আঠ ধুৰন্ধৰৰ কাণ্ড :: ছাত্ৰাবাসৰ এডোখৰ (১৮) (- দিগন্ত যাদৱ শৰ্মা)
পটভূমি সত্তৰৰ দশকৰ কোনোবা এটা বছৰ। তেতিয়া পৰীক্ষাৰ প্ৰশ্নকাকতবোৰ ‘লিথু মেছিন’তে উলিয়াই লয়। মহাবিদ্যালয়খনত ছাত্ৰৰ সংখ্যাও কম। ছাত্ৰীৰ সংখ্যাও তথৈবচ! নতুনকৈ তেতিয়া ছাত্ৰীৰ নামভৰ্তি আৰম্ভ কৰিছিলহে! ছাত্ৰাবাসত থকা ছাত্ৰবোৰৰ বেছিভাগেই ধিতিঙালি কৰি দিন কটাইছিল। মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ গোটেই শ্ৰেণীটোৰ আঠজনমানে বছৰটোৰ প্ৰায় আটাইকেইদিনেই মাৰ-পিট, ধিতিঙালি কৰিয়েই কটায়। ঠিক পৰীক্ষা চমু চাপি অহাৰ লগে লগে ঘনাই ঘনাই তেওঁলোক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। এইবাৰ আঠজনীয়া দলটো দুই-তিনিটা ভাগত বিভক্ত হৈছিল। অৱশ্যে তেওঁলোকৰ মাজত মনোমালিন্য হোৱা নাছিল। কামৰ সুবিধাৰ বাবেহে তেনে কৰা হৈছিল। ভেষজবিদ্যাৰ পৰীক্ষাত তেওঁলোক আটাইকেইজনৰেই এইটোৱেই শেষ সুযোগ। দাস চাৰে নিজেই প্ৰশ্নকাকত তৈয়াৰ কৰিছিল। এইবাৰ কিন্তু তেওঁ আন কাকোকেই এই কামত বিশ্বাস কৰা নাছিল। কেইদিনমান আগৰ ঘটনাটোৰ বাবে বিশ্বাস চাৰৰ ওপৰত আস্থা একেবাৰেই হেৰুৱাই পেলাইছিল। দাস চাৰ ভেষজবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক। বিশ্বাস চাৰো একে বিভাগৰ সহযোগী অধ্যাপক। দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰশ্নকাকত তৈয়াৰ কৰাৰ দায়িত্ব বিশ্বাস চাৰকে দিছিল। অতিকৈ গহীন-গম্ভীৰ বিশ্বাস চাৰৰ ছাত্ৰ-ছাত্ৰীৰ লগত ভাল সম্বন্ধৰ কথা বাদেই বিভাগৰ আন আন অধ্যাপক অথবা কৰ্মচাৰীৰ লগতো বিশেষ মাতবোল নকৰিছিল। গতিকে তেনে এজন মানুহৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ আশঙ্কা একেআষাৰেই নুই কৰিব পাৰি। কিন্তু ঘটনাটোৱে দাস চাৰ আৰু বিশ্বাস চাৰৰ লগতে বিভাগত জড়িত আন আন সকলোকে আচৰিত কৰি তুলিছিল।
