বিষয়: : যৌনতা (আৰহান ইনামূল)

এখন ছবি: : —
আজি দুবছৰমানৰ আগতে এখন চুটি ছবি চাইছিলোঁ, ছবিখনৰ কাহিনী ভাগ কেন্দ্ৰ কৰিছিল গাঁৱৰ পৰা গৈ কৰ্মসূত্ৰে এখন মেট্ৰ’ত গৈ থিতাপি লোৱা এজন যুৱকক লৈ, ছবিখনৰ প্ৰথমাৱস্থাত যুৱকজনক এজন আদৰ্শ পুত্ৰ আৰু ভাৰতীয় নৈতিকতা পদে পদে অনুসৰণ কৰা সংযমী পুৰুষ হিচাপে উপস্থাপন কৰা হৈছে, মূল কাহিনীভাগ এনে আছিল, তেওঁ চহৰত বাস কৰি থকা ভাৰাঘৰটোত তেওঁৰ কাষৰ ৰুমটোত এটা নিশাত কেইজনমান ডেকাই ব্লু-ফিল্ম চাই আছে, আৰু বেৰখন ভেদি সেই ব্লু-ফিল্মৰ উত্তেজক চিৎকাৰ তেওঁৰ কাণত পৰিছেহি, প্ৰথমে তেওঁ গাৰুটোৰে কাণত হেঁচা মাৰি সেই শব্দবোৰ নুশুনিবলৈ চেষ্টা কৰে, কিন্তু কিছু সময় পিছত তেওঁ শুই থকাৰ পৰা উঠি বিছনাত বহি লয় আৰু দুহাত যোৰ কৰি হনুমান চালিচা গাবলৈ লয়, তাৰ পিছত আকৌ ভৰি-হাত-মুৰ জোকাৰি শুবলৈ চেষ্টা কৰে, তেতিয়াও কাষৰ কোঠাটোৰ পৰা যৌন উত্তেজক শব্দৰ চিৎকাৰবোৰ আহিয়েই আছে, তেওঁ জোৰেৰে চকুকেইটা মুদিবলৈ চেষ্টা কৰে, কিন্তু এইবাৰ তেওঁৰ চকুত এখন এখন শ্লাইডৰ দৰে পাৰ হৈ যায় তেওঁ কৈশোৰ হৈ থাকোঁতে গাঁৱৰ নৈৰ পাৰত চকামকাকৈ দেখা পোৱা গা ধুই থকা নাৰীৰ দেহ, সদায়েই কৰ্মথলীলৈ যাওঁতে ৰাস্তাৰ কাষত দেখা এখন ব্যৱসায়িক হৰ্ডিং, য’ত এগৰাকী সুন্দৰী যুৱতী যৌন উত্তেজক ভংগিমাত ৰৈ আছে দেহৰ অৰ্ধাংশ প্ৰদৰ্শন কৰি, তাৰ পিছতে তেওঁৰ চকুৰ আগেদি পাৰ হৈ যায় তেওঁৰ কেইগৰাকীমান মহিলা সহকৰ্মীৰ অবয়ব, তেওঁ জোৰকৈ নিশ্বাস এটা এৰি এইবাৰ ওপৰমুৱাকৈ শোৱে, চকু কেইটা মেলা অৱস্থাত থাকে, হঠাতে কিবা এটা চিন্তা কৰি তেওঁ বিছনাখনৰ পৰা উঠে আৰু কাষৰ কোঠাটোৰ ভিতৰভাগ দেখা পোৱা জলঙা এটাইদি জুমি চাবলৈ চেষ্টা কৰে, সেই জলঙাইদি তেওঁ কোনোমতে কাষৰ কোঠাটোত ব্লু-ফিল্ম চলি থকা টি.ভি.টোৰ স্ক্ৰীণখন দেখা পাই, প্ৰথমতে তেওঁ এবাৰ চায় আঁতৰি আহে আৰু কিছুসময় নিজৰ কোঠাটোত পাইচাৰি কৰি পুনঃ জলঙাটোৱেদি জুমি চাবলৈ আৰম্ভ কৰে, এইবাৰ তেওঁ চকু ঘূৰাই অনাৰ কোনো আগ্ৰহ নেদেখুৱাই, তাৰ পিছতে এটা লং শ্বটত যুৱকজনে হস্তমৈথুন কৰি থকা দেখুওৱা হয়৷ তাৰ পিছৰ দৃশ্যসমূহ এনে ধৰণৰ যে সেই নিশাটোৰ পিছৰে পৰা তেওঁ বেৰৰ জলঙাইদি নাচায় বাকী বন্ধু সকলৰ লগত বহি পোনপটীয়াকৈ ব্লু-ফিল্ম চাবলৈ লৈছে, তাৰ সমান্তৰালকৈ এগৰাকী মহিলা সহকৰ্মীৰ লগত ঘনিষ্ঠতা বাঢ়ি গৈছে, কিছুদিনৰ পিছত সেই সহকৰ্মী গৰাকী সৈতে তেওঁৰ কোঠাটোতেই অন্তৰংগ ভাবে মিলিত হৈছে আৰু………….. সিমানতেই ছবিখন শেষ হৈছে৷

