সম্পাদকীয় (আদিত্য ৰঞ্জন দত্ত)
আহিন নানামে হেনো তুমি নাহিলে!
হয়, বাংময় শৰৎ আৰু অভিমানী আহিনৰ আজন্ম সম্বন্ধ। কবিৰ কলমৰ পৰা আৰম্ভ কৰি গীত, চিনেমা, সাধুকথা সকলোতে আছে আহিনৰ জয়গান। কোনো এটা দুপৰীয়া ক’ৰবাত বাজি উঠা এটা যেন বাঁহীৰ সুৰ! এটা গৰখীয়া বাঁহী! আহিন হ’ল সুখৰ গান।
শেৱালি সৰি ৰোৱা দুবৰিত নিয়ৰৰ প্ৰথম প্ৰলেপ!
কিন্তু মুদ্ৰাস্ফীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাই তথৈবচ কৰি তোলা দেশ এখনত সুখৰ গান কেনেকৈ সম্ভৱ কৰি তোলোঁ!
সৌ সিদিনা নিজৰ সন্তানক বুকুত বান্ধি ব্ৰহ্মপুত্ৰত জাপ দিয়া দম্পত্তিহালৰ কথা নক’লেযে পাপে চুব। প্ৰতিযোগিতাময় এই যুগত পদে পদে যে ভূলুন্ঠিত হৈছে মানৱীয়তা! কিমান দুখৰ বোজা বুকুত থাকিলে কোনো পিতৃ-মাতৃয়ে ল’ব পাৰে এনে সিদ্ধান্ত!
পুৱাৰ বাতৰি কাকতখন মেলি ল’লেই যেন দিনটো হৈ পৰে অন্ধকাৰ। ভাল খবৰৰ অন্বেষণত হাহাকাৰ কৰি ফুৰে হৃদয়ে। সংবাদ মাধ্যমে ঢুকি নোপোৱা হাজাৰজনী নিৰ্ভয়াই কান্দি থাকে ৰাজপথৰ মেনহ’লবোৰত। ফাঁচিকাঠত ওলমি ৰয় খুচৱন্ত সিঙৰ ৰসাল কমেডি!
শিক্ষাৰ প্ৰতিযোগিতা! বেয়া নম্বৰ পোৱা একোগৰাকী শিক্ষাৰ্থীৰ পাৰ্থিৱ শৰীৰ শেষ কৰি দিয়াৰ প্ৰৱণতা! ক্ষন্তেকৰ আবেগত জিকি ৰয় ধ্বংসৰ একোটা আৰ্তনাদ! কিমান আৰু দুখৰ বোজা ব’ব একোখন মাতৃ হৃদয়ে! কবিৰ কবিতাবোৰ বলিয়া বানত উটি যায়। কলমৰ চিয়াঁহী শুকায়।
কিন্তু তথাপি যে আহিন আহিবই। শৰতে বাংময় ৰূপ ল’বই।
প্ৰাণোময় শৰতত শেৱালী ফুলিবই। ডিক্ৰঙত ব’বই প্ৰেমৰ ঢল! আহিনক বলিয়া কৰি তোলা শ্ৰদ্ধাৰ শিল্পী ৰাণাদাৰ গীতে প্ৰাণ পাই উঠিবই। কবিয়ে নিয়ৰত তিতিবই।
ভাল খবৰৰ অন্বেষণত থকা হৃদয়ে ভাল খবৰ বিচাৰি ল’বই।
ভাল খবৰ বুলি কওঁতেই প্ৰথমে ‘লোকেল কুংফু’ৰ কথাই মনলৈ আহিল। সৰ্বভাৰতীয় স্তৰত মুক্তি পোৱা অসমীয়া কথাছবিখনে দৰ্শকৰ মন মুহি নিছে। যেন অসমীয়া ছবিৰ সোণালী দিন উভতি অহাৰ প্ৰথমটো ইংগিত!
এনাজৰী ডট্ কম নামৰ অসমীয়া ৱেবচাইটটোৱে বিশ্বৰ প্ৰথম পাঁচটা শ্ৰেষ্ঠ সাংস্কৃতিক ৱেবচাইটৰ ভিতৰত স্থান লাভ কৰিছে! আহিনৰ বতৰত ইয়াতকৈ ভাল খবৰ কি হ’ব পাৰে?
অ’ মোৰ আপোনাৰ দেশৰ সমন্বয় যাত্ৰা! অসমৰ কেইবাটাও জনজাতীয় ভাষালৈ অনুবাদ কৰি জাতীয় সংগীতটো পৰিবেশন কৰা হৈছে এই হিংসা-সন্ত্ৰাসৰ সময়ত।
এৰা! বিচাৰিলেইচোন ভাল খবৰ পোৱা যায়। আহিনেই লৈ আহে বোকোচাত সহস্ৰ ভাল খবৰ!
এই শাৰদী বেলা এইয়াই আমাৰ প্ৰাৰ্থনা। হৃদয়ৰ পৰা হৃদয়লৈ বৈ পৰক আহিন!
ডিক্ৰংৰ বুকুৱেদি বৈ আহক শৰৎ!
বৰষুণ হৈ পৰক শৰৎ!
শাৰদীয় শুভকামনাৰে,
আদিত্য ৰঞ্জন দত্ত
সচাঁকৈয়ে । যুগৰ ধামখুমীয়াত হেৰাই যাব খুজিছে মানৱীয়তাৰ সতে সম্পৰ্ক থকা শব্দবোৰ আৰু ঋতুৰ মাদকতা ।
“…শৰত কালৰ যত মহাগুণ সৱয়ো বিদিত ভৈল…..” (দশম স্কন্ধ ভাগৱত)
“…আহিনেই লৈ আহে বোকোচাত সহস্ৰ ভাল খবৰ..আহিন নানামে হেনো তুমি নাহিলে!..” (সম্পাদকীয়)
“Great minds think alike”
সম্পাদকীয় দৃষ্টিভংগী আৰু কামনাবোৰ সঁচাকৈ শাৰদীয় প্ৰকৃতিৰ দৰেই নিৰ্মল আৰু মনোমোহা। আপোনালৈ আৰু সাহিত্য.অৰ্গৰ সকলো সদস্য তথা বিষয়ববীয়ালৈও শাৰদ শুভেচ্ছা জ্ঞাপন কৰিলো।