ৰহঘৰা – কুলদীপ ৰঞ্জন দত্ত
বহুসংখ্যক মানুহৰ মুদ্ৰাদোষ থাকে৷ তাৰ ভিতৰত এটা হ’ল একোটা বিশেষ শব্দৰ প্ৰতি থকা দুৰ্বলতা৷ যেনে ধৰক বহুতে প্ৰতিটো কথাতে “আপোনাৰ ” শব্দটো ব্যৱহাৰ কৰে৷ তাৰ ফলত সৃষ্ট এটা সম্ভাব্য বেমেজালি.
প্ৰথম ব্যক্তি: হেৰি, ভাত কিহেৰে খালে?
দ্বিতীয় ব্যক্তি: এই “আপোনাৰ” ৰৌ মাছৰ মূৰ এটা আছিলে, এই “আপোনাৰ” ছোৱালীজনীয়ে বনালে …
প্ৰথম ব্যক্তি: মোৰ ছোৱালীজনীয়ে আপোনাৰ তাত কেতিয়া কি বনালে?
দ্বিতীয় ব্যক্তি: নহয় হে, এই “আপোনাৰ” মোৰ ছোৱালীজনীয়ে বনালে ……… মচলা.চচলা দি খুব ভালকৈ বনালে …….. মানে কৈছো নহয়, “আপোনাৰ” মূৰটো খাই বহুত ভাল লাগিলে!