কাহ, কাহ আৰু কাহ – (ডা০ ভূপেন শইকীয়া)

কাহ, কাহ আৰু কাহ

– ডা০ ভূপেন শইকীয়া

 

কাহৰ অভিজ্ঞতা নথকা মানুহ পৃথিবীত বিৰল। কাহ কিন্তু এবিধ ৰোগ নহয়। কাহ এবিধ মানৱ শৰীৰৰ সুৰক্ষাৰ লগত জড়িত প্ৰতিৰোধক ব্যৱস্থাহে (Defensive mechanism)। কাহে মানুহক কেবল অস্বস্তিত পেলোৱাই নহয় – কাহে কৰ্মক্ষতিও কৰাব পাৰে। গতিকে কাহ আৰম্ভ হোৱাৰ লগে লগেই উপযুক্ত চিকিৎসা ব্যৱস্থা কৰি ইয়াক জটিল ৰূপ ধাৰণ কৰিবলৈ দিব নালাগে। কাহ আৰম্ভ হোৱাৰ সময়ৰ  ওপৰত নিৰ্ভৰ কৰি কাহক একিউট (৩সপ্তাহ পৰ্যন্ত), চাব একিউট (৮সপ্তাহ পৰ্যন্ত) আৰু ক্ৰনিক (৮সপ্তাহৰ বেচি) পৰ্যায়ত বুলি ধাৰ্য কৰা হয়। সাধাৰনতে কাহে শ্বাসপ্ৰণালীৰ (Respiratory system) ৰোগক বুজায় যদিও কেতিয়াবা শ্বাসপ্ৰণালীৰ বাহিৰে আন শাৰীৰিক বিজুতি বা অৱস্থায়ো কাহ উৎপন্ন কৰিব পাৰে।

বজাৰত নানাবিধ বিজ্ঞাপনসহ যিমানবোৰহে (শ শ বিধ) কাহৰ দৰব উপলব্ধ – সাধাৰণ মানুহৰ ধাৰণা হব কাহৰ চিকিৎসা তেনেই উজু। কিন্তু দৰাচলতে সেইটো সত্য নহয়। কাহৰ দৰবসমূহক ঘাইকৈ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। শুকান কাহ বন্ধ কৰিবলৈ ব্যৱহাৰ হোৱা এণ্টিটাচিভ (Antitussive) আৰু আন বিধ কফ বা খেকাৰ ওলোৱাবলৈ ব্যৱহাৰ হোৱা  এক্সপেক্টটৰেন্ট (Exectorant)।

 

অধিকাংশ একিউট কাহৰ লগত সাধাৰণতে পানী লগা-চৰ্দি জড়িত থাকে। ভাইৰাচে কৰা চৰ্দি-জ্বৰৰ ওপৰিও শ্বাসপ্ৰণালীৰ যি কোনো অংশৰ বেক্টেৰিয়েল সংক্ৰমণৰ ফলত একিউট কাহ হব পাৰে। চাইনাচৰ অসুখ, টনচিলৰ অসুখ, ফেৰিন্সৰ অসুখ, লেৰিন্সৰ অসুখ, ব্ৰংকাইটিচ,নিউমোনিয়া আদিয়ে একিউট কাহ কৰিব পাৰে। কিন্তু কেতিয়াবা এনে কাহ অতি গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে যেনে পাল্মোনেৰী এম্বলিজম বা কনজেষ্টিভ  হাৰ্ট ফেইলাৰ। চিকিৎসাৰ ক্ষেত্ৰত পানীলগা চৰ্দিৰ বাবে এণ্টি এলাৰ্জিক আৰু নেজেল-ডিকনজেষ্টেণ্ট ঔষধেই যথেষ্ট। কিন্তু আন আন কাৰণত কাহ হ’লে চিকিৎসকে যথেষ্ট মনোযোগেৰে ৰোগী পৰীক্ষা কৰিহে উপযুক্ত প্ৰতিবিধান দিব পাৰে। সাধাৰণতে বহু ক্ষেত্ৰত দেখা যায় একিউট কাহৰ নিজে নিজে উপশম  ঘটে।

 