এটা সত্য ঘটনা: : —
এগৰাকী বিধৱা নাৰী, বয়স ত্ৰিশৰ পৰা পঁয়ত্ৰিশ ভিতৰত হ’ব, এদিন তেওঁৰ বিৰুদ্ধে গাঁওখনৰ সকলো বিজুলী খুঁটা, দোকানৰ বেৰ আৰু ৰাস্তাৰ কাষৰ ডাঙৰ গছ বিলাকত হাতে লিখা পোষ্টাৰ মৰা হ’ল, লিখা হ’ল সেই নাৰীগৰাকী চৰিত্ৰহীনা, কাৰণ তেওঁৰ গাঁৱৰ এগৰাকী যুৱকৰ লগত অবৈধ(? ) সম্পৰ্ক আছে৷ কথাটো সিমানতে অন্ত নপৰিল, নাৰীগৰাকীয়ে সমাজৰ পৰিবেশ অনৈতিকতাৰে বিনষ্ট কৰিছে বুলি গাঁৱৰে অন্য কেইগৰাকীমান সচেতন (! ) নাৰীয়ে সেই বিধৱা গৰাকীক চৰ-কিল শোধাই, চুলি কাটি শাস্তি প্ৰদান কৰে৷ আনহাতে যিগৰাকী যুৱকৰ লগত অবৈধ সম্পৰ্ক আছিল বুলি অভিযোগ আৰোপ কৰা হৈছিল সেই যুৱকক এই বুলি ৰক্ষণাবেক্ষণ দিয়া হ’ল যে সেই বিধৱা নাৰীগৰাকীয়ে প্ৰলোভন দিয়া বাবেহে যুৱকৰ মন পিছলিছিল৷
এটা বাতৰি(? ): : —
আজি কিছুদিন আগতে অসমৰ ইলেকট্ৰনিক মিডিয়াৰ যোগেদি প্ৰচাৰ হোৱা এটা বাতৰি(? ) দেখিলো, বাতৰি(? )টো হ’ল যে উজনি অসমৰ এখন হোটেলৰ কোঠাত এগৰাকী কলেজৰ প্ৰবক্তাক এগৰাকী নাৰীৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ(! ) কৰা হৈছে, বাৰে বাৰে প্ৰবক্তাজনৰ ফালে কেমেৰা জুম কৰি বাতৰি পৰিবেশনকাৰীয়ে চিঞৰিছে “এইজন শিক্ষকক চাওঁক যি এনে অনৈতিক(? ) কাৰ্যত লিপ্ত হৈছে, কি শিক্ষাদান কৰিব এই লম্পট শিক্ষকে? “

কিছু বিশ্লেষণ: : —
ওপৰত উল্লেখ কৰা দৃশ্যপট সমূহ উপৰুৱাকৈ পৰ্যবেক্ষণ কৰি আমাৰ সমাজৰ সৰহসংখ্যককেই সেই যুৱকজনক, বিধৱা নাৰীগৰাকীক অথবা সেই প্ৰবক্তা আৰু তেওঁৰ সহচাৰিণী গৰাকীক পোনচাতেই চৰিত্ৰহীন/ চৰিত্ৰহীনা বুলি অভিহিত কৰিব, যুক্তি হিচাপে কোৱা হ’ব যে এইখন পশ্চিমীয়া সমাজ নহয়, ভাৰতীয় সংস্কৃতি আৰু সভ্যতাই এনে অনৈতিক(? ) কাৰ্যত লিপ্ত হ’বলৈ কেতিয়াও অনুমতি নিদিয়ে৷ কিন্তু মানৱীয় জৈৱিক তাড়না অথবা যৌনতাক এইদৰে পূৰ্বনিৰ্ধাৰিত নীতি সজ্জিত ব্যৱস্থা এটাৰে প্ৰতি পাত্ৰ আৰু প্ৰতি প্ৰেক্ষাপটত বান্ধি ৰখাটো জানো সম্ভৱ, অন্তত মানৱীয় স্তৰত৷ এইখিনিতে উল্লেখ নকৰিলে আধৰুৱা হৈ ৰ’ব যে বহু ভাৰতীয় মহাকাব্যত ঋষি-মুনিৰ পৰা ধৰি দেৱতালৈকে সাধাৰণ মানৱীয় স্তৰতকৈ উৰ্ধত থকা সকলকো যৌনতাৰ ওচৰত হাৰ মানি যোৱাৰ কথা উপস্থাপন কৰা হৈছে৷
