বিশাল ভাৰদ্বাজৰ হাইদৰ – দৰ্শকৰ ভিন্নমত

haider uddip.jpgহাইদৰ- ভাৰতীয় চিনেমাৰ এক মাইলৰ খুঁটি

উদ্দীপ তালুকদাৰ

 (লেখাটোত চিনেমাখনৰ গল্পটো প্ৰায় বৰ্ণনা কৰা হৈছে। যিসকলে চিনেমা এখন উপভোগ কৰাৰ আগতে কাহিনীটো জানিলে চাবলৈ বেয়া পায়, তেওঁলোকে এৰি যোৱাটো ভাল।)

কিছুমান চিনেমা চাম বুলি হিচাপ কৰি থোৱা থাকে। প্ৰায় তিনি-চাৰিমাহ আগতে প্ৰথম ‘ৰূপালী পৰ্দাৰ আড্ডা’ নামৰ গোটটোত কোনোবাই হাইদৰ-ৰ প্ৰথমখন পোষ্টাৰ প্ৰকাশ কৰিছিল। পৰিচালক বিশাল ভাৰদ্বাজ আৰু ছেইক্সপীয়েৰৰ হেমলেটৰ অভিযোজনা, এই দুয়োটাই চিনেমাখন ‘চাবই লাগিব’শাৰীত থ’বলৈ যথেষ্ট আছিল।

অৱশেষত ছবিখন ৰিলিজ হ’ল আৰু চাবলৈ পালো। আৰু চোৱাৰ পাছত দুষাৰমান নোকোৱাকৈ থাকিব নোৱাৰিলো। আচলতে কিছুমান অভিজ্ঞতাৰ পাছত তাক আনৰ আগত বৰ্ণাবলৈ নাপালে পূৰা মজাটো পোৱা নাযায়।

‘হাইদৰ’ বিশাল ভাৰদ্বাজৰ এক উচ্চাকাংক্ষী পৰিকল্পনা, সেয়া বুজিবলৈ প্ৰথম বিছ মিনিট মানেই যথেষ্ট। এটা ঘৰ ধ্বংসৰ বাস্তৱ দৃশ্যটোৱে প্ৰথমেই কাৰীকৰি কুশলতাৰ ইংগিত দাঙি ধৰে, আৰু তাৰ অলপ পাছতে আৰম্ভ হয় পৰিচালকৰ মেজিক।

চিনেমাখনৰ বিষয়ে ক’ৰপৰা আৰম্ভ কৰা উচিত সেয়া নিৰ্ণয় কৰাটো অত্যন্ত দুৰূহ। প্ৰথমে কাহিনীৰে আৰম্ভ কৰোঁ। হাইদৰ-ৰ কাহিনী ছেইক্সপীয়েৰৰ হেমলেটৰ ভাৰতীয় অভিযোজনা। কাহিনী ছেইক্সপীয়েৰৰপৰা মুঠেই আঁতৰা নাই বুলিব পাৰি। আৰম্ভনিতে যিখিনি সালসলনি কৰা হৈছে, সেয়া হেমলেট-ক ভাৰতীয় পৃষ্ঠপটত স্থাপন কৰাৰ বাবে অতি প্ৰয়োজনীয় আছিল। মূল হেমলেটতকৈ দুটা চৰিত্ৰৰ বিন্যাস আৰু গভীৰ। মূল হেমলেটত হেমলেটৰ খুৰাক ক্লডিয়াছ, আৰু হেমলেটৰ মাক গাৰট্ৰুড-ৰ চৰিত্ৰ দুটা চিনেমাখনৰ বাবে আৰু গভীৰ কৰা হৈছে। ছেইক্সপীয়েৰৰ হেমলেট মূলত: হেমলেট চৰিত্ৰৰ ওপৰত কেন্দ্ৰিত, আনহাতে হাইদৰ-ৰ কেন্দ্ৰ বিন্দু হাইদৰ নিজেই হ’লেও মাক গজালা আৰু খুৰাক খুৰ্ৰম-ৰ চৰিত্ৰ দুটায়ো বিশেষ ব্যঞ্জনা বহন কৰে। হেমলেটৰ ক্লডিয়াছ-তকৈ খুৰ্ৰম চৰিত্ৰটোৰ উদ্দেশ্য বহু বেছি পৰিমাণে সংঘবদ্ধ। মূলত: খলনায়ক হ’লেও হাইদৰ-ৰ ক্লডিয়াছ অত্যন্ত জটিল চৰিত্ৰ। নিজৰ কৰ্মৰ প্ৰতি একে সময়তে শংকা আৰু পাপ-পুণ্যৰ এক অদ্ভুত সংমিশ্ৰণেৰে খুৰ্ৰম এক অনবদ্য চৰিত্ৰ। ভূমিকাত কে কে মেনন-ৰ অভিনয়ো অনবদ্য। চৰিত্ৰটো নিৰ্মাণ কৰাত মেননে এক ইঞ্চিও কাৰ্পণ্য কৰা নাই।

