ফাটবিহু – গুণকৃষ্ণ কোচ

নাঙলৰ সীৰলুত সপোন অঁকা মানুহজাকে
মহঘুলিৰ বুকুত পাতিছিল
ৰঙৰ মেলা
ৰঙমনৰ ঢোলৰ ছেৱত
হাবুঙীয়া পেঁপাৰ উদঙীয়া সুৰত
ঘূৰিছিল ৰূপহীৰ খামুচীয়া কঁকাল
শিশু গছৰ ফাঁকে ফাঁকে
উতনুৱা চৰাই
বুকুত সপোন আঁকি উৰি গুচি যায়
ক্ৰমশঃ
বুঢ়া লুইতৰ সহবাসৰ
এটা দীঘল ৰাতি
এইবেলি অহা নাই ৰংমন ৰূপহী
আহিছে মেহেন্দী বোলোৱা দুহাতৰ নাচনী
শুনিছোঁ মাথোঁ মহঘুলিৰ উচুপনি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!