গোৱালপৰীয়া লোকগীত -( জয়দীপ চক্ৰৱৰ্তী)
গোৱালপৰীয়া লোকগীত
সংগ্ৰহ: জয়দীপ চক্ৰৱৰ্তী
প্ৰেম-পীৰিতিত ছল-চাতুৰী, ঠগ-প্ৰৱঞ্চনা কোনো অস্বাভাৱিক কথা নহয়। অলংকাৰ আৰু প্ৰাচুৰ্যৰ প্ৰতি দুৰ্বল নাৰীসকল সহজেই প্ৰেম-পীৰিতিত প্ৰৱঞ্চকৰ হাতত পৰে। তেনে এগৰাকী প্ৰৱঞ্চিতা নাৰীৰ দুঃসহ জীৱনৰ কৰুণ কাহিনী ফুটি উঠা এটি গোৱালপৰীয়া লোকগীত:
নাক ডাঙাৰাৰ বেটাটা
চোখ ডাঙাৰাৰ নাতিটা,
মোক ভুলাইলি সতীৰ খাৰু দিয়া।
আগতে না কইছিলিৰে তুই…
তোৰ খেতেৰ মাটিৰ লেখায়-জোখায় নাই।
ঘৰত আসিয়া দেখিলুং মুই
পৰাৰ ঘৰত থাকিস তুই,
দিনে ৰাতি খুজিয়া বেৰাং মুই।
নাক ডাঙাৰাৰ বেটাটা
চোখ ডাঙাৰাৰ নাতিটা,
মোক ভুলাইলি হাতেৰ শাখা দিয়া।
সেলায় না কইছিলুঙৰে মুই…
মোটা কাপোৰ পিন্দিম না,
মোটা চাউলেৰ ভাত নাখাইম মুই
চতুৰালি কৰলু তুই,
দিনে ৰাতি খুজিয়া বেৰাং মুই।
নাক ডাঙাৰাৰ বেটাটা
চোখ ডাঙাৰাৰ নাতিটা,
মোক ভুলাইলি নকল সোনা দিয়া।
সেলায় না কইছিলিৰে তুই…
হাল চাইৰ খান গৰু চাইৰটা
তোৰ চেউৰি গৰুৰ লেখায়-জোখায় নাই,
ঘৰত আসিয়া দেখলুং মুই, চতুৰালি কৰলু তুই
ঘৰত না তোৰ খুদিৰ গুৰাও নাই।।
(শব্দাৰ্থ – ডাঙাৰাৰ = বিকৃত, চোখ= চকু, আসিয়া= আহি, দেখিলুং= দেখিলোঁ
পৰাৰ = বেলেগৰ, বেৰাং= ঘুৰিফুৰা, কইছিলুঙ=কোৱা, চাইৰ = চাৰি, খুদি= ভগা চাউল )