দুৱাৰ – ৰূপাংকৰ চৌধুৰী
– বড়ো দা! উঠাই দিয়ক জেগাত!
– এয়া লোৱা। মাৰা।
– চাইটটটটটটটটটটটটটট!৹৹৹৹৹৹
–অই পহু?? কি কৰি আছ?? উঠ! সাজু হ‘বলৈ হ‘ল। জল্দি গৈ মুখ হাত ধুই আহ গৈ। আমাৰ খেল ৮টা বজাত আছে। আৰু কি চাইট চাইট কৰি আছ? সপোনত মাৰি ফালিলে নহ‘ব। আজিৰ খেলত দেখুৱাবি যিমান দেখুৱাব আছে।
হিল্লোল দাই ভাঙি দিলে প্ৰহ্লাদৰ ঘুমটি। নষ্ট হ‘ল আন এক ধুনীয়া সপোন। আহ! কি মজা লাগি আছিল! বড়ো দাই সুন্দৰকৈ লিফ্ট কৰি উঠাই দিছিল চৰ্ট বলটো। একদম জেগাত। আৰু সি ক‘ৰ্টৰ বাহিৰৰ পৰাই পজিচন লৈ দিছিল– একদম ফাৰ্ষ্ট ক‘ৰ্টত! ধেই! পুৱাই পুৱাই মিছাতে! সপোন আৰু দিঠকৰ মাজত সেয়াই পাৰ্থক্য। বড়ো দাই বাৰু তাক লিফ্ট কৰিব পাৰিবনে বাৰু? তেখেত হ‘ল অসম ভলীবল টিমৰ মুখ্য খেলুৱৈ আৰু আমাৰ হোষ্টেলৰ প্ৰাক্তন আবাসী। পাঁচ বছৰ আগতে বিশ্ববিদ্যালয় এৰি গৈছে! এতিয়া হোষ্টেলৰ ভলীবল টীমৰ প্ৰশিক্ষক। তেখেতৰ প্ৰশিক্ষণ আৰু প্ৰহ্লাদহতঁৰ সকলোৰে দলগত প্ৰচেষ্টাত সিহতঁৰ আবাসে আজি ফাইনেল খেলিব। বিশ্ববিদ্যালয় সপ্তাহৰ আন্তঃ আবাস ভলীবল প্ৰতিযোগিতাৰ। বিশ্ববিদ্যালয়ৰ আটাইতকৈ কম আবাসী থকা হোষ্টেল সমূহৰ এটা। মাত্ৰ ২৫জন আবাসী থকা এটি হোষ্টেল। ১০০জন আৰ৹চি৹চি৹ থকা হোষ্টেলৰ লগত কি পাত্তা পাব? হয়তো কি পাত্তা পাব? খেলতেই পাত্তা পাব নে সাংস্কৃতিক বিভাগৰ প্ৰতিযোগিতাত?? কিন্তু পাৰিছিল। আৰ৹চি৹চিৰ তুলনাত এক–চতুৰ্থাংশ আবাসীক সাৰথি কৰিয়েই লক্ষ্যৰ কাষলৈ আগুৱাই যাবলৈ। সমানে সমানে নিজৰ স্বভিমানেৰে এক সুকীয়া স্থান দখল কৰিবলৈ। কাৰণ লগত আছিল কেইজন মান যোদ্ধা– তাৰেই মাজৰ এজন হিল্লোল দা। হিল্লোল দাই নতুন পহু সমুখত পালে এটাই ডাইলগ– অই পহু?? কি খেলিব জান‘??৹৹৹৹
আজিৰ পৰা ঠিক ন মাহ আগতেই ঠিক একেইজন হিল্লোল দা আছিল এই হোষ্টেলৰ প্ৰহ্লাদে আটাইতকৈ দেখিব নোৱাৰা ছিনিয়ৰ আবাসীজন। হোষ্টেলৰ প্ৰকাণ্ড বাৰাণ্ডাত বহি কেইজনমান হোষ্টেলৰ পৰা ওলাই যোৱা চিনিয়ৰ আবাসীক লগত লৈ তাক কৌতুকৰ বিষয় বনাই আড্ডা জমাই আছিল——-
– অই পহু?? কি খেলিব জান‘?
