বোধন (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

ষষ্ঠী….
বেলবৰণৰ ঠিক আগে আগে হঠাতে উত্তৰাৰ বিষটো আৰম্ভ হৈছিল৷ আচলতে ডাক্তৰে দিয়া তাৰিখটোতকৈ প্ৰায় দুসপ্তাহ আগেয়ে আহিছিল দিনটো৷

উত্তৰাই অস্পষ্টকৈ দেখিছিল নাৰ্ছগৰাকীয়ে হাতত আলফুলে লৈ তাইলৈ আগবঢ়াই দিয়া কেঁচুৱাটো৷

‘ল’ৰা.. দুৰ্গাদেৱীৰ লগে লগে কাৰ্তিকো আহিল.. একেবাৰে কাৰ্ত্তিকৰ দৰে ধুনীয়া হ’ব…’৷ উত্তৰাই কঁপা কঁপা হাতখনেৰে স্পৰ্শ কৰিছিল তাৰ এটি আঙুলি৷ মায়াৱী এক পৰশ! ওচৰৰ দুৰ্গাপূজা থলীৰ পৰা ভাঁহি আহিছিল শংখ-ঘণ্টা-ডবাৰ শব্দ৷ বোধকৰো প্ৰতিমা স্থাপন কৰা হ’ল- অনুভৱ কৰিছিল উত্তৰাই৷

সপ্তমী…
হয়, সেইদিনা সপ্তমীয়েই আছিল৷ ঘৰৰ ওচৰৰ পূজাখনলৈ উত্তৰা গৈছিল বুবুক লৈ৷ হাইস্কুলত নাম লগাইছিল সেইবাৰ সি৷ বুবুৱে পিষ্টল দেখিলে ভয় কৰিছিল৷ বেলুন ফুটাৰ শব্দত কাণত হেঁচা মাৰি ধৰিছিল সি৷
উত্তৰাই কলেজৰ শিক্ষাগুৰু এগৰাকীক লগ পাইছিল তাতেই৷ বুবুৱে তেওঁৰ ভৰি চুই সেৱা কৰিছিল৷

‘বৰ ধুনীয়াকৈ গঢ় দিছা দেই উত্তৰা ল’ৰাটোক৷ ভাল হ’ব তাৰ…’৷ উজলি উঠিছিল উত্তৰাৰ দুচকু৷

অষ্টমী….
প্ৰথমবাৰৰ বাবে বুবুৱে সেইবাৰ ৰাতি অকলে পূজা চাবলৈ গৈছিল লগৰবোৰৰ লগত অষ্টমীৰ দিনা৷ মনত আছে উত্তৰাৰ৷ তাই ‘না’ কৈছিল প্ৰথমতে৷ সি জেদ ধৰিছিল-‘কলেজত ভৰি দিয়া সি জনা-বুজা ল’ৰা তেতিয়া’৷

ৰাতি এঘাৰমান বজাত বুবু আহিছিল৷

‘কিহৰ গোন্ধ তোৰ গাৰ পৰা? কি খাই আহিছ তই?’- উত্তৰাই চিঞৰিছিল৷ গিৰীয়েকে উধাতু খাই আহিছিল চিঞৰ শুনি৷

বুবুৱে জেদ ধৰিছিল- তাক বাইক লাগে৷ লগৰ আটাইৰে আছে বাইক-স্কুটাৰ, অকল সিহে চাইকেল চলাই ঘূৰে৷ লাজ পায় সি৷ খঙ আৰু দুখত সি বিয়েৰ খাই আহিছে৷

উত্তৰাৰ গিৰীয়েকে বুজাবলৈ চেষ্টা কৰিছিল তাক৷ সি শুনিবলৈ ইচ্ছা কৰা নাছিল৷ তেওঁক গতিয়াই সি বাহিৰলৈ ওলাই গৈছিল৷ কৰ্ফাল খাই পৰি ৰৈছিল উত্তৰাৰ গিৰীয়েক৷ উন্মাদপ্ৰায় হৈছিল উত্তৰা৷
….আৰু সেয়াই আছিল আৰম্ভণি!