পৰীক্ষা ঠিকেই হৈ গৈছিল। মহাবিদ্যালয়ত বিশেষভাবে জনাজাত আঠজনীয়া দলটোৱে দ্বিতীয় বৰ্ষৰ ভেষজবিদ্যাৰ পৰীক্ষাত আটাইতকৈ বেছি নম্বৰ পাইছিল। শ্ৰেণীকোঠাত কোনোদিনে কোনো এটা প্ৰশ্নৰে সঠিক উত্তৰ দিব নোৱাৰা সেই আটাইকেইজনে কেনেকৈ আটাইবোৰ প্ৰশ্নৰে শুদ্ধ উত্তৰ কৰিব পাৰিছিল! সেইটো সেইসময়ত এটা কৌটিটকীয়া প্ৰশ্ন আছিল! বেলেগ বেলেগকৈ বহা স্বত্বেও আটাইকেইজনৰ উত্তৰবোৰৰ ধৰণ-কৰণো একেই আছিল। নিৰ্ঘাত প্ৰশ্নকাকত ফাদিল নহলে এনে ঘটনা কেতিয়াও হ’ব নোৱাৰে। বিশ্বাস চাৰক সোধপোছ কৰিও একো উৱাদিহ উলিয়াব পৰা নাছিল। কাৰণ বিশ্বাস চাৰে মজিদ কাইৰ লগত লাগি থাকি নিজেই ‘টাইপ’ কৰি ‘লিথু’ কৰিছিল। পিছত তেওঁৰ সন্মুখতে ‘প্লেট’বোৰ জ্বলাই দিছিল। আৰু প্ৰশ্নকাকতবোৰো লগে লগে বিভাগটোৰ পৰা তেওঁৰ আবাসলৈকে নিজেই লৈ গৈছিল। পৰীক্ষাৰ দিনা ৰাতিপুৱা নিজ হাতে আকৌ লৈ আহিছিল।
ভেষজবিদ্যা সচাকৈয়ে টান বিষয় আছিল। আগৰে পৰা ভালদৰে নপঢ়িলে পৰীক্ষাত যে ‘ফেইল’ কৰিব লাগিব সেইটো কথা আটাইয়ে বুজি পাইছিল। গতিকে ধুৰন্ধৰ কেইজনে প্ৰশ্নকাকত সৰকোৱাৰ অভিসন্ধি কৰিছিল। ‘অসম আৰ্হি’ৰ ছাত্ৰাবাসটোৰ উত্তৰ পূব কোণত অৱস্থিত ভেষজবিদ্যাৰ বিভাগটো। পাল পাতি কেইবাটাও গোটত বিভক্ত হৈ বিভাগটোৰ ওপৰত চকু ৰাখিছিল আঠ ধুৰন্ধৰে। কেতিয়া কোন সোমায়, কেতিয়া কোন ওলায়। ঠিক তেনেদৰে এদিন ছাত্ৰাবাসৰ কোঠালীৰ খিৰিকীয়েদি পৰ দি থকা অৱস্থাত দুজনৰ বিভাগৰ পিছফালে পেলনীয়া জাবৰ থকা ঠাই টুকুৰালৈ চকু গ’ল। বিশ্বাস চাৰে হাতত কেইখনমান ‘লিথু প্লেট’ লৈ ঠিয় দি আছিল। অলপ পিছতেই মজিদ কায়ে হাতত দিয়াশলাই এটা লৈ আহিছিল। কাঠি এটা টান মাৰি উলিয়াই দিয়াশলাই বাহটোত জ্বলাই ললে। বিশ্বাস চাৰে তাৰ ওপৰতে ‘প্লেট’ কেইখন ধৰিলে। আটাইকেইখন আধামান জ্বলিব লওঁতেই হাতৰ পৰা জাবৰ থকা ঠাইটুকুৰাত পেলাই দিলে। কিন্তু তেওঁলোক দুয়ো ‘প্লেট’কেইখন সম্পূৰ্ণ জ্বলি যোৱাৰ পিছত নিশ্চিন্ত হৈহে আকৌ ভিতৰ সোমাইছিল।
