গৰু গাড়ী (ৰাজীৱ শৰ্মা)

‘গৰু গাড়ী’ অসমৰ গ্ৰাম্য জীৱনৰ এসময়ৰ গৌৰৱৰ প্ৰতীক। ঘৰৰ আগত গৰু গাড়ী এখন থকাতো আভিজাত্যৰো চিন আছিল৷ কিমান যে কামত ব্যৱহাৰ নহৈছিল গৰু গাড়ীখন! চহৰৰ বজাৰৰ পৰা মালবস্তু কঢ়িয়াই অনা, পথাৰৰ পৰা কাটি থোৱা শস্য বোজাই কৰি ঘৰলৈ অনা, আৰু যে কত কি! এঠাইৰ পৰা আন এঠাইলৈ যাবলৈও ব্যৱহৃত হৈছিল গৰু গাড়ীখন। ধুনীয়াকৈ সজাই-পৰাই লোৱা চৈ দিয়া গাড়ীখন দৰা কইনা আনিবলৈও ব্যৱহাৰ কৰা হৈছিল। পথাৰৰ পৰা ধান বোজাই কৰি অনা গৰু গাড়ী খনৰ ওপৰত বহি লৈ নিমখত লগাই লগাই বগৰী খোৱাৰ মজাই বেলেগ আছিল। পিছে সেই দিন বিলাক আজি নাই আৰু। গৰু গাড়ীখনৰ অস্তিত্ব আজি বিলুপ্তপ্ৰায়। নতুন প্ৰজন্মই হয়তো দেখাই নাই গাড়ীখন। ভৱিষ্যতে দেখিলেও হয়তো সেয়া মিউজিয়ামতহে হব।

GoruGari

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!