ইবলা ভাইৰাছ আতংক -(ছানী উজ জামান)

ইবলা ভাইৰাছ আতংক

-ছানী উজ জামান
বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ তথ্য মতে এইবছৰত (যোৱা বুধবাৰলৈকে) ইবলা ভাইৰাছৰ দ্বাৰা ৯৩২ জন লোক আক্ৰান্ত হৈছে। চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাই অহা এই ইবলা ভাইৰাছে পুনৰ দক্ষিণ আফ্ৰিকাত সংহাৰী ৰূপ ধাৰণ কৰিছে। এতিয়া প্ৰশ্ন হ’ল কি এই ইবলা ভাইৰাছ? কি ইয়াৰ ইতিহাস? কংগোৰ (সেইসময়ৰ জেইৰী) ইবলা নৈখন পাৰত পোন প্ৰথম বাৰ ইয়াৰ আবিৰ্ভাৱ হৈছিল বাবে ইয়াক ইবলা ভাইৰাছ বোলা হয়। ১৯৭৬ চনত প্ৰথমবাৰৰ বাবে ২৮৪ জন ব্যাক্তি আক্ৰান্ত হৈছিল আৰু তাৰে ৫৩% ৰ মৃত্যু ঘটিছিল। পুনৰ কেইমাহমানৰ পিচত আকৌ ইয়ামবুকু, জেইৰে, ইবুকত ৩১৮ জন আক্ৰান্ত হৈছিল আৰু আগৰ বাৰতকৈ অত্যাধিক হাৰত মৃত্যু হৈছিল (৮৮%)। এতিয়ালৈকে প্ৰায় তিনি হাজাৰজন ইবলাত আক্ৰান্ত হৈছে। এই ভাইৰাচৰ প্ৰকৃত বাহক এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এইটো ঠাৱৰ কৰা হয় যে বাদুলী এই ভাইৰাছৰ বাহক আৰু বাদুলীৰ পৰা ই আন জন্তুৰ শৰীৰলৈ বিয়পে। বান্দৰ এই ভাইৰাচত সচৰাচৰতে আক্ৰান্ত হয়।

ইবলা আতংকৰ কাৰণ কিয়?
Medical Sans Frontieres চমুকৈ MSF ৰ তথ্যমতে ইবলাত আক্ৰান্ত হোৱাসকলৰ ৯০% ৰে মৃত্যু হয় লগতে আন বহুজনকে আক্ৰান্ত কৰাব পাৰে। এই ভাইৰাচৰ কোনো ছিটা নাই। আক্ৰান্ত হোৱাৰ দুদিনৰ পৰা ২১ দিনৰ ভিতৰতে ৰোগৰ লক্ষণ দেখা দিয়ে। AIDS ভাইৰাছৰ লগত ইবলাৰ বহুখিনি মিল দেখা যায়।

কেনেদৰে বিয়পে?
ইবলা শাৰীৰিক ৰস, তেজ আদিৰ দ্বাৰা আক্ৰান্তজনৰ পৰা সুস্থ জনলৈ বিয়পে।

বতাহ, হাঁচি আদিৰ জৰিয়তে বিয়পাৰ প্ৰমাণ পোৱা হোৱা নাই।

লক্ষণ সমূহ কি কি?
হঠাৎ জ্বৰ উঠা, দুৰ্বল হৈ যোৱা, পেশীৰ বিষ, মূৰৰ বিষ আদি ইয়াৰ প্ৰাথমিক লক্ষণ। মেলেৰিয়া, টাইথয়েড জ্বৰ, মেনিনজাইটিছ আদিৰ দৰে ইবলাৰো প্ৰাথমিক লক্ষণ সমূহ একেই বাবে ৰোগ নিৰ্ণয়ত কেতিয়াবা বেমেজালি ঘটে। পৰীক্ষাগাৰত পাঁচবিধ ভিন ভিন পৰীক্ষাৰ অন্তত হে এই ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰিব পাৰি। আক্ৰান্ত সকলৰ আৰু কিছুমান লক্ষণ দেখা দিব পাৰে যেনে ৰঙা পৰা, বুকুৰ বিষ, উশাহ লোৱা আৰু খোৱাত কষ্ট অনুভব কৰা। লাহে লাহে বমি আৰু ডায়েৰিয়াও আৰম্ভ হয়।

চিকিৎসা কি?
এই ভাইৰাচৰ নিৰ্দিষ্ট কোনো চিকিৎসা নাই। দৰবো নাই। লক্ষণবোৰৰ ওপৰত ভিত্তি কৰি কিছু চিকিৎসা প্ৰদান কৰা হয়। ৰোগীৰ শৰীৰত পানীৰ পৰিমাণ বঢ়োৱা (hydrating), অক্সিজেনৰ মাত্ৰা ঠিকে ৰখা আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰি যিকোনো সংক্ৰমণৰ লগত ৰোগীজনক যুজিবলৈ সাজু কৰি ৰখাৰ প্ৰয়াস কৰা হয়। Zmapp আৰু Tekima নামৰ দুবিধ দৰব সাজু হৈ উঠিছে যদিও এতিয়াও পৰীক্ষাৰ পৰ্যায়তে আছে। বান্দৰৰ শৰীৰত এই দৰবে ভাল ফলাফল দিছে।

প্ৰতিৰোধ কিদৰে?
ক্লৰিণযুক্ত পানী, তাপ, সূৰ্য্যৰ পোনপটীয়া ৰশ্মি, চাবোন, ডিৰাৰজেণ্ট আদিৰ ব্যৱহাৰ কৰি এই ভাইৰাচ ধ্বংস কৰিব পাৰি। ইবলাৰ প্ৰাদূৰ্ভাব বৃদ্ধি পালে আন কিছুমান সাবধানতা লব লাগে—

(ক) সংক্ৰমিত ঠাই ভ্ৰমণৰ পৰা বিৰত থকা।
(খ) সঘনাই চাবোনপানীৰে হাত ধোৱা।
(গ) আক্ৰান্তজনক আনৰ পৰা পৃথকে ৰাখি স্বাস্থ্য কৰ্মীৰ তত্বাবধানত ৰখা।
(ঘ) স্বাস্থ্য বিভাগে জাৰি কৰা বিধান মানি চলা।
(ঙ) ভাইৰাচৰ আবিৰ্ভাব হ’লে মাংস খোৱা বন্ধ কৰিব লাগে।
(ঘ) মৃতদেহবোৰ প্ৰশিক্ষণযুক্ত স্বাস্থ্যকৰ্মীৰ দ্বাৰাহে শেষকৃত্য সমাপণ কৰিব লাগে। সাধাৰণ জনতাই তাত আগ-ভাগ ল’ব নালাগে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!