ভয় -(ৰুণচ্‌ শৰ্মা)

Fear“মাজনী ,সোনকালে শোৱাদেই…শুনিছানে সৌৱা শিয়ালৰ মাত…সোনকালে নুশুলে শিয়াল ককা আহি লৈ যাব কিন্তু…লগত হুদুটো আহিলেতো হলেই আৰু….শুনিছানে কি ভয়গা মাতটো..!”- বছ, টোপনি নাহিলেও গাৰুত মুৰ গুজি টোপনি অহাৰ ভাও…লগে লগে মাৰ মিঠা মিঠা গুণগুণননি- “শিয়ালী এ নাহিবি ৰাতি..তোৰে কাণে কাটি লগামে বাতি..শিয়ালীৰ মুৰতে মৰুৱা ফুল…..”– নাহি কলৈ যাব টোপনি?

“ভাত কিন্তু পুৰা খতম কৰিব লাগিবদেই…পাতত ভাত এৰিলে ৰাক্ষস আহি তোমাৰ পেটটোকে খাই পেলাব…।” লগে লগে চুছি-মাজি পাতৰ ভাত শেষ। “সন্ধিয়া এন্ধাৰ হোৱাৰ আগে আগে ঘৰ সোমাবা দেই কিন্তু, ৰাতিতো জানাই কিমান ভুতে কিলবিলাই থাকে !” ঠিক সেই কথা মতেই কাম.. খেলি খেলি ঠিক আন্ধাৰ হওঁ কি নহওঁতেই ঘৰত হাজিৰ। ৰাক্ষস, শিয়াল,ফেঁচা,ৰাৱণ, ভুত আৰু যে কত কিমান ভয় ! কোনো চিন্তা নকৰাকৈ মাহঁতে দেখুওৱা সেই ভয়বোৰ মানি লৈছিলো। ডাঙৰে কোৱা কথা..মিছা হব পাৰেনে?…ঠিক এনেকুৱাই আছিল ধাৰণাবোৰ। আজিকালি গাঁৱে- ভূঁয়ে কতো সেই শিয়াল দেখিবলৈও নাই, গাৰ নোম ঠিয় হৈ যোৱাকৈ মাত মাতিবলৈ হুদুও নাই, আজিকালিৰ লৰা ছোৱালীয়ে ৰাৱণ কোন চিনিয়েই নাপায় ! ভয় খাবনো কি বুলি। এতিয়াৰ ল’ৰা ছোৱালীৱে খেলিবলৈও আন্ধাৰ হোৱালৈকে বাট চাই থাকে। মাজে মাজে সেই পুৰনি দিনবোৰলৈ ভাবিলে যে ইমান ভাল লাগে…ভাবো পুৰণি কালৰ সেই ভয়বোৰ এতিয়াও থকা হলে!
সিদিনাৰ কথা..শনিবাৰ..ল’ৰা ছোৱালী দুইটাৰে স্কুল বন্ধ। ফ্লেটৰ বন্ধ দুৱাৰৰ ভিতৰত ল’ৰা ছোৱালীহালৰ প্রচণ্ড উৎপাত । বিশেষকৈ শনি আৰু দেওবাৰে এনেকুৱা লাগে, ঘৰ এৰি যেন কৰবালৈ গুছি যাম…খুট খাট কাজিয়া, ধুম ধাম, ভঙা-ছিঙা; মুঠতে এক বিৰাট হুলস্থূল। চাৰে পাঁচ বছৰীয়া ল’ৰাটো ,তিনি বছৰীয়া ছোৱালীজনী। কোনো কাৰো কথা শুনিবলৈ প্রস্তুত নহয়। দাবী- ধমকিবোৰৰ এফেক্ট ৫ মিনিটৰ কাৰণেও নাথাকে। মুঠতে মাক বাপেকৰ নাজল – নাথল অৱস্থা। এদিন হঠাৎ মনত পৰিল আমি সৰু থাকোতে আমাৰ মাহঁতে আমাক যে ভয় খুৱাইছিল! ভাবিয়েই মনটো ভাল লাগি গ’ল “উপায় এটা পালো, উহ্, কাম দিলেই হয় !” মুখৰ আওভাওত অলপ গহীন গহীন ভাৱৰ প্রলেপ সানি, ছোৱালীজনীক মাতি আনি কলো “চিম্পী, তোমালোকে এই ৰাতিখনযে ইমান উৎপাত কৰিছা, ৰাক্ষস এটাই মনে মনে চাই আছে ৰ’বা ,ৰাক্ষসৰ খুব খঙ উঠিছে ,এতিয়াই আহিব ।” তাই জানো কিবা বুজিলে নে নাই ! লগে লগে ল’ৰাটোৰ উত্তৰ “ চিম্পী, একো নহয়; মাই তোমাক এনেই কৈছে, ৰাক্ষস চাক্ষহ মিছা কথা…এইবিলাক FICTION । চোটা ভীমত দেখা নাই !” ককায়েকৰ পৰা নির্ভয়বাণী পাই দুয়োৰো পুণৰ উৎপাত আৰম্ভ।
মনে মনে ভাবি থাকিলোঁ, আচলতে মোৰ এই উঠি থকা খঙটো কালৈ বাৰু? এই কার্টুন চিৰিয়েল আৱিস্কাৰ কঁৰোতাজনলৈ নে মাকে দেখুওৱা ভয়টো FICTION বুলি কব পৰা চাৰে পাঁচ বছৰীয়া ল’ৰাটোলৈ নে নিজলৈকে?

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!