বৰ বৰ চহৰৰ সৰু সৰু কথা– ইয়েছ নভোটেল – দীপাংকৰ মল্ল বৰুৱা

২০১২ চনৰ কথা৷ মই গুৰগাঁৱত কৰা Executive MBA কোৰ্চটোৰ অংশ হিচাপে আমাৰ দলটোক ইউৰোপৰ কেইখনমান বচা বচা চহৰলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে নিছিল৷ তাৰে এখন চহৰ আছিল পোলেণ্ডৰ পোজনান৷

ৱাৰ্টা নদীৰ পাৰত থকা এই চহৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিদ্ধস্ত হৈ গৈছিল৷ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ হিটলাৰৰ নাজী বাহিনীয়ে চহৰখন অধিকাৰ কৰিছিল আৰু চহৰখনৰ নাগৰিক সকলৰ ওপৰত অমানুষিক অত্যাচাৰ কৰিছিল৷ বহুতো স্থানীয় নাগৰিকৰ হত্যা কৰা হৈছিল আৰু জাৰ্মান সকলৰ আধিপত্য স্থাপন কৰিবলৈ যত্ন কৰা হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত চহৰখনে ককাল পোনাবলৈ আৰম্ভ কৰিছিল আৰু এতিয়া ইউৰোপৰ এখন মুখ্য সাংস্কৃতিক তথা বাণিজ্যিক চহৰ হৈ পৰিছে৷
চহৰখন অতি প্ৰাচীন আৰু কেইবাটাও ধুনীয়া গীৰ্জাঘৰেৰে সুশোভিত৷ খ্ৰিষ্টান সকলৰ বাবে পোজনান তীৰ্থস্থান স্বৰূপ৷
এই ঐতিহাসিক চহৰখনলৈ আমাৰ দলটোৱে এখন বাছত জাৰ্মানীৰ বাৰ্লিন চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ আমাৰ দলটোৰ দায়িত্বত থকা গুডিনো ছাৰে মোক দলপতি পাতিছিল৷ সেয়েহে আমি বাৰ্লিনৰ পৰা সময়মতে পোজনান পাবলৈ যাতে কোনো অসুবিধা নহয় তাৰ বাবে চকু দিবলৈ মোক দায়িত্ব দিছিল৷ প্ৰায় ২৭৫ কিল’মিটাৰৰ যাত্ৰা৷ চাৰি ঘণ্টা মান লাগে৷ আমাৰ বাছৰ চালকজনৰ লগত কথা পাতি মই নিশ্চিন্ত হ’বলৈ চেষ্টা কৰিছিলোঁ যাতে ক’তো অনাহকত বিলম্ব নহয়৷ চালকজনৰ নাম গ্ৰেকো৷

“আমি সময়মতে পোজনান পামনে”?

“ইয়েছ”

“ৰাষ্টাত মাত্ৰ এবাৰ জিৰণি ল’ব পাৰিবা৷ হ’বনে”?

“ইয়েছ”৷

“তুমি হোটেল বিচাৰি উলিয়াব পাৰিবাটো”?

“ইয়েছ”৷

প্ৰতিটো কথাৰে উত্তৰত গ্ৰেকোৱে ‘ইয়েছ’ বুলি কয়৷ এমুখ দাঢ়িৰে মানুহটো ধেমেলীয়া৷ বাছত উঠাৰ আগতে খুব জোৰে জোৰে হুপি ছিগাৰেট খাই ল’লে৷ বাছৰ ভিতৰত ছিগাৰেট খোৱা মানা৷
আমি বাছৰ খিৰিকীৰে ঠাইবোৰ চাই চাই গৈ থাকিলোঁ৷ পোলেণ্ড সোমোৱাৰ পিছত ঠাইবোৰ আৰু ধুনীয়া যেন লাগিল৷ গ্ৰেকোৱে কোনো জিৰণি নোলোৱাকৈ তীব্ৰ গতিত বাছ চলাই গৈ থাকিল৷
পোলেণ্ডত ইউৰো মুদ্ৰা নচলে, তাৰ মুদ্ৰাৰ নাম জলটি৷ আমাৰ হাতত ইউৰো মুদ্ৰাহে থকাৰ বাবে পোলেণ্ড সোমোৱাৰ পিছতে মুদ্ৰা সলাই লোৱাৰ প্ৰয়োজন হ’ল ৷ ইপিনে আমাৰ সকলোৱে অলপ বিশ্ৰাম লোৱাৰ লগতে পেচাব কৰাৰ প্ৰয়োজনবোধ কৰিছোঁ৷ গ্ৰেকোক অনুৰোধ কৰিলোঁ, আমাৰ দুয়োটা কাম হোৱাকৈ, মানে মুদ্ৰা সলনি কৰিব পৰা আৰু মুখ হাত ধুই ফ্ৰেছ হ’ব পৰা ঠাইত যেন বাছখন ৰখায়৷
গ্ৰেকোৱে কেৰাহীকৈ চই ক’লে–
“ইয়েছ”৷