গজালাৰ চৰিত্ৰত টাবু ছবিখনত অকল হেমলেটৰ মাক হিচাপে একমাত্ৰিক চৰিত্ৰ নহয়। পুত্ৰৰ প্ৰতি অকৃত্ৰিম স্নেহ, স্বামীৰ প্ৰতি সন্মান আৰু একে সময়তে দেওৰেকৰ লগত প্ৰেমৰ বান্ধোনত বন্ধিত হৈ থাকি, গজালা-ই বহুমাত্ৰিক ৰূপ লয়। তেওঁ কাহিনীৰ মূল চালিকা শক্তি। এনে এক চৰিত্ৰ নিৰ্মাণ কৰিব পৰাটো কাহিনীকাৰৰ ডাঙৰ সফলতা, কিন্তু সেইটো চৰিত্ৰক সফল ৰূপ দিয়াটো টাবুৰ দৰে অভিনেত্ৰীৰ বাবেহে সম্ভৱ। যদিও, হেমলেটৰ দৰেই হাইদৰতো গজালা চৰিত্ৰটো অসংবদ্ধ, তথাপি মূলতকৈ বহু পৰিমাণে বৰ্ধিত ৰূপৰ।

আমোদজনকভাৱে বিশাল ভাৰদ্বাজে আনকি পাৰ্শ্ব-চৰিত্ৰসমূহকো মূলৰ দৰেই ৰাখিছে। হেমলেটৰ দুই বন্ধু ৰজেনক্ৰেণ্ট্‌জ, গিল্ডেনষ্টাৰ্ন, প’ল’নিয়াছ, অফেলিয়া, লেৰেটিছ আদি সকলো চৰিত্ৰই হাইদৰ-তো ভুমূকি মাৰিছে। ইয়াৰে মাত্ৰ লেৰেটিছ-ৰ চৰিত্ৰটোত মোৰ অকণমান আপত্তি আছে। কাৰণ মূলৰ লগত সংগতি ৰখাৰ বাহিৰে চৰিত্ৰটোৱে বিশেষ ইংগিত বহন কৰা নাই।

মুল ছেইক্সপীয়েৰৰ কিছু পৰিমাণে উদ্দেশ্যহীন যেন লগা (এইটো অৱশ্য মোৰহে লাগে, এনে চৰিত্ৰবোৰৰ আন বাখ্যা আছে) চৰিত্ৰক বিশাল ভাৰদ্বাজে অৰ্থবহ মাত্ৰা প্ৰদান কৰি উপস্থাপন কৰে। বিশাল ভাৰদ্বাজৰ প্ৰথমখন ছেইক্সপীয়েৰ অভিযোজনা ‘মকবুল’ত ডাইনীকেইজনীৰ সলনি অহা দুই পুলিচ অফিচাৰৰ চৰিত্ৰদুটা মোৰ বিশেষ প্ৰিয়। ডাইনীকেইজনীৰ উদ্দেশ্য মেকবেথ-ত কেতিয়াও স্পষ্ট নহয়। যেন, তেওঁলোক মাত্ৰ নিয়তিৰ পৰিচায়ক। ইয়াৰ বিপৰীতে মেকবেথৰ পুলিচৰ বিষয়া দুজনে কিয় উচতাই ফুৰিছে তাৰ কাৰণ দিয়া হৈছে (“সমতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়!”)। হাইদৰ-তো একেদৰে খুৰ্ৰমৰ গজালাৰ প্ৰতি থকা প্ৰেমক নিশ্চিত কৰি তুলি ধৰা হৈছে, যিটো মূল হেমলেটত কৰা হোৱা নাছিল।

মূল চৰিত্ৰ হাইদৰ হেমলেটৰ সমপৰ্যায়ৰ। হেমলেটৰ দৰেই, হাইদৰো বিমূঢ়। প্ৰতিশোধ, নৈতিকতাবোধ, মাতৃৰ প্ৰতি প্ৰেম আদিৰ মাজত হাইদৰে কি কৰিব নিজেও ভালদৰে নাজানে। হাইদৰৰ এই দ্বিধাগ্ৰস্ততা, হতাশ ৰূপ ফুটাই তোলাত ছাহীদ কাপুৰে বেছ দক্ষ অভিনয় কৰিছে। ছাহিদ কাপুৰে যিজন হেমলেট উপহাৰ দিছে, তেনে এজন হেমলেট সতকাই ভাৰতীয় চিনেমাই উলিয়াব পৰাটো টান।

সংলাপৰ ক্ষেত্ৰতো মূল হেমলেটৰ বহু তৰপীয়া সংলাপৰ চাপ লক্ষ্য কৰা যায়। বিশেষকৈ হেমলেটৰ একক সংলাপসমূহ (monologue) প্ৰায় মুকলি অনুবাদ কৰি ছবিখনত যোগ দিয়া হৈছে। কিন্তু এনে ম’ন’লগসমূহ ছবিখনত বিভিন্ন কাটৰ মাজেৰে আগবঢ়াই নিয়া হৈছে বাবে নাটকীয় ম’ন’ল’গ যেন লগা নাই। ইয়াক পৰিচালক, সম্পাদকৰ বিশেষ দক্ষতা বুলিব লাগিব।

চিনেমাখনৰ কেইটামান দৃশ্য ভাৰতীয় চিনেমাৰ দৰ্শকে বহু দিনলৈ পাহৰিব নোৱাৰিব। বিছমিল গানটোৰ দৃশ্যপট, আৰু কবৰ খন্দাৰ দৃশ্য দুটা এক বিশেষ অভিজ্ঞতা। দুয়োটা দৃশ্যয়েই ভিজুৱেল হিচাপে ইমানেই শক্তিশালী যে অকল ছবি হিচাপে চালেও সি মনত চাপ বহুৱাবলৈ সক্ষম।