–দাদা? মই?? ক্ৰিকেট জানোঁ দাদা।
– অই এইটো হাই লেবেল দিয়া মাল কিজানি। ক্ৰিকেটহে জানে হেনোঁ? ক্ৰিকেট আবাসৰ প্ৰতিযোগিতাত খেলা নহয়। এনেই আনিলোঁ ইয়াক হোষ্টেলত।
– অ বে। ইয়াক কি কামত লগাব পাৰিম বাৰু? নাটকত গুণ্ডাৰ পালি–প্ৰহৰীৰ পাৰ্ট কৰিব দিব পাৰি নাইবা সমবেত সংগীতত ‘লিপিচিং‘ৰ বাবে! হাহাহাহাহাহহাহাহাহাহা।
– নহয় নহয়। ইয়াক ডাকোৱালৰ কামত লগাব লাগিব। এনেয়েও আজি কালি আমাৰ হোষ্টেলৰ চকীদাৰ দাস দাই নাহেই ডিউটিত। ইয়াক গাৰ্লছ হোষ্টেলৰ লৈ চিঠি নিয়া আৰু অনাৰ কামত লগাব লাগিব!
–হাহাহাহাহাহাহাহাহাহাহাহহাহাহাহা
– নাই ৰে। ইয়াক নাই ডিউটিত ব্যৱহাৰ কৰা ভাল হ‘ব। গোটেই ৰাতি সাতমাইল, আমিনগাওঁ, মালিগাওঁ দৌৰি থাকিব *****।
– নাই ইয়াৰ দ্বাৰা সেইচব নহ‘ব। ইয়াক সৌ হোষ্টেলৰ সমুখৰ খালটোত পৰিলে ভলীবল আনিবলৈ পঠাব লাগিব।
– দাদা। ইয়াত ভলীবল খেলাও হয় নেকি বাৰু??
– কিয়? তই আমাক এতিয়া ভলীবলৰ টিপছ দিবি নেকি বে??
– হাহাহাহাহাহাহাহাহাহা
– নহয় দাদা। মই মানে অলপ চলপ ভলীবল জানো খেলিব।
– আবে কথা শুন ইয়াৰ? অই এই ঢোলহেন পেটটো সমুখত লৈ তই আমাক ভলীবল খেলাই দেখুৱাবি?
– নহয় মানে। ডিগ্ৰী পৰীক্ষাৰ আগে পিছে ঘৰত বহি বহি পেট ওলাই গ‘ল!
– ***** কথা শুন বে ইয়াৰ? অই কালি পুৱাই ওলাবি। তোৰ পৰীক্ষা লোৱা যাব। এতিয়া যা।
ইমান সময়ে তাৰ লগত হোৱা কাণ্ড–কাৰখানা বোৰ ৰূমৰ ভিতৰৰ পৰা চাই আছিল অৰ্ণৱে। ৰূমত সোমোৱাৰ লগ লগে প্ৰহ্লাদক টানি নি সি বিচনাত বহুৱালে। অৰ্ণৱ তাৰ বাল্য বন্ধু। দুয়োৰে শৈশৱ প্ৰায় একেলগে পাৰ হৈছে। এইটো আবাসত দুয়ো একেলগে সোমাইছে। অৰ্ণৱ ৰসায়ন বিজ্ঞান বিভাগত আৰু প্ৰহ্লাদ জীৱ বিজ্ঞান বিভাগত।
– কি হে পাইছে তোক? কিয় ক‘ব লাগে তই ভলীবল খেলিব জান‘ বুলি? এতিয়া পাবি মজা? পঢ়া–শুনা শেষ হ‘ব। খেলিয়েই থাকিব লাগিব। অচিন্ত্য দাই কোৱা কথা মনত নাই? তেখেতেও হোষ্টেলত আছিল। হোষ্টেলৰ আদব–কায়দা তেখেতৰ নখ দৰ্পনত। হোষ্টেলত কেনেকৈ চলিলে নিজৰ পঢ়া কেৰিয়াৰত হানি নহয়– কোৱা নাছিল জানোঁ তেখেতে?