হাই ৱে’ৰ প্ৰতিটো এক্সিটতে আমি ভাবোঁ গ্ৰেকোৱে বাছখন সেইপিনে ঘূৰাব৷ কিন্তুু তেওঁৰ কাণষাৰ নাই৷ আপোন মনে কাণত হেডফোন লগাই তেওঁ গাড়ী চলাই গৈছে৷ মাজে মাজে সুহুৰি মাৰিছে৷ দলপতি হিচাপে অলপ সময়ৰ মূৰে মূৰে মই গ্ৰেকোক অনুৰোধ কৰোঁ,
“গ্ৰেকো, নেক্সট এক্সিটত গাড়ী ঘূৰাবা”৷
তেওঁ মোৰ পিনে চাই হাঁহি মাৰি কয়, “ইয়েছ”৷
কিন্তুু পিছৰ এক্সিটটোও পাৰ হৈ যায়৷ গ্ৰেকোৰ খবৰেই নাই৷
গুডিনো ছাৰৰো খং উঠিল৷ তেওঁ উঠি আহি টানকৈ ধমক লগাই ক’লে, “গাড়ী ৰখোৱা৷ আমাৰ অসুবিধা হৈছে”৷
এইবাৰ গ্ৰেকোৱে কথা শুনিলে৷ এক্সিট এটাৰে সুমুৱাই দি তেওঁ পেট্ৰ’ল পাম্প এটাত গাড়ী ৰখালে৷ পেট্ৰ’ল পাম্পটোৰ গাতে লাগি আছে এখন খোৱা বস্তুৰ দোকান৷ কিন্তুু আমাৰ হাতত পোলেণ্ডৰ মুদ্ৰা নাই৷ ইউৰো সলাই ল’বলৈ ওচৰত কোনো ব্যৱস্থাও নাই৷ তাত থকা টয়লেট ব্যৱহাৰ কৰিবলৈও এক জলটি দিলেহে সোমাব পাৰি৷ মুদ্ৰা দিলেহে জপনা খোল খায়৷ মুঠতে আমাৰ নাজল নাথল অৱস্থা হ’ল৷ দলপতি হিচাপে মোৰ দায়িত্ব হ’ল, কিবা এটা ব্যৱস্থা কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিল৷
গ্ৰেকোক বুজালোঁ,
“চোৱা গ্ৰেকো, তুমি আমাক এনে এখন ঠাইলৈ আনিলা, য’ত আমি ন খোৱা বস্তু কিনিব পাৰোঁ, না বাথৰূম ব্যৱহাৰ কৰিব পাৰোঁ, এটা উপায় দিয়া”৷

গ্ৰেকোৱে ক’লে, “ইয়েছ”৷
তেওঁ কি বুজিলে নাজানো, মোৰ পৰা দহ ইউৰোৰ নোট এখন বিচাৰিলে৷ নোটখন দিয়াত তেওঁ নিজৰ দোকানলৈ গৈ কিবা কথা পাতিলে আৰু উভতি আহি আমাক টয়লেটৰ পিনে আহিবলৈ নিৰ্দেশ দিলে৷ আমি শাৰী পাতি একণ একণকৈ সোমালোঁ৷ গ্ৰেকোৱে এটা এটা মুদ্ৰা দি জপনা খুলি দি থাকিল৷ সকলোৱে ফ্ৰেছ হোৱাৰ পিছত গ্ৰেকোৱে আমাৰ সকলোৰে বাবে চুইং গাম কিনি আনিলে৷
মানুহজনৰ কাণ্ড কাৰখানা দেখি আমোদ পালোঁ৷ ইউৰোপত লগ পোৱা আন বাছ চালক সকলতকৈ গ্ৰেকো কিছু ব্যতিক্ৰম৷ আকৌ ছিগাৰেট দুটামান হুপি তেওঁ বাছত উঠি ষ্টাৰ্ট দিলে৷ মই ক’লোঁ, “এইবাৰ পোনেই পোজনানৰ হোটেল নভোটেল দেই”৷
তেওঁ হঁহি মাৰি ক’লে, “ইয়েছ”৷