ছবিখনৰ পটভূমি সম্বন্ধে কিছু বিতৰ্ক চলিছে। কিন্তু, মোৰ দৃষ্টিৰ সেই বিতৰ্ক মাথো একাংশ ‘মূল ভূমি’ ভাৰতীয়ৰ নিকট দৃষ্টিবোধ সম্পন্ন মানসিকতাৰ বাহিৰে আন একো নহয়। সেনাৰ তালাচীৰ বাবে বাছৰ নামি শাৰী শাৰীকৈ আগবাঢ়ি যোৱা, কোনোবা জোৱানৰ শীতল মাতেৰে ‘আগে যাও, আগে যাও’ শুনাৰ অভিজ্ঞতা নথকা ভাৰতীয়সকলে, সেনা-পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈ ঘৰলৈ ঘুৰি নহা নিৰীহ যুৱকৰ বাতৰি ৰাতিপুৱাৰ কাকতত নিয়মিতভাৱে পঢ়িবলৈ নোপোৱাসকলৰ বাবে কিছুমান কথা হজম কৰাটো টান হ’ব পাৰে যদিও সি যে এশ শতাংশ মিছা নহয়, অন্তত: আমি অসমৰ মানুহে ভালদৰে বুজোঁ। হাইদৰ-ৰ কাহিনীটোৰ পটভূমি কাশ্মীৰ নহৈ, অসমো হ’ব পাৰিলেহেঁতেন।

কিন্তু কাশ্মীৰ পটভূমি হোৱাৰ বাবে ছবি পৰিচালকে বিশেষ সুবিধা আদায় কৰিছে হাইদৰ-ৰ শেষৰ দৃশ্যৰাজীত। ৰঙচঙীয়া ফুলে ভৰপূৰ ‘কাশ্মীৰ কি কলি’ৰ সলনি বিশাল ভাৰদ্বাজৰ কেমেৰাত বন্দী হিম-শীতল ৰঙবিহীন আন এক কাশ্মীৰ। কবৰ খন্দাৰ দৃশ্যটোত বিৱৰ্ণ, কঠিন বৰফবোৰে প্ৰতিজন দৰ্শককে মৃত্যুৰ চেঁচা আলিংগনৰ কথা মনত পেলাই দিয়ে। চিনেমাখনত পূৰ্বানুমানেৰে দৰ্শকক এটা দৃশ্যৰ বাবে সাজু কৰি তোলাটোও ইণ্টাৰেষ্টিং। সমাপ্তিৰ মৃত্যুৰ কিৰীলি আৰম্ভ হৈছে কবৰকেইটাৰপৰা ‘আও না’ বুলি কৰা আহ্বানৰপৰাই।

চিনেমাখন চাই আপত্তি কৰিবলগীয়া এটাই মাত্ৰ কথা ওলাব পাৰে, সেয়া হৈছে, কিছুমান অংশ অলপ অপ্ৰয়োজনীয় যেন বোধ হয়। বিশেষকৈ আৰ্শিয়াৰ ককায়েক লাকী-ৰ চৰিত্ৰটোৰ অংশখিনি।

মুঠৰ ওপৰত হাইদৰ- ভাৰতীয় চিনেমাৰ এক মাইলৰ খুঁটি। চৰিত্ৰ নিৰ্মাণ, অভিনয়, পৰিচালনা সকল মিলাই এক হাইদৰ আচলতে চোৱা বস্তু নহয়, অনুভৱ কৰা বস্তু। বিনোদনৰ পূৰ্ণ মাত্ৰৰ গান-নাচ, গুলী-বাৰুদ, বোমা বিষ্ফোৰণ চব থাকিও যে এক মননশীল চিনেমা নিৰ্মাণ হ’ব পাৰে, সেয়া হাইদৰ-তে সম্পূৰ্ণ প্ৰতিফলন ঘটে। অতি সম্প্ৰতি ভাৰতীয় চিনেমাত বেছ ভাল ছবি নিৰ্মাণ হ’বলৈ আৰম্ভ কৰিছে। কিন্তু হাইদৰ-ৰ আগতে ভাল ছবিসমূহেও যেন বিনোদনৰ দিশসমূহৰপৰা বৰ বেছি দূৰ আঁতৰি আহিবলৈ সাহস কৰা নাছিল। ভাৰতীয় চিনেমাৰ সকলো এনে নীতি-নিয়মৰ প্ৰাচীৰ ভাঙি হাইদৰ বহু দূৰলৈ আগবাঢ়ি আহিছে। হাইদৰ যদি চোৱা নাই, এবাৰ চোৱা উচিত।

