গৰখীয়া (ইন্দিৰা দিগন্ত)
সোঁৱে–বাৱে অসমীয়া গাঁওকেইখনৰ মাজতে টকৌডুবি গাঁওখন৷ মছজিদটোৰ কাষতে আকৌ দুঘৰমান অসমীয়াও৷ এবছৰ, দুবছৰ নহয়; সেই তাহানিৰ আজোককাহঁতৰ দিনৰ পৰাই এই গাঁওখনৰ মানুহবোৰে অসমীয়া মানুহকেইঘৰক খেতি–খোলাৰ লগতে ঘৰুৱা কাম–কাজত সহায় কৰি দি আহিছে৷
আজিৰপৰা প্ৰায় ২০ – ২৫ বছৰমান আগলৈকে গাঁওবোৰৰ পুৱাৰ ছবিখন কেনে আছিল এবাৰ মনত কৰকচোন৷ প্ৰত্যেকৰ ঘৰতে এগোহালি গৰু আৰু সেইবোৰক চৰাবলৈ নিবলৈ একোটাকৈ গৰখীয়া৷ গৃহিণীগৰাকীয়ে নিজৰ ল’ৰা–ছোৱালী কেইটাক স্কুললৈ খুৱাই মেলি টিফিন একোটা দি পঠোৱাৰ দৰে গৰখীয়াটোকো খুৱাই মেলি দুপৰীয়া খাবলৈ বুলি কিবা অলপ টোপোলা বান্ধি দিছিল৷
গৰখীয়া ল’ৰাবোৰৰ প্ৰায়বোৰেই আছিল টকৌডুবিকে কৰি আন অনা–অসমীয়া গাঁওকেইখনৰ৷ নামতহে অনা–অসমীয়া, হাড়ে হিমজুৱে এওঁলোক অসমীয়াই৷ প্ৰায়বোৰ গৃহস্থই আগ্ৰহী গৰখীয়া ল’ৰাটোক নিজৰ সন্তানক গধূলি পঢ়োৱা সময়খিনিত অসমীয়া বৰ্ণমালা আৰু নেওতা শিকাইছিল৷
উৰুকাৰ ভোজ, ঘৰৰ সকাম–নিকাম, বিহু আৰু আন উৎসৱবোৰত ঘৰৰ ল’ৰা –ছোৱালীবোৰৰ মাজৰে এটা হৈ পৰিছিল গৰখীয়া ল’ৰাবোৰ৷ ভাদমাহৰ কোনোবা এটা দিনত নামঘৰত গৰখীয়া সবাহো পতা হৈছিল৷
অতীজৰে পৰা পালন কৰি আহা সাতদিনীয়া ব’হাগৰ বিহুটোৰ প্ৰথম দিনটো আমি পালন কৰোঁ গৰু বিহু হিচাপে৷ গৰুৰ লগত গৰখীয়াৰ ওতঃপ্ৰোত সম্পৰ্ক৷ গৰু বিহুৰ দিনা মাহঁতক গৰখীয়া ল’ৰাটোক বিহুৱানৰ লগতে নতুন কাপোৰ কানিও দিয়া দেখিছিলোঁ৷
ইতিমধ্যে ভাবিছে কিজানি এইজনীয়ে “গৰখীয়া” শিৰোনাম দিয়া বাবে পঢ়িবলৈ ল’লো পাছে এইবোৰ গল্পও নহয়, ৰচনাও নহয় বেবেৰিবাংহে দেখোন৷ ৰ’ব পঢ়িলেই যেতিয়া এতিয়া এটা সঁচা ঘটনাৰ (দুৰ্ঘটনা) কথা বৰ্ণনা কৰোঁ৷
আব্দুল আৰু মোতালি দুয়ো সতীয়া ভাই৷ বয়স ১০–১১ মান হ’ব৷ দুয়ো দুঘৰৰ গৰখীয়া৷ গৰু বিহুৰ দিনা দুয়োটাই গৰুক গাধুওৱা হোৱাৰ পাছত জা –জলপান খাই ওলাই গ’ল৷ সেইদিনা গৰখীয়া ল’ৰাবোৰৰ অঘোষিত কৰ্ম বিৰতি৷ কাজেই চুবুৰীৰৰ পাঁচটা মানে লগলাগি হুঁচৰি গোৱাটোকে ঠিক কৰিলে৷ মোতালি বোলাটো আছিল মস্ত টেঙৰ৷ সি প্ৰস্তাৱ দিলে মানুহৰ ঘৰে, ঘৰে নাগাও বেছি পইচা নুঠে তাতকৈ ব’ল মেইন ৰাস্তালৈ যাওঁ৷ তাত অহা–যোৱা কৰা গাড়ীবোৰ ৰখাই হুঁচৰি গাম আৰু পইচা খুজিম৷ আটাইকেইটা বীৰ পুৰুষ হুঁচৰি গাবলৈ গ’ল৷ গৃহস্থ বা আন কোনেও গমেই নাপালে৷
এঘণ্টামান পাছত কোনোবা এটাই আহি খবৰ দিলে বাছ এখনে হুঁচৰি গাই থকা ল’ৰা দুটাক মহতিয়াই থৈ গ’ল৷ আব্দুল আৰু মোতালিৰ অকাল মৃত্যুত সেইদিনা চুবুৰীটোৰ কাৰোৰে ঘৰত চৌকা নজলিল৷ সেইবাৰ বিহুত আমাকো ঘৰৰ মানুহে হুঁচৰি গাবলৈ অনুমতি নিদিলে৷ তাৰে কেইটামান বছৰৰ পাছত প্ৰায়বোৰৰে ঘৰত গৰু আৰু গৰখীয়া লুপ্ত হৈ পৰিল৷