– কোন অচিন্ত্য দা? আচ্চা আমাৰ গাওঁৰ সেই নিজক লৈ ব্যস্ত থকা জন??
– নিজক লৈ ব্যস্ত থাকিব পাৰে। আজি সি এটা মাল্টিনেচনেল কোম্পানীত চাকৰি কৰে। মোটা দৰমহা, কোম্পানী প্ৰদত্ত গাড়ী লৈ ঘুৰি ফুৰে, বাংলা দিছে কোম্পানীয়ে। চহৰৰ এজনী ধনী ব্যৱসায়ীৰ একমাত্ৰ জীয়ৰীৰ লগত তাৰ বিয়া ঠিক হৈ আছে!
–বাদ দে ও তাৰ কথা! মোটা দৰমহা, কোম্পানীৰ গাড়ী, বাংলা লৈ কি কৰিছে সি? নিজৰ মাকজনীয়েই বেচেৰীয়েই ইমান কষ্ট কৰি তাক ইমান উচ্চ শিক্ষা দিয়ালে– এতিয়া সেই মাকজনীৰ খবৰ ল‘বলৈ তাৰ আহৰি নাই। দেখিছিলোঁ তাক সিদিনা ফাঁচী বজাৰত – চহৰৰ ধনী ব্যৱসায়ীৰ একমাত্ৰ জীয়েকজনীয়েই হ‘ব কিজানি। হাতত ধৰা–ধৰিকৈ হাঁহি হাঁহি ঘুৰি আছিল। হাতত বহুকেইটা টোপোলা লৈ। অলপ পিছতে মোৰ ঘৰৰ পৰা ফোন আহিছিল। দেউতা টাউনলৈ গৈছিল। হস্পিটাল। অচিন্ত্যৰ মাকৰ যোৱা–থোৱা অৱস্থা। দেউতা আৰু আমাৰ গাওঁৰে যদু খুৰাই ১০৮ মাতি, লগত লৈ গৈছিল। অচিন্ত্যক বোলে কথাটো কৈ দুবাৰমান ফোন কৰিছিল। সি জৰুৰী মিটিংত ব্যস্ত থকা বুলি কৈ ফোন ৰাখিছিল। আৰু তাৰ কথা মতে চলি কি আমিও নিজৰ মা–দেউতাক পাহৰি যোৱা বিধৰ হ‘ব লাগে নেকি?
– ভাল উপদেশ দি লাভ নাই তোক। পঢ়াশুনাত আগবাঢ়ি যাবলৈ হ‘লে এই খেলা–ধূলাবোৰক নিজৰ পৰা আতৰ কৰি ৰাখিব নোৱাৰিলে একো নহ‘ব। প্ৰতিটও ষাণ্মাসিকতে বেক লাগি থাকিব!
– কিয় তেনেকৈ ভাবিছ? অৰ্ণৱ! কথাবোৰ তেনেকুৱা নহয়৹৹৹৹৹
সময়– প্ৰহ্লাদ বিশ্ববিদ্যালয়ত অহাৰ ৭মাহ পিছত। স্থান– মাৰ্কেটৰ ৰবীন দাৰ ‘মেঘালী‘। টেবুলত– গজা দুটা আৰু লাল (কলা?) চাহ দুকাপ। সমুখত প্ৰহ্লাদৰ প্ৰেয়সী– জাহ্নৱী।
–তেন্তে কেনেকুৱা হয় কথাবোৰ? এয়া কি? ৩ নম্বৰৰ বাবে তুমি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ‘ব নোৱাৰিলা!
– ধেই! ইয়াতে শেষ নহয়টো! আৰু ৩টা ষাণ্মাসিক বাকী আছে নহয়।
– হুহ! আচল কথা ৩টা ষাণ্মাসিক বাকী থকাতো নহয়।
– তেন্তে কি?