(সংযোজন: হাইদৰ-ৰ কেইজনমান সমালোচকে ইয়াক হেমলেটতকৈ বেছি ৰাজনৈতিক মন্তব্য বেছি বুলি সমালোচনা কৰিছে যদিও, মোৰ নিজৰ দৃষ্টিত হাইদৰৰ আত্মা হেমলেটেই। ৰাজনৈতিক কথা কিছুমান দেখুওৱা হৈছে যদিও সেইখিনিয়ে মূল কাহিনীৰ সালসলনি কৰা নাই। বৰং ৰাজনৈতিক ঘটনাৱলী প্ৰেক্ষাপট হিচাপেহে আছে। কোনোপধ্যেই কাহিনীৰ ভিতৰত সুমুওৱা নাই। যেনে, হাইদৰ বা পৰিয়ালটোৰ ৰাজনৈতিক স্থিতিতকৈ তেওঁলোকৰ মাজৰ পৰিয়ালৰ ভিতৰৰ ডাইনেমিক্স-হে কাহিনীৰ মূল বিন্দু। কেইটামান পাৰ্শ্ব চৰিত্ৰৰ বাদে হাইদৰৰ মূল চৰিত্ৰ এটায়ো কোনো ৰাজনৈতিক কোনো মন্তব্যও কৰা নাই। দেশ সম্পৰ্কে যেন হাইদৰ তেনেই নিস্পৃহ (মূল হেমলেটতো ৰাজকোঁৱৰ হিচাপে হেমলেটৰ কোনো স্থিতি নাই, তেওঁ নিজৰ ব্যক্তিগত সমস্যাক লৈহে ব্যস্ত।), হাইদৰৰ সমস্যাটো একান্তই ব্যক্তিগত। আনকি হেমলেটে পাকিস্তানলৈ যাবলৈ ওলোৱাটোও পৰিস্থিতিৰ বাধ্য-বাধকতাহে, তেওঁ নিজে যেন একো বিচৰাই নাই। ব্যক্তিগত আৰু ৰাজনৈতিক দুয়োটা দিশক সনাপোতকা কৰাৰ সহজ দিশটো বিশাল ভাৰদ্বাজে সুন্দৰকৈ এৰি গৈছে। কিছুমান সমালোচকে হয়তো এই মূল হেমলেটৰ এই একান্ত ব্যক্তিগত উদ্দেশ্যক অনুধাৱন কৰাত অসফল হৈছে গৈছে, বা সাধাৰণতে হিন্দী চিনেমাত দেশপ্ৰেম, প্ৰেম আদি সনাপোতকা কৰি দিয়াৰ অভ্যস্ত পৰিবেশণ শৈলীৰপৰা আঁতৰি হাইদৰ বিচাৰ কৰিবলৈ সক্ষম হোৱা নাই। হাইদৰ কোনোপধ্যেই ৰাজনৈতিক বক্তব্য নহয়, কিন্তু নিশ্চয়কৈ কাশ্মীৰ সমস্যাৰ দিশটো সম্পৰ্কে বিশাল ভাৰদ্বাজৰ মানৱতাবাদী স্থিতিৰ কিছু প্ৰকাশ নিশ্চয় আছে। আগতেও কৈছোঁ, অসমৰ বজৰং আন্দোলন, বা অসম আন্দোলনৰ সময়ছোৱাৰ প্ৰেম-কাহিনী এটা নিৰ্মাণ কৰিলে যিদৰে অৱধাৰিত ভাৱেই ভাৰতীয় সেনা-পুলিচক বহু পৰিমাণে ঋণাত্মক দৃষ্টিৰে দেখা যাব, হাইদৰতো সেইটোৱেই হৈছে।)

——————————————————————————————————————————————————————–

হাইদৰ চাই কিয় ভাল নাপালোঁ:

আবিদ আজাদ

‘হাইদৰ’ লগোৱা বুলি গম পাই নিশাৰ সকলো কাম-কাজ পেলাই থৈ শুকুৰবাৰৰ প্ৰথম শ্ব’ চাবলৈ উপস্থিত হ’লো- ‘অনুৰাধা’ চিনেমা হলত। বিশাল ভৰদ্বাজৰ চিনেমা চাবলৈ ব্যগ্ৰতাৰে ৰৈ থকাৰ সেয়া হয়তো এটা উদাহৰণ। তেওঁৰ চিনেমা চাবলৈ ওলালে মনটো সদায় আছুতীয়াকৈ প্ৰস্তুক কৰি লওঁ। মনত এনেকুৱা ভাৱ থাকে– “আজি এখন মন ভৰি ভালপোৱা চিনেমা চাম”।

‘হাইদৰ’ আৰম্ভ হৈ আগবাঢ়ি গৈ থকাৰ লগে লগে মাজে মাজে ভাৱ আহি আছিল- “বাহ, কি চিনেমা বনাইছে! এয়াহে চিনেমা! পইচা ‌ৱচুল আজি!…”

‘হাইদৰ’ৰ বিষয়ে ক’বলৈ গ’লে চিনেমাখনক দুটা ভাগত ভাগ কৰিব লাগিব- ইন্টাৰ্ভেলৰ প্ৰথমাৰ্দ্ধ আৰু দ্বিতীয়াৰ্দ্ধ। দুয়োটা অৰ্দ্ধ দুটা ভিন্ন ধাৰাৰ। এটা ধাৰাই কাশ্মীৰৰ সমস্যাক ‘ছিৰিয়াছলি’ উদঙাই ধৰিছে, আৰু এটা ধাৰাই কাশ্মীৰক ‘বলিউডিকৰণ’ কৰিছে। বহুতে ক’বৰ দৰে ‘হেমলেট’ক ভাৰতীয়কৰণ কৰাতকৈ আচলতে মুম্বাইয়া ‘বলিউডিকৰণ’হে কৰা হৈছে। দ্বিতীয়াৰ্দ্ধৰ সমস্ত কাৰু-কাৰ্য, সঘন পট-পৰিৱৰ্তন, অপ্ৰয়োজনীয় গীত-মাত, চুম্বন, ছেক্স তাৰে কেইটামান উদাহৰণ।

