মোৰ প্ৰকাশ পোৱা নতুন কিতাপখন – দিগন্ত কুমাৰ ভট্টাচাৰ্য
আচলতে মোৰ প্ৰথম আৰু একমাত্ৰ কিতাপখন প্ৰকাশ হোৱাৰ পিছৰে পৰাই কথাটো লক্ষ্য কৰিলোঁ। বহুতেই মোৰ মেছেজ’ৰ উত্তৰ নিদিয়া হ’ল। বাটত কাৰোবাক দেখিলেও তেওঁ ফোনটো কাণত গুজি ‘বিৰাট ইম্প’ৰটেন্ট কল দেই, পিছত কথা পাতিম’ বুলি ইংগিত দি দৌৰা-দৌৰিকৈ আঁতৰি যোৱা হ’ল। ‘আপুনি তাম্মাম লিখে হে, কিতাপ উলিয়াওক দুখনমান..আনে নিকিনিলেও মই কিনিম এশ কপি’ বুলি কোৱা মোৰ শুভাকাংক্ষী দুজনমানলৈ ফোন কৰিলে এতিয়া ‘হেল্লো, হেল্লো..বৰুৱা নেকি? হেল্লো..এহ্…এই ৰিলায়েন্সৰ নেটৱ’ৰ্ক ইম্মান বেয়া, একো নুশুনি’ বুলি দহছেকেণ্ডৰ ভিতৰতে কাটি দিয়া হ’ল। তেতিয়াহে মই বুজিলোঁ বহু কথা……
মোৰ কিতাপখন প্ৰকাশ কৰাৰ আগতে কিমান যে কল্পনা কৰিছিলোঁ মনতে। আহ: নিজৰ নামটো মানে ‘অবিৰাম বৰুৱা’ বুলি ডাঙৰকৈ লিখা থাকিব ক’ভাৰ পেজটোত, বেক্ ক’ভাৰটোত থাকিব ডাঙৰ ফ’টোৰে সৈতে মোৰ চমু পৰিচয়। হাজাৰ হাজাৰ কপি বিক্ৰী হ’ব মোৰ কিতাপখনৰ। কিতাপখন উলিওৱাৰ আগতে বন্ধু ৰাজীৱক সুধিছিলোঁ-‘কিমান কপি ছপাও? এক লাখ?’ সি হাঁহিছিল খুকখুকাই। কৈছিল- ‘অসমত খুব বেছি এক লাখ মান পঢ়ুৱৈ আছে। তাৰে বিশহাজাৰে কিতাপ কিনি পঢ়ে। তাৰ ভিতৰত পাঁচহাজাৰে গল্প পঢ়ে। সেই পাঁচহাজাৰৰ একহাজাৰ মানে নতুন লেখকৰ লেখা পঢ়ে। এতিয়া তোক চিনি পোৱা মানুহ অতি বেছি পাঁচশ। গতিকে এশ কপি ছপাই দে, পঞ্চাশ কপি বিক্ৰী হ’ব ছিওৰ!’
সেইদিনাই ৰাজীৱৰ লগত সকলো সম্পৰ্ক ছেদ কৰিলোঁ- মোক ইমান ‘আণ্ডাৰ এষ্টিমেট’ কৰাৰ সাহ!
মই পাঁচহাজাৰ কপি ছপালোঁ। বিশ কপি দোকানৰ পৰা কোনোবাই কিনিলে। বাকী ত্ৰিশ কপি বহুতকে ফোন কৰি, ভৰিত পৰি কিনালোঁ। দহ কপি মান বিয়া-বাৰ্থ-ডে’ত দিলোঁ ৰঙীণ কাগজেৰে বান্ধি কোনেও গম নোপোৱাকৈ।
তাৰ পিছত ঘৰত পৰি ৰ’ল প্ৰায় চাৰি হাজাৰৰ ওপৰত কিতাপ। শ্ৰীমতীয়ে গালি পাৰে। থবলৈ ঠাই নাই। আনকি ৱাশ্বিং মেচিনটোও কিতাপেৰে ভৰি আছে। অৱশেষত, প্ৰতি কিলো পাঁচটকাত ওচৰৰ গেলামাল দোকানখনত গোটেইখিনি বিক্ৰী কৰিলোঁ আজি। মনটো বৰ ফৰকাল লাগিছে। আজি বন্ধু ৰাজীৱক ফোন এটা কৰিব লাগিব। বৰ বেয়াকৈ কৈছিলোঁ তাক! শ্ৰীমতীয়ে কিতাপ বিক্ৰী কৰি পোৱা টকাখিনি ভগৱানৰ থাপনাখনত ৰাখিছে।
মই সুধিলোঁ-‘তাত কিয় ৰাখিছা পইচাখিনি?’
‘মই মনে মনে ভাবি থৈছিলোঁ- কিতাপখিনি নোহোৱা হ’লে সত্য নাৰায়ণ পূজা এভাগ কৰিম..আৰু প্ৰাৰ্থনা কৰিছিলোঁ-তুমি যাতে আৰু কেতিয়াও কিতাপ প্ৰকাশ কৰিবলৈ মন নকৰা। এই পইচাখিনি পূজাৰ নামতেই খৰচ কৰিম দিয়া!’