এটি জলা ব্যঞ্জন :: কেপচিকাম ৰূপচন্দা (কৌশিক দাস)

KoushikDas

(বেলেগ ডাঙৰ মাছ যেনে, বাহু হলেও চলি যাব)

উপকৰণ:

১. ৰূপচন্দা মাছ (৫০০ গ্ৰাম; ডাঙৰ মাছ এটাৰ পৰা আনিব। মাছটো সৰু হলে সোৱাদ কম পাব) ২. কেপ্‌চিকাম (২৫০ গ্ৰাম), দীঘল দীঘলকৈ কাটি ল’ব। ৩. ডাঙৰ-ডাঙৰ পিঁয়াজ (১০০ গ্ৰাম)। মিহিকৈ কাটি ল’ব ৪. আদা (২ ইঞ্চি)। বটি ল’ব। ৫. নহৰু (১০ ফুটা)। বটি ল’ব। ৬. তেজপাত (ডাঙৰ, ৪খন) ৭. জালুক (সৰু চামুচেৰে ডেৰ চামুচ) ৮. গুড়ি জিৰা (সৰু চামুচেৰে এচামুচ) ৯. মিঠাতেল (আন্দাজ মতে) ১০. নিমখ (আন্দাজ মতে) ১১. আলু (ডাঙৰ, ৩টা), মজলীয়া জোখত কাটি ল’ব। ১২. কেঁচা জলকীয়া (৭-৮টা; জলা হ’ব লাগিব)। ফালি ল’ব। ১৩. বিলাহী (৫ টা। কাটি ল’ব)।

কি কি কৰিব:

১. মাছখিনি ভাজি লওক। বেছি কা‌ঢ়াকৈ নাভাজিব। ভজা মাছখিনি বেলেগে ৰাখক।
২. মিঠাতেলখিনি তপতাই, প্রথমতে তেজপাতকেইখন দি আধাখিনি পিঁয়াজ তাত দি দিয়ক।
৩.পিঁয়াজখিনি সামান্য ভজা হলে জোখমতে নিমখ আৰু হালধি যোগ দিয়ক। অলপ লৰাই নহৰু (বটি থোৱা)-খিনিও দিয়ক।
৪. এইবাৰ আলুখিনি তাত দি ভাজক।
৫. আধাভজা আলুৰ লগত এইবাৰ কেপ্‌চিকামখিনি যোগ দিয়ক।
৬. কেপ্‌চিকামখিনি সামান্য ভজা হলে বাকী থকা পিঁয়াজখিনিৰ সৈতে কেঁচা জলকীয়াকেইটা যোগ দিয়ক। বিলাহীকেইটাও দিয়ক।
৭. তাপ অলপ কমাই দি ঢাকোন মাৰি দিয়ক। মাজে মাজে লৰাই লৰাই ভাজক।
৮.এইবাৰ জালুক আৰু গুড়ি জিৰাখিনি দিয়ক।
৯.ভালদৰে এবাৰ লৰাই, ৬ কাপ উতলা পানী ঢালি দিয়ক (ঠাণ্ডা পানী নিদিব)।
১০. মাছৰ টুকুৰাকেইটা তাত দিয়ক।
১১. ৫ মিনিট তাপ সম্পূৰ্ণ বঢ়াই দি উতলাওক।
১২. বটি থোৱা আদাখিনি যোগ দিয়ক।
১৩. ঢাকোন দি কৰি তাপ কমাই দিয়ক।
১৪. পানী কমি গৈ জোলখিনি গা‌ঢ় হ’লে নমাই আনক।

তপত হৈ থাকোঁতেই খাওক আৰু পৰিবেশন কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!