এটা শব্দৰ অনুপস্থিতি : ডাঃ কুমাৰ পাৰ্থপ্ৰতিম৷
ব্লাড বেংকৰ ডিউটিত আছিলোঁ ৰক্তদাতাসকলক এজন এজনকৈ পৰীক্ষা কৰি৷
এজন বত্ৰিশ বছৰমান বয়সৰ মানুহ আহি মোৰ সন্মুখত বহিলহি৷
ফৰ্মখন লৈ সুধিলো, “পেচেণ্ট কি হয় আপোনাৰ?”
উত্তৰ আহিল, “মোৰ ল’ৰাৰ মিছেছ৷”
এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷ মানুহজনৰ বয়সটো আকৌ এবাৰ ফৰ্মখনত চকু ফুৰাই চালো৷ হয়, বত্ৰিশ বছৰেই হয়৷
“আপোনাৰ ল’ৰাৰ মিছেছ মানে? আপোনাৰ ল’ৰাৰ বয়স কিমাননো?”
“অ’হ! ! ! ছৰি ছাৰ, মোৰ লগৰ ল’ৰাৰ মিছেছ! ! ! ’
লগৰ’ শব্দটো ক’ব নোৱাৰাকৈ ‘মিছ’ হৈ গ’ল৷
“
জোৰ কৰি উঠা হাঁহিটো কোনোমতে দমাই ৰাখি মিচিকিয়া হাঁহি এটাৰে তেওঁক ক’লো,
“দেখিলে, এটা শব্দ মিছ কৰিলে অৰ্থৰ কেনে পৰিবৰ্তন হৈ যায়৷ হব দিয়ক, আজি আমি দুয়োটাই সেই প্ৰমাণ পালো৷ নে কি কয়? ”
সেমেনা সেমেনি কৰি লাজুক হাঁহি এটাৰে তেওঁ ক’লে,
“নকব আৰু ছাৰ, ’মোৰ ল’ৰা’ হ’বলৈ মই বিয়াই পতা নাই এতিয়ালৈ৷”
ময়ো আন এটা মিচিকিয়া হাঁহিৰে কথাটো তাতেই সামৰিলোঁ৷ মানুহজনক আৰু অপ্ৰস্তুত কৰিবলৈ সত নহ’ল৷
কিন্তুু পেটে পেটে নিজকে নিজে এইবুলি কৈ ভিতৰুৱাকৈ পৰম ৰস পালো,
“ভাগ্য ভাল, ‘লগৰ’ শব্দটো ‘মিছ’ কৰাৰ লেখীয়াকৈ ‘ল’ৰাৰ’ শব্দটোও ‘মিছ’ কৰি আপুনিযে মোক ভুলতে পেচেণ্ট গৰাকী ‘মোৰ মিছেছ হয়’ বুলি নকলে, কাৰণ তেনেকে কোৱাহলে আপোনাৰ লগৰ ল’ৰাজনে বৰ দুখ পালেহেঁতেন৷”
হাঁহিলোঁ দেই ৷ হা হা ৷