কালি নৱমী…

কালি বুবুৰ জন্মদিন আছিল৷ তেইশবছৰীয়া জন্মদিন৷ এইবাৰ নৱমীৰ দিনা পৰিছে তাৰ জন্মতিথি৷ ঘৰখনত আজিকালি সন্ধিয়াৰে পৰা বিৰাজ কৰে মৰিশালিৰ নিস্তব্ধতা৷

ৰাতি দোভাগত বুবু আহিল৷ লগত ছোৱালী এজনী৷

‘মোৰ লগৰ, হোষ্টেলত থাকে৷ হোষ্টেল বন্ধ হ’ল, ঘৰলৈ যাব নোৱাৰিলে৷ আজি ইয়াতে থাকিব’- কৈয়েই বুবুৱে তাইক লৈ নিজৰ ৰুমত সোমাল৷ উত্তৰা হতবাক হ’ল৷ এটি উজাগৰী নিশাৰ অপেক্ষাত ৰ’ল উত্তৰা৷ বুবুৰ ৰুমৰপৰা ভাঁহি অহা অস্ফূট শব্দ কিছুমানে নিজৰ উদৰটোৰ প্ৰতিয়ে ঘৃণাৰ জন্ম দিলে উত্তৰাৰ৷ দুচকুৰে পানীৰ ঢল বোৱাই চিন্তা কৰিলে-বুবুক গঢ় দিয়াত ক’ত ভুল হৈ গ’ল!

মাজৰাতি বুবু আৰু ছোৱালীগৰাকীৰ কথা কটা-কটি, চিঞৰ শুনি লৰি গ’ল উত্তৰা৷ বিশৃংখল বুবুৰ কোঠা৷ চিৰিঞ্জ দুই-এটা পৰি আছে মজিয়াত, লগত ৰঙীণ পেকেট৷ উত্তৰাই আৰু চাই থাকিব নোৱাৰিলে৷

‘চাল্লা হাৰামী, পাঁচহাজাৰ দিম বুলি কৈ এতিয়া এহেজাৰ টকা উলিয়াইছে৷.. নিচা কৰি নিজৰে বেলেঞ্চ নাই আৰু এতিয়া মোক ক’বলৈ আহিছে ‘ছেটিছফাই’ কৰিব নোৱাৰিলোঁ… চাল্লা৷’

আজি দশমী-

কালিৰ ৰাতিৰে পৰা উত্তৰাৰ গিৰীয়েক বিছনাত৷ হাই বিপি৷ উত্তৰা আবেলি বুবুৰ কোঠাটোলৈ সোমাই গ’ল৷ বুবু তেতিয়াও ঘোৰ নিদ্ৰাত৷ উত্তৰা তাৰ কাষতে বহিল৷ ৰঙা পৰিছে তাৰ মুখখন৷ বহুদিন ধৰি নুখুৰোৱা ডাড়ি৷ চেলাউৰিৰ কাষত ৰিং দুটামান জিলিকি আছে৷ তাৰ ঘন ঘন উশাহৰ লগে লগে নাকৰ পাহি দুটি ফুলি উঠিছে৷
উত্তৰাই হিচাপ এটি কৰিলে মনতে, কিমান সময় উশাহ নোলোৱাকৈ বুবুক ৰাখিব পাৰিলে সি আঁতৰি যাব তেওঁলোকৰ কাষৰ পৰা৷ এখন হাতেৰে নাকত আৰু আনখন হাতেৰে মুখত…..। ওচৰৰ পূজাথলীৰ পৰা দুৰ্গা বন্দনা আহি কাণত পৰিল উত্তৰাৰ৷ বোধকৰো বিজয়া দশমীৰ নাটিকাখনৰ অন্তিম দৃশ্য৷ আৰম্ভ হৈছে দুৰ্গা নৃত্য৷ ক্ষন্তেক পিছতে দেৱী দুৰ্গাই বধ কৰিব মহিষাসুৰক৷ শংখ-বৰকাঁহৰ শব্দই কঁপাই তুলিছে চৌপাশ৷

…উত্তৰাই বুবুৰ মুখখনলৈ কঁপা কঁপা হাতদুখন আগুৱাই লৈ গ’ল ধীৰে ধীৰে!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!