–তোমাৰ মগজুত বাহ লোৱা সেয়া খেলৰ ভুত! কিমানে কি কৰিছে হে খেলি?? কিবা গ্লেমাৰ থকা খেল হ‘লেও কথা বেলেগ আছিল– ভলীবল? এক্কেবাৰে গাঁৱলীয়া কাৰবাৰ! ক্ৰিকেট খেলা, বেডমিন্টন খেলা। ভলীবল আৰু খেল নেকি কিবা? ভাৰতৰ ক্ৰিকেট টীমৰ অধিনায়ক– মহেন্দ্ৰ সিং ধোনী। আৰে ধোনীক বাদ দিয়া। ক্ৰিকেট টীমৰ আটাইকেইজন খেলুৱৈক আমাৰ দেশৰ বাচ্চা বাচ্চাই চিনি পাই! তুমি নিজেই চিনি নোপোৱা কিজানি ভাৰতৰ ভলীবল টীমৰ অধিনায়কজনক!
– অভিজিত ভট্টাচাৰ্য।
– কি? মই নাট্যকাৰৰ নাম সোধা নাই।
– মইও নাট্যকাৰ অভিজিত ভট্টাচাৰ্যজনৰ নাম কোৱা নাই। অভিজিত দা। ভাৰতৰ ভলীবল টীমৰ অধিনায়ক। অসম টীমক এইবাৰ অসমত হ‘বলগীয়া ‘নেচনেল গেমছ‘ত তেখেতেই নেতৃত্ব দিব।
– বাপৰে। ইমান খবৰ আছে তোমাৰ হাতত?
– অ। আমি সকলোৱে তেখেতক লৈ গৌৰৱ কৰিব লাগে।
– ঠিক আছে। তোমাক এটা শেষ প্ৰশ্ন– ভলীবল নে মই?
– মানে?
– মানে– ভলীবল খেলি যাবা নে মোৰ লগত থাকিবা? আৰু যদি মোক সদায় তোমাৰ কাষত বিচৰা তেন্তে ভলীবলক বিদায় দিয়া জীৱনৰ পৰা।
– আৰে। এয়া কি কথা কোৱা– মই ভলীবল খেলি ভাল পাওঁ– সেয়া মোৰ নিচা। খেলিলে মই মানসিক আৰু শাৰিৰীক অৱকাশবোৰ আঁতৰাবলৈ সহজ অনুভৱ কৰোঁ। তুমি হ‘লা মোৰ প্ৰেৰণা– তোমাক সমুখত ৰাখি এক সুন্দৰ ভৱিষ্যতৰ সপোন দেখোঁ মই।
– সপোনৰ দুনীয়াতে উটি–ভাঁহি থাকা তুমি। পাহৰি যোৱা কেতিয়াবা মোক ভাল পাইছিলা বুলি!
– কি আজে বাজে কথা কোৱা? ভলীবল খেলাৰ লগত আমাৰ প্ৰেমৰ কি সম্পৰ্ক আছে?