চাব একিউট কাহ সাধাৰণতে শ্বাসপ্ৰণালীৰ নানাবিধ সংক্ৰমণৰ ফলত হয়। হুপিংকাহৰ ( Bordetella pertussis, ) সন্দেহ হলে থ্ৰট স্বাব কালচাৰ কৰি নিশ্চিত হব লাগে। উপযুক্ত এণ্টিবায়টিকৰ ওপৰিও ৰোগীক কমেও ৫দিন পৃথকে ৰাখিব লাগে। কিয়নো ই অতি সোঁচৰা ব্যাধি।

 

ক্ৰনিক কাহৰ সাধাৰণতে একাধিক কাৰণ থাকে। ৰোগীৰ বিতং হিষ্ট্ৰি লৈ পুংখানুপুংখকৈ ৰোগীক শাৰীৰিক পৰীক্ষা কৰি যাবতীয় অনুসন্ধান (লেব, এক্সৰে, চিটি-এম আৰ আই) প্ৰয়োজন অনুসৰি কৰি  কাহৰ কাৰণ ভালদৰে নিশ্চিত কৰিব লাগে। কোনো বীজাণুৰ সংক্ৰমণ নোহোৱাকৈও (Non-infective) কাহ হব পাৰে। উদাহৰণ হ’ল হাঁপানী, গেষ্ট্ৰ-ইচোফেজিয়েল-ৰিফাস্ক ডিজিজ, এলাৰ্জি, ফৰেইন বডি আদিৰ ফলত হোৱা কাহ। আকৌ কিছুমান মানুহৰ অভ্যাসৰ ফলটো ক্ৰনিক কাহ হোৱা পৰিলক্ষিত হয়।

 

এতিয়া কাৰণ অনুসৰি কিছুমান কাহৰ নাম উল্লেখ কৰিম :

১) প’ষ্ট ভাইৰেল কাহ – য’ত ৯০ শতাংশ হ’ল নন-বেক্টেৰিয়েল।

২) হাঁপানী বা ব্ৰংকিয়েল এজমা

৩) গেষ্ট্ৰাইটিচ জাতীয় অসুখৰ ফলত হোৱা কাহ

৪) বক্ষৰ সংক্ৰমণ – ব্ৰংকাইটিচ, নিউমোনিয়া আদি

৫) হুপিং কাহ – অতি সংক্ৰমণশীল, শিশুৰ বাহিৰে আনকি ডাঙৰো আক্ৰান্ত হব পাৰে

৬) টিবি বা যক্ষ্মাৰোগ

৭) ধূম্ৰপানে কৰা কাহ

৮) হাওঁফাওঁৰ কেঞ্চাৰ

৯) হৃদৰোগে কৰা কাহ যেনে কনজেষ্টিভ হাৰ্ট ফেইলাৰ

১০) ঔষধে উৎপন্ন কৰা কাহ – যেনে এচিই ইনহিবিটৰ ড্ৰাগে কৰা কাহ

১১) ক্ৰনিক অবচষ্ট্ৰাকটিভ পাল্মোনেৰী ডিজিজ (COPD)

১২) কৰ্মস্থলীত  প্ৰদূষিত বায়ু, বিষাক্ত গেছ, ধূলি-বালিয়ে কৰা কাহ

১৪) শ্বাস প্ৰণালীত যিকোনো ফৰেইন বডিয়ে কৰা কাহ

১৫) পাল্মোনেৰী এম্বলিজম

১৬) নন-এজমেটিক ইয়োচিনফিলিক ব্ৰংকাইটিচ

১৭) এলাৰ্জিক কাহ – ফুলৰ ৰেণুৱেও কৰিব পাৰে

 

যি কোনো কাহেই কেতিয়া বিপদজনক হৈ উঠিব পাৰে যদি ব্যক্তিজন উচ্চ ৰক্তচাপ, ডায়েবেটিজ, হৃদৰোগ, গ্লুকোমা, হাৰ্ট ফেইলাৰ, টিবি, প্ৰষ্টেট গ্ৰন্থিৰ বিকাৰগ্ৰস্ত ৰোগী নাইবা অতিশয় বৃদ্ধ লোক হয়।

 

কাহৰ চিকিৎসা :