এতিয়া ওপৰত উদাহৰণ হিচাপে উল্লেখ কৰা চৰিত্ৰসমূহৰ এক নিকট বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ, চুটি ছবিখনৰ যুৱকজনৰ দেহত, সেই বিধৱা নাৰীগৰাকীৰ দেহত অথবা সেই প্ৰবক্তাৰ দেহত যৌৱন আছে, স্বাভাৱিকতে প্ৰাকৃতিক ভাবে তেওঁলোকৰ দেহত জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াসমূহৰ প্ৰভাৱত যৌন হ’ৰমনৰ ক্ৰিয়া হ’বই, এইখিনিতে বহুতেই ক’ব বিচাৰিব যে নিজে সংযমী হলে আৰু আত্মনিয়ন্ত্ৰণ থাকিলে তেনে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ পৰা নিজকে বাৰণ কৰিব পাৰি, লগতে হয়তো অন্য দহজন আদৰ্শৰ উদাহৰণ দিব যাৰ দেহত যৌৱন থকা স্বত্বেও নিজকে সংযমী কৰি কেতিয়াও তেনে কাৰ্যত লিপ্ত নোহোৱাকৈ ৰাখিছে, কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে সেই দহজনে পাৰিলে বুলিয়েই সেই দৈহিক অথবা জৈৱিক দাবীক সাধাৰণভাৱে সকলোৱেই দমন কৰিব পাৰিবই লাগিব বুলি দাবী কৰাটো যুক্তিসংগত হ’ব নে? ধৰি লোৱা হ’ল যে চুটি ছবিখনৰ যুৱকজন আৰু তেওঁৰ সহকৰ্মী গৰাকী আৰ্থিকভাৱে স্বাৱলম্বী, তেওঁলোক পৰস্পৰৰ অনুমতি সাপেক্ষে আৰু সকলোধৰণৰ স্বাস্থ্যজনিত বৈজ্ঞানিক সাৱধানতা আৰু সচেতনতা অৱলম্বন কৰি যৌন কাৰ্যত লিপ্ত হৈছে একমাত্ৰ একঘেমীয়া জীৱনটোত অলপ যৌন সুখ লোৱাৰ স্বাৰ্থতেই, আৰু তেওঁলোকৰ সেই মিলনৰ উদ্দেশ্য কোনো অবৈধ সন্তান জন্ম দিয়াৰ বাবে নহয় আৰু সেই বিষয়কলৈ দুয়োজন সচেতন, গতিকে তেওঁলোকৰ সেই যৌনসম্পৰ্কৰ পৰা সমাজৰ কি হানি হব পাৰে, একমাত্ৰ পূৰ্বনিৰ্ধাৰিত সংস্কাৰক আঘাতহনাৰ বাদে? সাধাৰণতে আহি পৰা যুক্তি এটা এনে হব যে তেওঁলোক কিয় বিবাহপাশত আৱদ্ধ হৈ নল’লে যদি যৌন সুখ উপভোগ কৰাৰ মানসিকতা আহিছিলেই, কিন্তু যদিহে তেওঁলোকে তেতিয়াই বিবাহৰ কথা ভাবিব নোৱাৰে, আৰু অলপ কৰ্মজীৱনত সুপ্ৰতিষ্ঠিত হৈ ল’ব বিচাৰে, আনহাতেদি কেৱল যৌন সুখ লোৱাৰ স্বাৰ্থতে বিবাহপাশত সোমোৱাটো জানো গ্ৰহণযোগ্য হ’ব?

সেই বিধৱা নাৰীগৰাকীওটো সাধাৰণ এগৰাকী মানৱী, তেওঁৰো নিশ্চয় জৈৱিক তাড়না থাকিব, হ’ব পাৰে অন্য কোনো বিধৱা নাৰীয়ে সমাজৰ ভয়ত নিজকে সংযমী কৰি জীৱনভৰ নিজকে বঞ্চিত কৰি ৰাখিলে মানৱ জীৱনৰ অন্য এক সুখৰ পৰা, কিন্তু সেই সংযম প্ৰতিগৰাকী নাৰীৰ মাজত থাকিব লাগিবই বুলি জানো দাবী কৰিব পাৰি? আনহাতেদি যদিহে সেই বিধৱা নাৰীগৰাকীয়ে কোনো ধৰণৰ সামাজিক বিশৃংখলতা সৃষ্টি নকৰাকৈ যৌন পৰিতৃপ্তি লভে তেন্তে সেয়া জানো শাস্তিযোগ্য অপৰাধ হ’ব?
