অসমীয়া কল্পবিজ্ঞান সাহিত্যঃ যেন অৰণ্য ৰোদন – সত্যেন্দ্ৰ বৰদলৈ
বিজ্ঞান-নিৰ্ভৰ; বৰ্তমান নহ’লেও যাৰ অস্তিত্ব অতীতত অসম্ভৱ নহয়, বা যিটো ভৱিষ্যতে বাস্তৱায়িত হোৱাটো স্বাভাবিক বা বৈজ্ঞানিক বিচাৰত সম্ভৱ; তেনে বিষয়ৰ আলমত ৰচিত সাহিত্যই কল্পবিজ্ঞান সাহিত্য৷ মহাকাশ অভিযান বাস্তৱায়িত হোৱাৰ আগতেই, সপ্তদশ শতিকাতে জোহান্স কেপলাৰে ‘Somnium’ আৰু ফ্ৰান্সিচ্ গডউইনে ‘The Man in the Moon’ লিখিছিল৷ জনাথন চুইফ্টৰ ‘গালিভাৰ্চ ট্ৰেভেল্চ’ লুডভিগ হলবাৰ্গৰ ‘Neils Klim’s Underground Travel’ একে শাৰীৰে বিখ্যাত কল্পবিজ্ঞান সাহিত্য৷ মেৰি শ্বেলিৰ ফ্ৰেংকেনষ্টাইন আধুনিক অৰ্থত প্ৰথম কল্পবিজ্ঞান৷ এড্গাৰ এলেন পো, এইচ জি ৱেলচ, জুল ভাৰ্ণৰ বিশ্ববিখ্যাত কল্পবিজ্ঞান নপঢ়া বা তেওঁলোকৰ বিষয়ে নজনা লোক হয়তো শিক্ষিত সমাজত নোলাব৷ Twenty thousand Leagues Under the Sea, The Time Machine, The Invisible Man, A Journey To The Centre of the Earth, From the Earth To The Moon আদি গ্ৰন্থবোৰৰ নাম কোনে শুনা নাই ?
আৰ্থাৰ চি ক্লাৰ্কৰ “ 2001: A Space Odyssey ” ৰ একাধিক অসমীয়া সংস্কৰণৰ প্ৰকাশে অসমীয়া পাঠকৰ মাজত ইয়াৰ জনপ্ৰিয়তাৰে প্ৰমাণ দিয়ে ৷ অৰুণোদয়ৰ পাততে অসমীয়া কল্পবিজ্ঞানে ভুমুকি মাৰিলেও বা ঊষা, আৱাহন আদিত এনে জাতীয় সাহিত্য বিচাৰি পালেও সম্পূৰ্ণ বিশুদ্ধ অসমীয়া কল্পবিজ্ঞান ৰচিত হয় সৌৰভ কুমাৰ চলিহাৰ হাতত, ১৯৫০ চনত ৰচিত “ মিনি নয়জ ” (পিছত ‘আৱাজ ’ নাম দিয়ে) নামৰ গল্পটিৰ জৰিয়তে৷ তেখেতৰ পিছত ড°বিজয়কৃষ্ণ দেৱশৰ্মা, ড° দীনেশ চন্দ্ৰ গোস্বামী, ড° ভবেন্দ্ৰ নাথ শইকীয়া, নৱকান্ত বৰুৱা, অমূল্য হাজৰিকা, বন্দিতা ফুকন, শান্তনু তামুলী, ৰন্জু হাজৰিকা, ৰথীন্দ্ৰ নাথ গোস্বামী, চাকিল জামাল, মানবেন্দ্ৰ বৰুৱা আদি লেখক সকলে তেওঁলোকৰ ৰচনাৰাজিৰে এই ধাৰাটোক সমৃদ্ধ কৰি তুলিছে৷ বিশেষকৈ ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে তেখেতৰ বিপুল ৰচনাৰাজিৰে অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ভঁৰালটো টনকিয়াল কৰি তুলিলে৷ গল্প, উপন্যাস, নাটক, ৰূপক আদি সৰলো ধৰণৰে কল্পবিজ্ঞান তেখেতে লিখিছে৷ আনকি এই ধাৰাৰে তেখেতে আত্মজীৱনীও লিখিবলৈ যত্ন কৰিছে৷ ড° লক্ষ্মীনন্দন বৰা, হৰেকৃষ্ণ ডেকা আদি বিশিষ্ট লেখক সকলৰ কল্পবিজ্ঞান সকলোৰে পৰিচিত৷ ডা° জয়ন্ত কুমাৰ গোস্বামী, অভিজিৎ শৰ্মা বৰুৱা আদি ভালেকেইজন লেখকে বৰ্তমান নিয়মীয়াকৈ কল্পবিজ্ঞান লিখি আছে আৰু প্ৰান্তিক, গৰীয়সী অদি আগশাৰীৰ আলোচনী সমূহে মাজে সময়ে প্ৰকাশ কৰি আহিছে ৷ অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ পৰিমাণ আন সাহিত্যৰ তুলনাত তাকৰ৷ কাৰণ , এই সাহিত্যৰ মূল ভিত্তি হ’ল বিজ্ঞান ৷ বিজ্ঞানৰ তাত্বিক জ্ঞান অবিহনে কল্পবিজ্ঞান সৃষ্টি অসম্ভৱ৷ একেটা কাৰণতে এই সাহিত্যৰ সমালোচনাও সকলোৰে বাবে সম্ভৱ নহয়৷ কিন্তু পৰিমাণত তাকৰ হ’লেও ভাৰতৰ আন ভাষাৰ তুলনাত আমাৰ কল্পবিজ্ঞান সাহিত্যৰ মান বহুত উন্নত৷ নেশ্যনেল বুক ট্ৰাষ্টে ২০১১ চনতে The Hair Timer নামেৰে ড° দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত কল্পবিজ্ঞান চুটিগল্পৰ এটি সংকলন প্ৰকাশ কৰিছিল৷
বৰ্তমান বিশ্বৰ ভালেমান বিশ্ববিদ্যালয়ৰ লগতে ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়েও তেওঁলোকৰ পাঠ্যক্ৰমত এই ধাৰাটো অন্তৰ্ভূক্ত কৰা বুলি জানিব পাৰিছোঁ৷ আমাৰ সাহিত্যৰ পুৰণি বুৰঞ্জীবোৰত কল্পবিজ্ঞানৰ উল্লেখ পোৱা নাযায়৷ এটা সময়ত এনে সাহিত্যক শিশু সাহিত্যৰ শাৰীতহে থোৱা হৈছিল৷ অৱশ্যে আধুনিক বুৰঞ্জীবোৰত কল্পবিজ্ঞানে ঠাই লাভ কৰিছে৷ আমাৰ সাহিত্যৰ এই ধাৰাটোক অধিক গতিশীল আৰু সমৃদ্ধ কৰি তুলিব পাৰিব একমাত্ৰ গ্ৰন্থপ্ৰকাশক সকলে৷ সাহিত্যৰ অন্যান্য শাখাবোৰৰ লগতে কল্পবিজ্ঞানেও সমান আসন লাভ কৰিব লাগিব৷ তেতিয়াহে আমি আন জাতিৰ লগত সমানে ফেৰ মাৰিব পাৰিম৷ বিষয়টোৰ সন্দৰ্ভত দীঘলীয়াকৈ লিখাৰ ইচ্ছা আছিল যদিও মোবাইলত সেইটো সম্ভৱ নহয়৷ শেষত অসমীয়া কল্পবিজ্ঞান সাহিত্যক অধিক বিকশাই তোলাৰ ক্ষেত্ৰত লেখক, পাঠক আৰু প্ৰকাশক—– সকলোকে ভূমিকা ল’বৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ৷ অন্যথা এই সাহিত্য অৰণ্য ৰোদন হৈ ৰ’ব৷