সকলো ধৰণৰ কাহতে প্ৰযোজ্য কিছুমান প্ৰয়োজনীয় কথা –

খাবলৈ কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব লাগে। পানী সদায় প্ৰচুৰ পৰিমাণে খাব লাগে – যাতে কোনো কাৰণতে ডিহাইড্ৰেচন নহয়। ডিঙি নিমখ মিহলোৱা গৰম পানীৰে দিনে ৩-৪বাৰ কুলকুলি কৰিব লাগে। ডিঙি আৰু কাণত ফেন বা এচিৰ ঠাণ্ডা বতাহ লাগিব দিব নালাগে। মৌজোল -নেমু -কুহুমীয়া গৰম পানী দিনে ২-৩ বাৰ খোৱাটো ভাল। আদা,তুলসীপাতৰ ৰস আৰু মৌজোলৰ মিশ্ৰণো কাহৰ অসমীয়া থলুৱা চিকিৎসাত পৰে। গাৰু ওখকৈ ললে  কাহ কমকৈ আহিব। মেন্থল মিহলোৱা উতলা পানীৰ ভাপ দিনে ২-৩ বাৰ ললে কাহৰ উপশম ঘটিব আৰু কফ বক্ষৰ বাহিৰলৈ ওলোৱাত সহায়ক হব।

 

যদি কাহ দিনক দিনে বাঢ়ি গৈছে, কাহোতে খেকাৰৰ লগত তেজ ওলাইছে, শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰিছে – আৰু বিলম্ব নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। ব্লাড প্ৰেচাৰ বা হৃদৰোগৰ বাবে যদি কিবা দৰব খাই আছে – সেয়া চিকিৎসকক অৱগত কৰাওক আৰু তেওঁৰ অনুমতি নোহোৱাকৈ কোনো দৰব নাখাব। আপোনাৰ চিকিৎসকে যাবতীয় পৰীক্ষা কৰি দিয়া ঔষধ সঠিকভাবে ব্যৱহাৰ কৰি নিজকে আৰোগ্যৰ পথলৈ আনক। এলাৰ্জি জাতীয় কাহৰ নিৰাময়ৰ বাবে ‘হিষ্টাগ্লোবিন’ ভেকচিনৰ কোৰ্চ চিকিৎসকৰ পৰামৰ্শ অনুসৰি লৈ উপকৃত হব পাৰে। ‘হিষ্টাগ্লোবিন’ হ’ল হিষ্টামিন আৰু হিউমেন ইমিউনোগ্লোবিলিনৰ মিশ্ৰণৰ যোগেৰে ভাৰতবৰ্ষত তৈয়াৰী ভেকচিন। বিশ্বৰ বিভিন্ন দেশে ইয়াক প্ৰয়োগ কৰি শলাগ লৈছে। ঋতুস্ৰাৱ আৰু গৰ্ভাৱস্থাৰ বাহিৰে সৰু ডাঙৰ সকলোৱে ইয়াক গ্ৰহণ কৰিব পাৰে। সৰুৰ ক্ষেত্ৰত ড’জ ডাঙৰৰ আধা। এই ভেকচিন শ্বাসজনিত ৰোগৰ ওপৰিও নানাবিধ পুৰণি খজুৱতি, মাইগ্ৰেইন, ড্ৰাগ এলাৰ্জি আদি ৰোগত প্ৰয়োগ কৰি সুফল পোৱা গৈছে।

 

অভিভাৱকসকলে মনোযোগ দিব লাগে যাতে শিশুসকলে সকলো নিয়মীয়া ভেকচিন সময়মতে লৈ  হুপিংকাহ আৰু আন মাৰাত্মক ৰোগৰ পৰা সুৰক্ষিত থাকে যেন। যি কোনো কাহ হোৱা লোকেই ধূম্ৰপান সমূলি বাদ দিয়ক।

 

এই চমু লিখনিত কাহৰ এটি থুলমূল আভাসহে দিয়াৰ প্ৰয়াস কৰা হ’ল। শ্বাসপ্ৰণালীৰ আন এটি গুৰুত্বপূৰ্ণ অৱস্থা হাঁপানী ৰোগৰ চিকিৎসাৰ বিষয়ে পৰৱৰ্তী সময়ত আলোচনা আগবঢ়াম।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!