ধৰাহল সেই প্ৰবক্তাজন আৰু তেওঁৰ প্ৰেয়সী দুয়োজন কৰ্মসূত্ৰে দূৰে দূৰে থাকে, কেইবছৰমান পিছত তেওঁলোক বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে, কৰ্ম জীৱনৰ ধামখুমীয়াৰ মাজতে তেওঁলোক বহুদিনৰ বিৰতিত লগ হোৱাৰ কথা বিবেচনা কৰি এখন হোটেলৰ এটা বন্ধ কোঠাত মিলিত হল, য’ত প্ৰবক্তাজনৰ ছাত্ৰ-ছাত্ৰীয়ে দেখা নাপাই, তেনেস্থলত সেই বন্ধ কোঠাটোৰ ভিতৰলৈ কেমেৰা নি, সেই প্ৰবক্তাজনক লম্পট আখ্যা দিয়াটো জানো নৈতিক হ’ব? মিডিয়াৰ এনে ‘মৰেল প’লিছিং’ জানো গ্ৰহণযোগ্য?
এই লেখাটোৰ যোগেদি অবাধ, বিশৃংখল যৌনতাক উদগনি দিব বিচৰা হোৱা নাই, কাৰণ এই কথা সত্য যে ধৰ্ষণ, যৌন-নিৰ্যাতন, যৌনৰোগ আদিৰ মূলতে হ’ল বিশৃংখল যৌনতা আৰু যৌনতা কেন্দ্ৰিক অপৰাধ প্ৰৱণতা, তথাপিও আজিৰ তাৰিখতো ভাৰতীয় সমাজ ব্যৱস্থাত যৌনতাক যি হীন দৃষ্টিৰে চোৱা হয় আৰু ব্যক্তিস্তৰত দমন কৰি ৰাখিবলৈ চাপ প্ৰয়োগ কৰা হয় সেয়াও কিন্তু গ্ৰহণযোগ্য নহয়৷ যৌনতা মানৱ জীৱনৰ এনে এক আওকাণ কৰিব নোৱাৰা অংশ যে কেৱল পৰ্ণগ্ৰাফী নিষিদ্ধ কৰি অথবা বোৰ্খা পিন্ধাই ইয়াক দমন কৰিবলৈ চেষ্টা কৰাটো এক বাতুলামিৰ বাদে অন্য একো নহয়৷ আমাতকৈ উন্নত পশ্চিমীয়া বহুতো দেশত মুক্ত যৌনতাৰ প্ৰচলন আছে, অৱশ্যে এই মুক্ততাৰ অৰ্থ অবাধ যৌনতা নহয়, এইটো নহয় যে এই দেশবোৰত যৌন-অপৰাধ সংঘটিত নহয়, কিন্তু অৱশ্যেই আমাৰ দেশৰ তুলনাত কম আৰু জন্মৰ হাৰো নিয়ন্ত্ৰিত৷ ভাৰতৰ দৰে দেশত য’ত এতিয়াও জন্মনিৰোধ ব্যৱস্থা অথবা সুৰক্ষিত যৌন সম্পৰ্কৰ ওপৰত প্ৰায়ভাগ জনসাধাৰণৰ পৰ্যাপ্ত জ্ঞান নাই, তেনেস্থলত পশ্চিমীয়া দেশসমূহত যি ধৰণেৰে যৌনতাক গ্ৰহণ কৰা হয় সেই একে ধৰণৰ দৃষ্টিভংগীৰে আমাৰ দেশতো গ্ৰহণ কৰাটো স্বাভাৱিকতেই বিপদজনক হ’ব৷ আমাৰ দেশত যদিও মাধ্যমিক পৰ্যায়তেই যৌন শিক্ষাক বিজ্ঞানৰ পাঠ্যপুথিত অন্তভূক্ত কৰা হৈছে তথাপিও সৰহসংখ্যক বিদ্যালয়তেই কৈশোৰ কাল কেন্দ্ৰিক জটিলতাক বিজ্ঞানসন্মতভাৱে অনুধাৱন কৰি সেই শিক্ষা প্ৰদান কৰা নহয়, অৱশ্যে এই বিষয়ত শিক্ষক সকলক পৰ্যাপ্ত প্ৰশিক্ষণ প্ৰদান কৰাটোও অতি জৰুৰী৷ যৌনতা হল প্ৰকৃতি প্ৰদত্ত এক অনুভৱ, পৰিশীলিত আৰু বিজ্ঞানসন্মতভাৱে যৌনতাৰ উদাৰ গ্ৰহণযোগ্যতাই কেতিয়াও ব্যক্তি জীৱনত অথবা সমাজ জীৱনত ঋণাত্মক প্ৰভাৱ পেলাব নোৱাৰে।

One thought on “বিষয়: : যৌনতা (আৰহান ইনামূল)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!