– তুমি নুবিজিবা প্ৰহ্লাদ। মোৰ কাৰণে বহুতো ল‘ৰাৰ প্ৰস্তাৱ আহি আছে। সকলোবোৰ মই নাকচ কৰি আছোঁ। একমাত্ৰ তোমাৰ আশাত। তোমাৰ এক সুন্দৰ ভবিষ্যতৰ আশাত। কিন্তু তুমি এনেদৰে খেলকে নিচা কৰি ল‘লে – হ‘ব জানোঁ এক সুন্দৰ ভবিষ্যত? পাৰিম জানোঁ আশা কৰিব? এনেদৰে আশাভংগ হোৱাতকৈ নিজকে সেই আশাৰ পৰা দূৰত ৰখাতোৱে সকলোৰে বাবে মংগলজনক। সময় আছে তোমাৰ হাতত। মই আৰু ভলীবল– যিকোনো এটা। বল তোমাৰ ক‘ৰ্টত ৹৹৹৹৹৹৹৹
স্থান– বিশ্ববিদ্যালয় ভলীবল প্ৰাঙ্গন। সময়– ৰাতিপুৱাৰ ন–বাজি। বিশ্ববিদ্যালয় সপ্তাহৰ আন্ত: আবাস ভলীবল প্ৰতিযোগিতাৰ ফাইনেল খেল।
প্ৰহ্লাদৰ আবাসৰ সমুখত এটি আৰ৹চি৹চি আবাসৰ দল।ঢোল, তাল, বৰকাঁহ, কাহী, বাল্টি লৈ সকলো আবাসীয়ে নিজ নিজ আবাসৰ দল সমুহক উৎসাহ যোগাই আছে। লীগৰ খেল চাবলৈ সিমান দৰ্শক নহয়। কিন্তু আজি ফাইনেল খেল। এখন সুন্দৰ খেলৰ আমেজ ল‘বলৈ সকলো আবাসৰে আবাসী সকলকে আদি কৰি গোটেই জালুকবাৰীখন যেন উঠি আহিছে আজি। কিন্তু প্ৰহ্লাদে জেদ পাতি আছে– সি নেখেলে! হিল্লোল দা, বড়ো দা, ত্ৰিদিপ দাকে আদি কৰি সকলোৱে তাক আগুৰি ধৰি আছে।
– আবে। বল তোৰ ক‘ৰ্টত এতিয়া। শেষবাৰ তোক সুধিছোঁ। খেলিব নে নাই ফাইনেল?
– তই নেখেলিলে কেনেকৈ হ‘ব বে পহু? নে আমাক গছত উঠাই গুৰিত কাটিব খুজিছ?
– কথাটো তেনেকুৱা নহয় হিল্লোল দা।
– ও আচ্চা। তই নতুন পহু হৈ হোষ্টেলত যে আমি তোক কামোৰ দিছিলোঁ? তাৰেই আখেজ পূৰণ কৰিবি তই খেলিব মন কৰা নাই ন? আবে, আমি প্ৰথম প্ৰথম অহা সকলোকে তেনেকুৱা কৰো দেখোন। হোষ্টেলৰ নিয়ম। হোষ্টেলতে তহঁতে ‘কামোৰ‘ সহ্য কৰিব নিশিকিলে ক‘ত শিকিবি? জালুকবাৰীৰ পৰা ওলোৱাৰ পিছত হে আচল পৃথিবীৰ মুখা–মুখি হ‘ব লাগিব। ইয়াতে হোষ্টেলৰ বিনামূলীয়া উপদেশ আৰু কামোৰ অভ্যাস নিশিকিলে আগন্তুক জীৱনত কিমান যে কষ্ট পাবি নাজান নেকি? এতিয়া জানো সেইবোৰ ধৰি ৰাখিব লাগে? তোক কি মই বা আমি চিনিয়ৰ সকলে নিজৰ ভাইৰ দৰে মৰম নকৰোঁ?
– ধেই! চকুৰ পানী উলিয়াব নেকি এতিয়া ‘চেন্টি‘ দি দি?? কথা সেইটো নহয়। মই নেখেলোঁ। বহুত কথা আছে। মোৰ জীৱনৰ কথা আছে। আৰু আপোনালোকে কিয় ইমান ভয় খাইছে?
– তই নেখেলিলে আমাৰ শ্মেছিং কোনে কৰিব? পইন্ট কোনে স্কোৰ কৰিব? কথাবোৰ নুবুজ কিয়??
– প্ৰহ্লাদে খেলিব হিল্লোল দা। আৰু আপোনলোকৰ হোষ্টেলৰ মানো ৰাখিব। লগতে বড়ো দাৰ কথা ৰাখিব।
– জাহ্নৱী তুমি?
– অ প্ৰহ্লাদ। মই। তুমি কি ভাবিছিলা? মোৰ পৰা লুকাই ৰাখিবা নিজৰে খেলি ভাল পোৱা মনটোক?
– নহয় মানে!
– হুহ!! তোমাৰ প্ৰতিখন খেলেই চালোঁ মই। তোমাৰ জনপ্ৰিয়তা দেখি মই মোহিত। কেইজনে পাৰে এনেকৈ খেল আৰু পঢ়াক একেলগে আগুৱাই নিবলৈ?
