ডীল – উৎপল জোনাক হাজৰিকা

“তুমি কি ভাবিছিলা? মই বিয়া কৰালোনে নাই? চিৰিয়াচ হ’লোনে নাই?” ড্ৰিংক্সত চুমুক দি সি তাইলৈ চালে৷ তাইৰ মুখত সেই একে ৰহস্যময়ী হাঁহি৷ “না৷ মই সেইবোৰ একো ভবা নাই৷” “দেন?” সি তাইৰ পৰা এটা উত্তৰলৈ বাট চালে৷ “সোণাপুৰৰ ৰিজৰ্টটো বিক্ৰী কৰিব খোজো৷ পাৰ্টি এটা লাগে৷ তুমি জানিবা৷” তাৰ হাতৰ ৰঙীণ গিলাচটো নামি আহিল টেবুললৈ৷ বৰ কৰুণতাৰে চালে সি তাইক৷ পাৰ্চটোৰ পৰা কাৰ্ড এখন উলিয়াই তাইৰ সমুখত থ’লে৷ “মোৰ নতুন অফিচৰ এড্ৰেচ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!