এখন বিষাদ চহৰ (বৰ্ণিল বাস্তৱ)
এখন বিষাদ চহৰৰ বাসিন্দা মই
তোমাৰ হাই-টেক্ হৃদয়ৰ আহ্বান
মোৰ বাবে অবাঞ্চিত ।
আগ্ৰহহীনতাত অভ্যস্ত মোৰ কলিজা
সহজতে আওকান কৰিব পাৰোঁ কথাবোৰ
মগজুৰে শাসন কৰিব পাৰোঁ দুচকুক ।
তোমাৰ প্ৰতিটো আহ্বানৰ প্ৰত্যুত্তৰত
মই অন্ধ ধৃতৰাষ্ট্ৰ।
যদিও নিয়ম ভঙাৰ দুৰ্বাৰ বাসনা মনত
সামৰি থওঁ সকলোবোৰ
মগজুৰে ভাবোঁ
বুকুৱে উচুপি উঠে দুখত ।
দুখৰ ভৰ কিমান সেয়া জানো
মোৰো আছে
হৃদয় নামৰ এটুকুৰা ৰঙা মাংসপিণ্ড
যাৰ বাবেইতো ইমান কষ্ট …
ৰাতিবোৰ যেতিয়া গাভৰু হয়
নিদ্ৰাহীনতাত মাজে মাজে কান্দোঁ
এখন বিষাদ চহৰৰ বাসিন্দা হোৱাৰ দুখত ।
দেখো বুলি দেখিব নোৱাৰোঁ সপোন
এই চহৰ সপোনবৰ্জিত
সপোনে কন্দুৱায়
আশাই কন্দুৱায়
হেঁপাহে কন্দুৱায়
মগজুৰ আদেশ –
বৰ্জন কৰা হওঁক দুখৰ কাৰণবোৰ …
মানি লওঁ আদেশ
যিহেতু এখন বিষাদ চহৰৰ পুৰণি বাসিন্দা মই
আবেগহীন এটি জীৱনৰ অনুশীলনত
ক্ৰমশঃ …