আবেলি চাৰে চাৰি বজাৰ পিছত বিভাগটোত তলা ওলোমাই আটাইবোৰ গুছি গৈছিল। ইতিমধ্যে ধুৰন্ধৰ গোটটোৰ পাঁচ-ছয়জন গোট খাইছিল। আটাইকেইজনে ঠাইটুকুৰালৈ গ’ল। জ্বলি যোৱা কিন্তু ছাই হৈ নোযোৱা ‘লিথু প্লেট’ কেইখন আলফুলে বুটলি ললে। এজনৰ কোঠাত ‘হিটাৰ’ এটা আছিল। ‘হিটাৰ’টো ‘অন’ কৰি লৈ এখন এখনকৈ ‘প্লেট’বোৰ ওপৰত থবলৈ ধৰিলে। এজনে আৰ্চী এখন অনালে। এজন কাগজ কলম লৈ মেজত বহিল। ‘হিটাৰ’তো গৰম হৈ ‘ফিলামেন্ট’বোৰ টিকটিকিয়া ৰঙা হৈ পৰিল। ‘প্লেট’বোৰ অলপ ইফাল-সিফাল কৰাত ফুটাবোৰেৰে আখৰবোৰ উজ্বলি উঠিছিল। ওলোটাকৈ দেখা আখৰবোৰ আৰ্চীখনত ঠিকেই পঢ়িব পাৰিছিল। ‘প্লেট’কেইখনৰ মাজৰ দুখনত তিনিদিন পিছত সিহঁতৰ হ’বলগীয়া পৰীক্ষাৰ প্ৰশ্নকাকত আছিল। সেইবাবেই তেওঁলোকৰ উত্তৰ আৰু পোৱা নম্বৰ সমূহো একেই আছিল। শেষত গৈ থৈ দাস চাৰে পৰীক্ষাটোকে বাতিল কৰি আকৌ পাতিবলৈ ঠিক কৰিছিল।
সেইসময়ত যিকোনো বিষয় এটাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ মুঠ তিনিটা সুযোগ পোৱা গৈছিল। ইয়াৰে এটা মূল পৰীক্ষাৰ লগত সন্নিবিষ্ট হৈ আছিল। ইয়াৰ পিছত ‘এফ-১’ আৰু ‘এফ-২’ বুলি দূটাকৈ সুবিধা পোৱা গৈছিল। আঠ ধুৰন্ধৰৰ আটাইকেইজনেই মূল পৰীক্ষাত অকৃতকাৰ্য্য হৈ ‘এফ-১’ত অৱতীৰ্ণ হৈছিল। তাতেই এই বিপত্তিখন! ‘এফ-২’ত যদি সুবিধা পোৱা নাযায় আটাইকেইজনৰেই নিৰ্ঘাট এবছৰ পিছুৱাই যাব। আটাইকেইজনেই ঠিক কৰি ললে এইবাৰো যদি প্ৰশ্নকাকত সৰকাব পৰা যায় সকলোৱে একে ধৰণৰ উত্তৰ নিলিখে। বেছি ‘গাধ’কেইটাই মাত্ৰ উত্তীৰ্ণ হ’বৰ জোখাৰেহে উত্তৰ কৰিব। আলঙে আলঙে চাই থাকি পৰীক্ষাৰ আগৰ দিনা এটা কথাত উপনীত হ’ল যে প্ৰশ্নকাকত কোনোৱে ঘৰলৈ নিয়া নাই। নিশ্চয় বিভাগটোত থকা একমাত্ৰ আলমাৰিটোতে আছে!
