ্ৰোহি। এই চবৰ বাবেই দেশখন ৰসাতলে গ’ল। মৰিয়াই মাৰিব লাগে এইসোপাক। তাৰ পিছত বজাৰ-সমাৰ কৰি ঘৰলৈ উভতি আহি আছোঁ। দূৰত দেখিলো, সন্মুখৰ ফালৰ পৰা আহি আছে ‘ৰিটায়াৰ্ড’ অফিচাৰ শ্ৰী যুত পি. কে. দত্ত, …’ইভিনিং ৱাক’ কৰিবলৈ। এওঁ কিন্তু কম বস্তু নহয় দেই। চোৰৰ বাপেক…। চাকৰি কালত, যিমান পাৰি সিমান ‘ক’লাধন’ গোটালে। এতিয়া ৰাজনৈতিক দলৰ সক্ৰিয় কৰ্মী, ‘সমাজসেৱক’। মোৰ চকুৰ সন্মুখত ‘পকেটমাৰ’টোৰ মুখখন জিলিকি উঠিল। চব ফালে চোৰ, “সৰু চোৰ – বৰ চোৰ”। দেশখন বৰবাদ কৰি দিলে এইসোপাই। আজি এনেও মূৰটো গৰম হৈ আছে, ইয়াকো দুচাটমান…!

শ্ৰী দত্ত ডাঙৰীয়া আহি মোৰ কাষেই পালেহি। নিজে কব নোৱাৰাকৈয়ে মুখৰ পৰা ওলাই গ’ল…,”ছাৰ, ভালনে…??”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!