পোজনান পোৱাৰ পিছত মন কৰিলোঁ গ্ৰেকো বিমোৰত পৰিছে৷ বাছখন এবাৰ ইটোপিনে নিয়ে, এবাৰ সিটো পিনে নিয়ে৷ তেওঁ যে হোটেললৈ বাট বিচাৰি পোৱা নাই বুজিব পাৰিলোঁ৷ তেওঁ মাজে মাজে ডিঙি মেলি এনেকৈ চায় যেন অলপ আঁতৰতে হোটেলখন আছে আৰু অলপ পিছত মূৰ জোকাৰি কয়, “নো নভোটেল”৷
আমি আটায়ে বিমোৰত পৰিলোঁ৷ গ্ৰেকোৰ লগত কথা পাতি বুজি পালোঁ, তেওঁ এজন খাটি জাৰ্মান৷ ইংৰাজী এক বিন্দুও বুজি নাপায়৷ আমি কোৱা কথা তেও আকাৰে ইংগিতেৰেহে বুজি পাইছে৷ এইবাৰ তেওঁ অসহায় ভাৱে চাৱনিৰে বুজালেযে তেওঁ হোটেলখন বিচাৰি পোৱা নাই৷
গুডিনো ছাৰে গ্ৰেকোক বাছ ৰখাই নামি আন মানুহক সুধিবলৈ ক’লে৷ ইউৰোপৰ কেইবাখনো দেশত ভাষাৰ সমস্যাৰ বাবে ইংৰাজী অচল টকা হৈ পৰে৷ গ্ৰেকোৱে বুজি পাই এঠাইত বাছ ৰখাই নামি গৈ কথা পাতি আহিল৷ আমি উৎকণ্ঠাৰে বাট চাই ৰ’লোঁ৷ এইবাৰ উৎসাহেৰে বাছখন আন এটা বাটেৰে লৈ গ’ল৷ বহুপৰ ঘূৰি পকিও পিছে গ্ৰেকোৱে হোটেলৰ সন্ধান উলিয়াব নোৱাৰিলে৷ আকৌ কৰুণ চাৱনিৰে তেও ক’লে, “নো নভোটেল”৷
আমাৰো মুখ শুকাই আহিল৷ কি কৰোঁ কি নকৰোঁকৈ মই এনেয়ে মোবাইল ফোনটো হাতত লৈ ৱাই ফাই অন কৰিলোঁ৷ হোটেলত থাকিলে ৱাই ফাই ব্যৱস্থাৰে ঘৰৰ লগত সংযোগ ৰাখোঁ৷ কিন্তুু মোক আচৰিত কৰি বাটৰ মাজতো মোবাইল ফোনটোত জিলিকি উঠিল, “ৱাই ফাই এভেইলেবল”৷ সংযোগ কৰি দেখিলোঁ সেয়া ফ্ৰি ৱাই ফাই৷ লগে লগে গুগল মেপ বিচাৰি টাইপ কৰিলোঁ, “হোটেল নভোটেল, পোজনান”৷
মোবাইলৰ পৰ্দাত সেই ঠাইৰ পৰা হোটেললৈ যোৱা বাটটো নীলা ৰেখাৰে দেখুৱাই দিলে৷ গ্ৰেকোৰ চকুৰ আগত মোবাইলটো ডাঙি ধৰিলোঁ৷ তাক হোটেলৰ অৱস্থানটো দেখুৱাই ক’লোঁ, “চোৱা সেয়া নভোটেল৷ পোনে পোনে গৈ থাকি ১০০ মিটাৰমান গৈ সোঁফালে ঘূৰিবা৷ ইয়াৰ পৰা বেছি দূৰ নহয়”৷
মোবাইলৰ নেভিগেচন অন কৰি গ্ৰেকোক নিৰ্দেশ দি গৈ থাকিলোঁ৷ কেঁকুৰি এটা ঘূৰাৰ পিছতে হঠাতে গ্ৰেকোৱে সৰু ল’ৰাৰ দৰে স্ফূৰ্তিত চিঞৰি উঠিল, “নোভোটেল, নোভোটেল”৷ সি মোক আঙুলি টোৱাই ওখ অট্টালিকা এটালৈ দেখুৱালে৷ মই দেখিলোঁ তাত সঁচাকৈয়ে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে, “নোভোটেল”৷
গ্ৰেকোৱে মোৰ মোবাইলটোত চুমা এটা খাই চিঞৰি উঠিল, “ইয়েছ নভোটেল, ইয়েছ নভোটেল”৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!