ঈশ্বৰ – প্ৰৱাল গোস্বামী
মন্দিৰৰ ঘন্টা বজায়
বিচাৰি ভাগৰিছো ঈশ্বৰক
এদিন সপোনত দেখিলো
তেওঁ হেনু আছে ফুটপাথত।
সোনালী সাঁজপাৰ তেওঁৰ গাত নাছিল
নাছিল তেওঁৰ হাতত
মাৰাত্মক মাৰণাস্ত্ৰ।
এইযুগত তেওঁ ভোকহৈ জন্মিল।
এটুকুৰা ৰুটী আগুৱাই দি
সুধিলোঁ,
মন্দিৰত আজিকালি কিয় নাথাকে?
তেওঁ ক’লে,
উশাহ ল’বলৈও এখন আকাশ লাগে।