বহু দৰ্শকে চিনেমাখনৰ দ্বিতীয়াৰ্দ্ধকহে (বলিউডি মা-মচলাবোৰ) বেছি ভাল পাইছে, আৰু প্ৰথম অৰ্ধক লেহেমীয়া, গতিহীন বুলি আক্ষেপ কৰিছে। ‘অনুৰাধা’ হলত আমাৰ পিছফালৰ ছীটত বহি থকা দুজন যুৱ দৰ্শকে ইন্টাৰ্ভেলৰ আগলৈ– “আব্বে, কি দেখুৱাই আছে… দুটা কোৱাৰ্টাৰৰ পইচা পানীত পৰিল বে! ইত্যাদি.!”– বুলি উচ-পিচ, উচ-পিচ কৰি আছিল। খঙতে ছীট সলনি কৰি আন ছীটত বহিছিলোঁ।

১ম আৰু ২য় অৰ্দ্ধক বেলেগকৈ আলোচনা কৰাৰ পূৰ্বে এয়া ক’বই লাগিব যে– চিনেমাখনৰ দৃশ্যায়ন, চৰিত্ৰবোৰৰ দমদাৰ অভিনয়, গুলজাৰৰ লিৰিক্স, ডাইলগ, নৈসৰ্গিক দৃশ্যৰাজি, চিনাৰ গছ, মূল হেমলেটৰ ‘ভৰদ্বাজ-কৰণ’ আদি যথেষ্ট মনোগ্ৰাহী। সেইবোৰেই চিনেমাখনৰ মূল সম্পদ। তেন্তে কিহে আমাক হতাশ কৰিলে বাৰু? চিনেমা এখনৰ দৃশ্যায়ন, ডাইলগ, গীত, অভিনয়েই যদি চিনেমাখনক “ফাইভ ষ্টাৰ”ৰ যোগ্য বনাব পাৰে তেন্তে ইমতিয়াজ আলিৰ “হাইৱে”খনো “ফাইভ ষ্টাৰ” পোৱাৰ যোগ্য হ’ব লাগিছিল।

(আলফ্ৰেড হিটচ্‌ককৰ মতে) চিনেমা এখনৰ তিনিটা বস্তুই তাক ‘সফল’ বনায়। সেয়া হৈছে– script, script, script. কিন্তু ‘আজি-কালি’ script ৰ ঠাই দখল কৰিছে বেলেগে শব্দই আৰু ‘সফলতা’ৰ সংজ্ঞাও সলনি হৈছে। যি কি নহওক, ‘হাইদৰ’ৰ পচন্দ নোহোৱা  অংশকেইটা অলপ পুংখানুপুংখকৈ তলত ব্যক্ত কৰিলোঁ।

‪#‎প্ৰথমাৰ্দ্ধ: কাশ্মীৰৰ জ্বলন্ত সমস্যাক ইমান নিৰ্মম ভাৱে উদঙাই দেখুউৱা বলিউডৰ এয়াই হয়তো এতিয়ালৈ নিৰ্মাণ কৰা একমাত্ৰ জনপ্ৰিয় চিনেমা। কাশ্মীৰী লোকৰ মূল সমস্যা যে “ইণ্ডিয়ান আৰ্মী”ৰ নিৰ্মমতা আৰু AFSPA তাক লুক-ঢাক নকৰাকৈ বাস্তৱিক ৰূপত তুলি ধৰা হৈছে। অতি ছিৰিয়াছ ইচ্যুক ‘চিৰিয়াছলি’ দেখুওৱা হৈছে। সুন্দৰ উপস্থাপন। কাশ্মীৰৰ প্ৰকৃত সমস্যা সম্পৰ্কে কেতিয়াও নপঢ়া বা অধ্যয়ন নকৰা মেজৰিটি ভাৰতীয় দৰ্শকৰ বাবে হয়তো সেয়া হে নাটকীয়তাও হ’ব পাৰে। চিনাকী চিনেমাৰ জনপ্ৰিয় ৰস তাত বিচাৰি নাপাব পাৰে! … কিন্তু ইতিমধ্যে বিশাল ভৰদ্বাজে আমাক সঁচা-সঁচি অৰ্থত লৈ যাব পাৰিছিল– ১৯৯৫ চনৰ জ্বলন্ত কাশ্মীৰৰ ভয়াবহ ভূখণ্ডত। য’ত আৰ্মীয়েই সৰ্বেসৰ্বা। কোনো দয়া-মমতা, মানৱীয়তা নাই। নিৰ্মম। য’ত কাশ্মীৰী লোকে নিজক জীয়াই ৰখাৰ চাবি-কাঠি আনৰ হাতত- হয় সন্ত্ৰাসবাদী নহয় আৰ্মী! অপ্ৰিয় হ’লেও সত্য যে সেই কালত কাশ্মীৰী লোকৰ প্ৰধান শত্ৰু হৈ পৰিছিল- ইণ্ডিয়ান আৰ্মী। চিনেমাৰ ১ম অৰ্ধত সেয়া ফুটাই তোলা হয়- কোনো নাটকীয়তা বা নাচ-গান জাতীয় মেলোড্ৰামাৰ সহায় নলোৱাকৈ। আমাৰ দৰে দৰ্শক ইতিমধ্যে এক সঁচা-সঁচি কাশ্মীৰৰ জ্বলন্ত ৰক্ত-কুণ্ডত প্ৰ‌ৱেশ কৰিছিলোঁ। চিনেমা খনৰ প্ৰতি মুখৰ পৰা ওলাইছিল কেৱল বা:-বা:।