– কিন্তু তুমি যে কৈছিলা? ভলীবল বা তুমি– এটা বাচিবলৈ। মই ভাবিছিলোঁ তুমি আজি আহিবা বুলি। সেয়েহে মই নেখেলাৰ সিদ্ধান্ত লৈছোলোঁ! কিন্তু তুমি আমাৰ আটাইকেইখন খেলেই চালা যেতিয়া…
– মই ভুল কৰিছিলোঁ প্ৰহ্লাদ। মই গৌৰৱ কৰোঁ– নিজকে তোমাৰ প্ৰেয়সী বুলি চিনাকী দিবলৈ। যোৱা প্ৰহ্লাদ খেলা। তোমাৰ খেলি ভাল পোৱা মনটোক মোৰ বাবে বান্ধি নাৰাখিবা। তোমাৰ শ্মেছিংৰত যাদু দেখাৱাই দিয়া।৹৹৹৹৹৹৹
স্কোৰ – ২–২, নিৰ্ণায়ক ছেট। দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি আছে দুয়োটা দলেই। ভীষণ উত্তেজনা চৌদিশে।
– বড়ো দা। কথা এটা কওঁ। মই বেক লাইনত আহিলে আমাৰ আক্ৰমণ বহুত দুৰ্বল হয় যায়। তাৰেই সুবিধা লৈ আছে সিহঁতে।
– কথাটো মই মন কৰিছোঁ। পিছে কি কৰোঁ। আৰু যে আন উপায় নাই??
– উপায় আছে। আজি মোতকৈও এজন ভাল খেলুৱৈ খেলিব। মোৰ বন্ধু আপোনালোকৰ পহু– শ্ৰীমান অৰ্ণৱ তালুকদাৰ। আমাৰ অঞ্চলৰ আটাইতকৈ ভাল খেলুৱৈ। ইমানদিনে খেলা–ধূলাই তাৰ পঢ়াশুনাত হানি কৰিব বুলি খেলা নাছিল। কিন্তু সি যেতিয়া দেখিলে যে মই খেল খেলিও ফাৰ্ষ্ট ক্লাছ চেকেণ্ড হ‘লো আৰু সি দিন–ৰাতি কেৱল পঢ়িও চেকেণ্ড ক্লাছতে সন্তুষ্ট থাকিব লগা হ‘ল– সি সিদ্ধান্ত ল‘লে খেলাৰ। কিন্তু আপোনালোকে তাক– ‘ইমান দিনে খেলিব নাজানো‘ বুলি মিছা মতা বাবে ‘ফালন‘ দিব বুলি ভয়তে খেলা নাছিল।
– কি? অৰ্ণৱে ইমান ভাল খেলে?
– অ, বড়ো দা। বহুত ভাল খেলুৱৈ সি।
– ঠিক আছে ‘ৰিস্ক‘ ল‘ম বাৰু। কিন্তু একমাত্ৰ তোৰ কথাত।৹৹৹৹৹
নিৰ্ণায়ক ছেট– ৭–৫ (অন্তিম ছেটটো ১৫স্কোৰতে শেষ হ‘ব।), প্ৰহ্লাহঁত পিছ পৰি আছে।
– দেখিলি অৰ্ণৱ? অভ্যাস অকল ৰসায়ন বিজ্ঞানৰ সূত্ৰ আৰু সমীকৰণবোৰ আয়ত্ব কৰিবলৈ নহয়। ভলীবল খেলৰ বাবেও প্ৰয়োজন। লগতে প্ৰয়োজন অধ্যৱসায়। ক্ষীপ্ৰ ভাৱে কোনো সিদ্ধান্ত লোৱাৰ মানসিকতা– এই সকলোবোৰেই আমাক খেলা–ধূলাই শিকাই।
– ঠিক কৈছ প্ৰহ্লাদ। খেলৰ পৰা আয়ত্ব কৰিব বহুতো যোগাত্মক দিশ আছে যিবোৰ আমি পঢ়াশুনাত ব্যৱহাৰ ক