আমাৰ দিনত -(উদ্দীপ তালুকদাৰ)

আমাৰ দিনত

 -উদ্দীপ তালুকদাৰ

uddip talukdar_anubhab

বয়স বাঢ়িছে। ‘আমাৰ’ দিনৰ বহু বস্তু আজিকালি নাইকিয়া হ’ল। আজি হঠাৎ তেনে এটা বস্তু মনত পৰি গ’ল। কোনোবাই বিশ্বাস কৰক বা নকৰক, আমাৰ দিনত ঊল গোঁথা পুলিচ আছিল। বিদ্যা শপত! লাগিলে আমাৰ দিনৰ কাৰোবাক সুধি লওঁক।

অসম আন্দোলনৰ আশে-পাশেই হ’ব কিজানি। য’তে-ত’তে পুলিচ। সদায়েতো আৰু সমদল ওলাই হাল্লা-হূলস্থূল নালাগে। গতিকে আধাদিন তেওঁলোকে টাউনৰ ওলোৱা-সোমোৱা মূল পথৰ দাঁতিত বেঞ্চ এখন পাৰি দুই-তিনিজন চিপাহীৰ দল এটা ৰৈ থাকে। লাঠী কেইডাল বেঞ্চখনতে আওঁজাই থৈ দিয়ে। তাৰে তিনিজনৰ কমেও এজনে উল গুঁথি থাকিবই থাকিব। কাৰ কাৰণে যে ছুৱেটাৰ গুঁথি থাকিছিল, সেইটো নাজানো। কাৰণ কেতিয়াও বুকুৰ ওপৰলৈ গুঁথি হোৱা ছুৱেটাৰ মই দেখা নাই। প্ৰায়ে, তলৰ দুইৰপৰা চাৰি ইঞ্চিমানহে শলাকেইডালৰ তলত ওলমি থাকিছিল।

দৃশ্যটো আমাৰ দিনৰ মানুহৰ মনত থাকিব পায়। কাৰণ গুঁথি থকা ছুৱেটাৰকেইটা প্ৰায়ে ৰঙা-হালধীয়া এনেকুৱা উজ্জ্বল ৰঙৰে আছিল। সাতমাইল দূৰৈৰ পৰাই চকুত পৰে। অসম আন্দোলনৰ পুলিচ বিভীষিকাৰ লগত ঊল গোঁথা পুলিচৰ দৃশ্যই মানুহক কেনেকুৱা ইমেজ দিছিল মই নাজানো। কিন্তু এতিয়া ভাবিলে সঁচাই আচৰিত হওঁ।

আমাৰ দিনবিলাক সঁচাকৈয়ে গ্ৰেইট্‌ আছিল। আমাৰ দিনত… ঊল গোঁথা পুলিচ আছিল।

আৰু এটা ইণ্টাৰেষ্টিং কথা! আজিকালি কোনোবাই ছুৱেটাৰ গোঁথেনে? কোনোবাই গোঁথে কিজানি। নহ’লেনো বজাৰত ক’ৰপৰা ছুৱেটাৰ ওলাব। কিন্তু আমাৰ যে ঘৰে ঘৰে ঊল গোঁথা শলাবিলাক আছিল, সেইবিলাক সৱ পুৰণি ট্ৰাংকৰ চেপত সোমাল!

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!