‪#‎দ্বিতীয়াৰ্দ্ধ: হঠাৎ ভৰদ্বাজে মন পৰিৱৰ্তন কৰিলে। “চিনেমাখন কেৱল ছিৰিয়াছ হ’লেই নহ’ব- নাচ-গান, ছেক্স-চিন, নৃত্য, নাটকীয়তা জাতীয় “চিনাকী-চিনেমাৰ-জনপ্ৰিয়-ৰস” আদিও থাকিব লাগিব। নহ’লে ছুপাৰহিট কেনেকৈ হ’ব!! প্ৰডিউচাৰেতো চিনেমাত টকা এনেই নখটুৱাই!!” প্ৰথমাৰ্দ্ধত “আব্বে, কি দেখুৱাই আছে… দুটা কোৱাৰ্টাৰৰ পইচা পানীত পৰিল বে!” বুলি অসন্তুষ্ট হৈ থকা দৰ্শকখিনিকো সন্তুষ্ট কৰিব লাগিব! আহি গ’ল বলিউদি মচলাবোৰ আৰু অসংলগ্ন টুইষ্টৰ পিছত টুইষ্ট। ইতিমধ্যে ১৯৯৫-ৰ কাশ্মীৰৰ ভিতৰত সোমাই পৰা আমাৰ দৰে বেৰস দৰ্শকক ভৰদ্বাজে গতিয়াই উলিয়াই দিলে!

কবি হাইদৰৰ (ছহিদ কাপুৰৰ) ঠাইত হঠাৎ দেখা গ’ল অসাধাৰণ ডেঞ্চাৰ হাইদৰক (বিছমিল ডেঞ্চ), আৰ্মীৰে ঠাহ খাই থকা কাশ্মীৰ ভেলী কৰ’বাতে থাকিল– হাইদৰ আৰু আৰ্চিয়াই মুকলিকৈ নাচি-বাগি উঠিল কাশ্মীৰ ভেলীত, কবৰস্থানৰ কবৰ খন্দা মানুহ কেইটাইও গান গালে-নাচিলে। … ইমান পৰে ছিৰিয়াছ চিনেমা এখন চাই থকা দৰ্শকক আচম্বিতে এক কাল্পনিক চিনেমা এখনৰ সম্মুখীন কৰোৱা হ’ল। ভৰদ্বাজ সফলো হ’ল তেওঁৰ কৌশলত (চালাকীত)। কাৰণ ইমান সময় ব’ৰ হৈ থকা দৰ্শকে “চিনাকী ফিল্মী ৰস”বোৰ আৱিষ্কাৰ কৰি আনন্দিত হৈ পৰিল। ফলত কাশ্মীৰৰ যি সমস্যাক উদঙাই দেখুৱাই চিনেমাখনে বলিষ্ঠ ভাৱে আগবাঢ়িছিল- সেই সমস্যা সমূহ কৰবাত চিটিকি পৰি থাকিল। সেই সমস্যাবোৰ য’ৰ বস্তু তাত এৰি থৈ মুল্ ‘হেমলেট’ক বলিউডি পৰশেৰে আগ বঢ়াই নিয়া হ’ল। ভৰদ্বাজৰ কনচেপ্টটো খুব সুন্দৰ আছিল কিন্তু সেইটো কৰিবলৈ যাওঁতে ১৯৯৫ চনৰ কাশ্মীৰক তেওঁ একেবাৰে পাহৰি পেলালে। কাশ্মীৰী সকলৰ সমস্যা , হাইদৰৰ প্ৰতিশোধ, ভাৰতীয় সেনাৰ দপদপনি ক’ৰবাতে থাকিল। কি দৰে হাইদৰৰ মাক গজালাই (গাৰট্ৰুড-এ) মূল হেমলেটত থকাৰ দৰে আত্মহত্যা কৰিব- তাক লৈ কাহিনীক টানি টানি লৈ গ’ল। সেইটো কৰিবলৈ যাওঁতেই হাইদৰে ভালে কেইবাৰ সুবিধা পোৱা সত্বেও খুৰাক খুৰ্ৰমক নাটকীয় ভাৱে হত্যা কৰিবলৈ বিফল হোৱা দেখুওৱা হ’ল– যিটো একেবাৰেই অবিশ্বাস্য আছিল।

‪#‎কেইটামান মূল চৰিত্ৰৰ বিশ্লেষণ:

‪#‎গজালা (টবু): মূল হেলমেটত গাৰট্ৰুড এগৰাকী জটিল চৰিত্ৰৰ কামুক নাৰী। তাই তাত স্বামীৰ সৈতেও শোৱে , অন্য পুৰুষ ক্লডিয়াছৰ সৈতেও শোৱে। কিন্তু ‘হাইদৰ’ত গজালাই নিজৰ সুদৰ্শন, আদৰ্শবাদী, প্ৰতিষ্ঠিত ডাক্টৰ স্বামী (নৰেন্দ্ৰ ঝা) থকাৰ পিছতো কিয় লম্পট চৰিত্ৰৰ, আদৰ্শহীন আৰু স্বামীতকৈ কম সুন্দৰ দেৱৰ খুৰ্ৰমৰ (কে কে মেনন) প্ৰতি আসক্ত হ’ল তাৰ কোনো কাৰণ বিচাৰি পোৱা নাযায়। গজালাৰ নিজৰ পুত্ৰৰ (হাইদৰৰ) প্ৰতি থকা আসক্তিকো (লিপ কিছ) গ্ৰহন কৰিব পৰা নাযায় গজালা চৰিত্ৰটোৰ পৰিপ্ৰেক্ষিতত। (কাৰণ গজালাক কামুক হিচাপে দেখুওৱা হোৱা নাই চিনেমাত)। টবুৰ অভিনয় এজ-ইউজুৱেল অভিনয়- তাত ক’ব লগীয়া নাই।