তিনি কিলোমিটাৰ আতঁৰত থকা এক ধুৰন্ধৰৰ মোমোয়েকৰ তালৈ দুই ধুৰন্ধৰে যাত্ৰা কৰিলে। তেওঁ চৰকাৰৰ মুখ্য বিভাগ এটাৰ বৰবাবু। মোমায়েকৰ হাতত কাৰ্যালয়ৰ আলমাৰিবোৰৰ একোছা চাবি থাকে। ছাত্ৰাবাসৰ ‘কমন ৰুম’ৰ আলমাৰিটোৰ চাবি হেৰুওৱা বুলি পতিয়ন নিয়াই মোমায়েকৰ চাবিকোছা লৈ আহিল। কোনোবা এটা চাবিৰে নিশ্চয় খুলিব! আহোতে কৈ আহিল ৰাতিপুৱাই চাবিকোছা মোমায়েকৰ হাতত তুলি দিব। নিশা দহ-বজাত দুই ধুৰন্ধৰে বহুতো প্ৰবন্ধ কৰি ‘ভেণ্টিলেটৰ’ৰে হাঁকোটা সোমোৱাই পিছ দুৱাৰখন খুলি থলে। সন্মুখৰ দুৱাৰখন খুলিবলৈ সাহস নহ’ল আৰু প্ৰকাণ্ড তলা এটাও ওলমি আছিল। আন দুই ধুৰন্ধৰে চাবিকোছা লৈ আলমাৰি খোলাত লাগিল। ভাগ্য সুপ্ৰসন্ন আছিল। এপাকত খুলিল। আশা কৰা ধৰণেই প্ৰশ্নকাকত আলমাৰিটোত সোমাই আছিল। অন্য দুই ধুৰন্ধৰে প্ৰশ্নকাকত এখন লৈ ছাত্ৰাবাসলৈ দৌৰ দিলে। আন দুই ধুৰন্ধৰে মেজত লেম্প চাকি লৈ কাগজ-কলম লৈ সাজু হৈ আছিল। লৰালৰিকৈ লিখি প্ৰশ্নকাকত লৈ আকৌ বিভাগটোত দৌৰ দিলে। আকৌ ঠিকঠাক কৰি আটাইকেইজন ওলাই আহিল। কিন্তু পিছফালৰ দুৱাৰখন কোনোমতেই বাহিৰৰ পৰা হুক লগাই থব নোৱাৰিলে। তাৰো ব্যৱস্থা কৰা হ’ল। অৱশ্যে সেয়া ৰাতিপুৱা চাৰে আঠ বজাতহে কৰিব পৰা গৈছিল।
মজিদকায়ে ৰাতিপুৱা চাৰে আঠ বজাত আহি বিভাগটোৰ কোঠাবোৰ পৰিষ্কাৰ কৰেহি। সেইদিনাও ব্যতিক্ৰম নহ’ল। দুই ধুৰন্ধৰ আগৰে পৰাই সাজু হৈ আছিল। মজিদকাই ঘাই দুৱাৰখন খোলাৰ লগে লগে দুই ধুৰন্ধৰ আহি উপস্থিত!
: কি হ’ল তোমালোক দুজনৰ?
: মজিদ কাই কালি ‘নোটবুক’ এখন হেৰুৱালো। বহুত বিচাৰিলোঁ। নাপালোঁ। কালি দিনত এবাৰ ইয়াত সোমাইছিলোঁ। কিজানি কৰবাত এৰিয়ে থৈ গ’লো। তাকেই এবাৰ বিচাৰিব আহিছোঁ।
: ঠিক আছে, চোৱা তেন্তে। শ্ৰেণীকোঠা অথবা ‘অফিচ ৰুম’ত নিশ্চয় নাই! থাকিলে মই পালোহেতেঁন!
: নাই নাই মজিদ কাই! পিছফালৰ বাথৰুমৰ কাষত থকা মেজখনতে চাই লওঁ। বাথৰুমত সোমোৱা মনত আছে।
মজিদকায়ে খিৰিকীবোৰ খুলি থাকোতে এক ধুৰন্ধৰে পিছফালৰ দুৱাৰখনৰ খিলি লগাই থৈ আহিলগৈ। কোৱা বাহুল্য সেইবাৰ আঠজনেই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ‘প্লেন’ কৰি থোৱা মতেই উত্তৰ লিখিছিল। উত্তৰ সমূহো বেলেগ বেলেগ আছিল। পোৱা নম্বৰবোৰো বৰ বেছি নাছিল। চাৰিজনমানে কোনোমতেহে উত্তীৰ্ণ হৈছিল। ৰাতি টোপনি ক্ষতি কৰিব লগা হোৱাত আঠজনেই পৰীক্ষাত টোপনিয়াই টোপনিয়াই লিখিছিল। হয়তো পৰীক্ষাত তহল দি থকা শিক্ষককেইজনে ভাবিছিল -ইহঁত কেইটাই শেষ সুযোগ বাবে টোপনি ক্ষতি কৰি কৰি বৰকৈ পঢ়িছেদেই!