‪#‎হাইদৰ: ভৰদ্বাজে ‘হাইদৰ’ চৰিত্ৰটো শেষ কৰি দিলে। এজন কবিৰ পৰা এজন বিপ্লবীলৈ পৰ্যবেসিত কৰা হ’ল প্ৰথমে। পিতৃহন্তাক প্ৰতিশোধ ল’বলৈ বুকু জ্বলি উঠিল। হাতত বন্দুক তুলি ল’লে। কিন্তু পিতৃহন্তাক গুলিয়াই মাৰিবলৈ একাধিক সুযোগ পোৱাৰ পিছতো বাৰে বাৰে আৱেগিক হৈ পৰিল। ফলত খুৰাকজন বাচি বাচি গ’ল। কাহিনী বঢ়াই নিয়াৰ এইটো এটা ‘টিপিকেল’ বলিউডি কৌশল। (The Good, Bad and Ugly চিনেমাখনৰ When you have to shoot, shoot; don’t talk. কথাষাৰলৈ মনত পৰিল)। ,,,, শেষৰ ক‌ৱৰস্থানৰ গুলিয়া-গুলি দৃশ্যটো অতি ড্ৰামাটিক। ৯৫ ৰ কাশ্মীৰত ইমান ভয়ানক গুলিয়া-গুলি; কিন্তু এজনো আৰ্মী নাই। অকল্পনীয়! ক’ত গ’ল প্ৰথমাৰ্দ্ধত দেখা আৰ্মীবোৰ? প্ৰতিশোধত দগবগাই থকা হাইদৰ- প্ৰেমিকাৰ দেড বডীক সাৱটি পুনৰ হেৰাই গ’ল সপোনপুৰীত। পাহৰি গ’ল দেউতাকৰ প্ৰতিশোধ!

মূল ভিলেইন খুৰাকক মাৰিবলৈ বাৰে বাৰে হাত কঁপা হাইদৰে কিন্তু প্ৰেমিকাৰ বিনা দোষী ককাইয়েকক বেলচাৰে কোবাই একে খুন্দাতে মাৰি বৰফত পেলাই থলে। ভৰদ্বাজে চিনেমাৰ হিৰো হাইদৰক এক দুৰ্বল লক্ষ্যহীন চৰিত্ৰ হিচাপেহে দেখুৱালে শেষত। সি না প্ৰতিশোধ ল’লে, না প্ৰেমিকাক পালে, না নিজে মৰিল। কিন্তু তাৰ হৃদয় হ’লে দয়াৰে উপচি পৰিল- শেষত।

চিনেমাখনৰ শেষাংশটো কেৱল চিনেমাৰ দিশেৰেই নহয় ৰাজনৈতিক দিশেৰেও মন কৰিব লগীয়া। প্ৰথম অংশ চাই আমি পতিয়ন যাওঁ যে কাশ্মীৰী সকলৰ মূল শত্ৰু ভাৰতীয় আৰ্মী, ভাৰত চৰকাৰৰ নীতি। কিন্তু অতি কৌশলেৰে (!) দ্বিতীয়াংশত এয়া পতিয়ন নিয়াবলৈ চেষ্টা কৰা হয় যে- যেন কাশ্মীৰী লোকৰ আচল শত্ৰু আচলতে কাশ্মীৰী সকলেই। (যেনে- খুৰ্ৰম, কাশ্মীৰী উগ্ৰপন্থী)। এয়া ভাৰতীয় সৰহভাগ লোকৰ দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছে। ইন্টাৰ্ভেলৰ পিছৰ অংশত যে এজনো আৰ্মীক দেখুওৱা নহয় চিনেমাখনত (অকল্পনীয় ভাৱে); সেয়াই তাৰ কাৰণ। সেয়ে একেবাৰে শেষৰ গুলিয়া-গুলিৰ দৃশ্যৰাজি গ্ৰহণযোগ্য নহয়– আৰ্মীৰে ভৰি থকা ১৯৯৫ ৰ কাশ্মীৰৰ পৰিপ্ৰেক্ষিতত।

কেইটামান হজম নোহোৱা দৃশ্য:

১) দেউতাক নাইকীয়া হোৱাৰ খবৰ পাই আলিগড় ইউনিভাৰ্চিটিত পঢ়ি থকা হাইদৰ ঘৰলৈ আহোতে আৰ্মীয়ে বাটত ৰখাই সোধে- ঘৰ ক’ত? হাইদৰে কয়- ইছলামাবাদ। লগে লগে আৰ্মীয়ে তাক ধৰি লৈ যায় কেম্পত। পিছত (কিমান পিছত নাজানো!) তাৰ প্ৰেয়সীয়ে আহি আৰ্মীক যেতিয়া ক’লে যে হাইদৰ ঘৰ আচলতে অনন্তনাগত, যাক ইছলামাবাদ বুলিও জনা যায়- তেতিয়াহে যেনিবা আৰ্মীয়ে এৰি দিলে হাইদৰক। সৰু কথা যদিও তেতিয়াই অলপ আচৰিত লাগিছিল- কাৰণ হাইদৰে প্ৰেয়সী অহালৈ নৰৈ নিজেই লগে লগে আৰ্মীক ক’ব পাৰিলে হেতেন- ইছলামাবাদ মানে অনন্তনাগ। [কিন্তু আমোদজনক কথা- অনন্তনাগক কোনো কাশ্মীৰীয়েই ইছলামাদ বুলি নকয়। পাকিস্তানক ঘৃণা কৰা দেখুৱাৰ এটা মচলাহে আছিল সেয়া।]

২) ৰাতিপুৱা নামাজ পঢ়ি থকা খুৰাকক মাৰিবলৈ উদ্যত হৈ (নে পুলিচ অহালৈ ৰৈ থকা!) থকা হাইদৰে সেই নিতাল-নিস্তব্ধ পুৱা পুলিচৰ জীপ গাড়ী অহাৰ শব্দ, পুলিচৰ দল খট-খটীৰে উঠি আহোতে জোতাৰ শব্দবোৰ একেবাৰেই নুশুনিলে নেকি? ,,,, একে দৃশ্য ভগ্ন পিতৃগৃহত হাইদৰ আৰু আৰ্চিয়া আলিংগন কৰি থাকোতেও ঘটে। ওচৰতে জীপ গাড়ীখন ৰখাই ককায়েকে গপ-গপাই আহে, কিন্তু সিহঁতে জোতাৰ শব্দ নুশুনে!!!

ডেৱিদ ধাৱান বা ৰোহিত চেট্টিৰ আদিৰ চিনেমা চাব গ’লে সেইবোৰ নোটিছ নকৰিলোই হেঁতেন; কিন্তু আমি চাব গৈছিলোঁ ক্লাছিক হেমলেটৰ আধাৰত নিৰ্মিত বিশাল ভৰদ্বাজৰ চিনেমা। এখনি নিখুঁত চিনেমা।

৩) ছলমান-ছলমান চৰিত্ৰ দুটাই কথাই প্ৰতি ছলমান খানৰ নকল কৰে। কিন্তু কপালত পৰি থকা চুলি কেইডাল হাতেৰে মূৰলৈ তুলি দিয়া যিটো দৃশ্য দেখুওৱা হয়- সেয়া চলমান খানৰ “তেৰে নাম” চিনেমাৰ ষ্টাইল। ১৯৯৫ চনত “তেৰে নাম” ওলোৱাই নাছিল!!

৪) কোনো বলিষ্ঠ কাৰণ নোহোৱাকৈয়ে হাইদৰৰ প্ৰেয়সী আৰ্চিয়াই আত্মহত্যা কৰে। এনেকুৱা লাগিল যেন চিনেমাখন দীঘলীয়া হৈ গৈ আছেো- সোনকালে শেষ কৰিব লাগে।

৫) লাল-চকত হাইদৰে কৰা অনবদ্য অভিনয় চাই এনে লাগিছিল এনে লাগিছিল এইবাৰৰ শ্ৰেষ্ঠ অভিনয়ৰ বঁটা ছাহিদ কাপুৰেই পাব। হয়তো পাবও পাৰে। কিন্তু পাগলৰ অভিনয় কৰি থাকোতে মাজতে দুবাৰমান (মাকৰ আগত) তেওঁৰ নিজৰ বিখ্যাত “চকলেট” হাঁহিটোও মাৰি দিয়ে!

কাশ্মীৰৰ প্ৰেক্ষাপটক লৈ সুন্দৰ-সাৱলীল ভাৱে আগবাঢ়ি গৈ থকা, অন্তৰ চুই যোৱা ৰুচিপূৰ্ণ চিনেমাখন ইন্টাৰভেলৰ ঠিক পিছতেই নিজৰ ৰাস্তা সলনি কৰি বলিউডি মাৰ্কা মৰা চিনেমালৈ ৰূপান্তৰিত হোৱা অনুভৱে আমাক বৰকৈ হতাশ কৰিলে। একেধৰণৰ “মাৰ্কা মৰা” কাম কৰা হৈছিল ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ “ভাগ মিলখা ভাগ” চিনেমা খনতো। কাশ্মীৰৰ ওপৰত নিৰ্মিত “য়াহাঁ” চিনেমাতো এইবোৰেই কৰা হৈছিল।

ইন্টাৰভেলৰ আগলৈ আমলখি চোবাই চোবাই ঠিক মিথা সোৱাদ লবলৈ ওলোৱাৰ পৰতেই ভৰদ্বাজে ‘পোটেটো চিপ্‌চ’ ভৰাই দিলে মুখত। উপায়হীন হৈ শেষ নোহোৱালৈ তাকে চোবাই চোবাই উপভোগ কৰিলোঁ ‘হাইদৰ’খন!

[সকলোৰে ৰুচি ভিন্ন ভিন্ন। কাকো আঘাত দিয়াৰ উদ্দেশ্য নহয় এই লেখাৰ। নিজৰ অৰুচিপূৰ্ণ মনৰ কথাকে ব্যক্ত কৰিলোঁ মাথোন।]

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!