টোপ – ঊষামণি কাকতি

বহল বাৰীখন পিঠিত লৈ পুৰণি দুমহলীয়া ঘৰটো৷ দেখাতেই এৰা-পৰলীয়া৷ কেৱল ঘৰটোৱেই নহয়, তাত থকা একমাত্ৰ মানুহজনো কিবা যেন এৰা-পৰলীয়া৷ সেইজন এৰাপৰলীয়া মানুহেই মোৰ ওচৰলৈ আহে৷ নিতৌ নতুন নতুন টোপ আনে৷ আথে-বেথে টোপটো মোলৈ আগবঢ়াই দি চাকৰি জীৱনত তেওঁ নিজে গিলা টোপৰ কাহিনী একোটা শুনায় …

: বুজিছা, চৰকাৰী অফিচৰ টোপবোৰ বৰ ডাঙৰ৷ গিলিব নেজানিলে কেতিয়াবা ডিঙিতে লাগি ধৰে৷ এবাৰ বুজিছা, তেনেকুৱা এটা ডাঙৰ টোপ মোৰ ডিঙিতো লাগিল৷
……টোপটো আগবঢ়াই মানুহজনে আৰম্ভ কৰিলে৷ ময়ো তেওঁৰ কাহিনীটো শুনিবলৈ কাণ পাতিলোঁ৷

:ল’ৰাটোৰ নাম … বিপ্লৱ৷ নামে কামে বিপ্লৱ কৰিলে দেই৷ সি বৰ ডাঙৰ টোপ এটা দিছিল হে…৷
মানুহজন অলপ লৰচৰ কৰি বহিল৷ তাৰপাছত মোলৈ চাই সুধিলে……

: তোমাৰ টোপটো ঠিকে আছে নে? সৰু হোৱা নাইতো!
উদাসীন দৃষ্টিৰে মই টোপটোলৈ এনেয়ে এবাৰ চালোঁ৷ তাৰপাছত পুনৰ মানুহজনৰ কথাত মনোযোগ দিলোঁ৷

: অ’… কি কৈ আছিলো মই৷ বিপ্লৱ! অ’ বিপ্লৱ৷ সি বুজিছা নে! আহি আছে …আহি আছে … আহিয়ে আছে৷ তেনেকে সি দুবছৰ আহিয়ে আছে৷ তাৰপাছত… এদিন হৰেনে পালে৷ আমাৰ অফিচাৰ চকীদাৰ হৰেন আকৌ দ’ পথাৰৰ জোক৷ এবাৰ লাগিলে এৰুৱাবলৈ টান৷ অফিচৰ বাৰাণ্ডাৰ পৰা আঁহতজোপাৰ তলৰ কেণ্টিনখনলৈকে সেইচোৱা তাৰ দ’ পথাৰ৷ সেইখন পথাৰেদি অহা-যোৱা কৰা বিপ্লৱকো ধৰিলে এদিন৷ দুবছৰ তাৰ ভাল তেজ শুহিলে৷ চাহৰ কাপত চুমুক দি হৰেনে বৰ মনোযোগেৰে কথাবোৰ শুনে৷

বিপ্লৱৰ কথা… “হৰেন দা, চাকৰিটো এইবাৰো নহ’ল৷ আঠ নম্বৰ ইণ্টাৰভিউ আছিল৷ দেতাই বৰ আশা কৰিছিল৷ ভণীজনীকো বিয়া দিব লাগে৷ কেনেকৈ পাতো৷ দেতাৰ সাঁচতীয়া টকাকেইটা মাৰ অপাৰেচনতে শেষ৷ বাকী খৰচবোৰতো আছে৷ শেষ ভৰসা দেতাৰ পেঞ্চনটো৷ আপুনি কিবা এটা সহায় কৰক৷”
বিপ্লৱ নামৰ কাহানিও নেদেখা ল’ৰাটোৰ কাল্পনিক মুখখন মোৰ চকুৰ আগত ভাহি উঠিল৷ চাৰিজনীয়া পৰিয়ালৰ এখন অসহায় ঘৰৰ ছবি…

: ভণ্টি, তোৰ ওচৰত পাঁচশমান টকা হ’ব নেকি?
: হেই…এইটো৷ মই সদায় টকা ক’ত পাওঁ?
: তই অলপ মনে মনে ক’চোন৷ মা-দেতাই শুনিব৷
: কি …মনে মনে! সিদিনা টিউচনৰ পইচা পাইছিলোঁ৷ তোক দুশটকা দিলো৷ বাকীকেইটা মাৰ দৰৱ আনিবলৈ নয়নক দিলো৷ মাৰ দৰৱ যে শেষ, খবৰ আছে নে!

খবৰ নাই তাৰ৷ কেইদিনমানৰ পৰা ক’ত কি হৈছে একো খবৰ নাই৷ বিনয়ে খবৰ দিছিল জাহ্নবীৰ বিয়া ঠিক হোৱাৰ খবৰ৷ দেতাকে চুৱেটাৰটো নিগনিয়ে কুটাৰ খবৰটো মাকে দিছিল ভাতৰ পাতত৷ এইমাত্ৰ ভণীয়েকে খবৰ দিলে মাকৰ দৰৱবোৰ শেষ হৈছে৷

পেঞ্চনৰ অফিচৰ খবৰবোৰ হ’লে সি বৰ আটোমটোকাৰীকৈ ৰাখে৷ হৰেন দাৰ পুতেকৰ জন্মদিনৰ খবৰ৷ হৰেন দাই নতুন মটৰ চাইকেল এখন লোৱাৰ খবৰ৷ বৰষুণ দিলে বৰবৰুৱা ছাৰ নহাৰ খবৰ৷ শইকীয়া ছাৰৰ আকৌ তেনেকুৱা বৰষুণ দিলে হোটেল মহামায়াৰ গৰম কচুৰি আৰু আদা দিয়া চাহ একাপ খাবলৈ মন যোৱাৰ খবৰ৷ মাজে মাজে হৰেন দাই নিজেই খবৰ দিয়ে… “ কামটো হ’ব৷ “

শইকীয়া ছাৰৰ টেবুলত দুবছৰ ধৰি পৰি থকা ফাইলটোৰ ধূলি জোকাৰি অতি সোনকালে পাতি দিয়াৰ খবৰ৷ এটা চহী…৷ শইকীয়া ছাৰৰ মাত্ৰ এটা চহী৷

পেঞ্চনৰ কামটো হ’লেই মাকৰ উন্নত চিকিৎসা হ’ব৷ নয়নৰ লগত ভনীয়েকৰ বিয়া হ’ব৷ দেতাকৰ নতুন চুৱেটাৰ হ’ব৷ আৰু তাৰো সৰুকৈ আৰম্ভ কৰিম বুলি ভবা কামটোও হ’ব৷ মাত্ৰ এটা চহী৷

: আমাৰ অফিচত মাত্ৰ এটা চহীত একো কাম নহয়৷ কেইবাখনো টেবুলত কেইবাটাও চহী লাগে৷ চহীয়ে প্ৰতি টোপ নহ’লে কাগজী ফাইল একোটা এচপৰা গধুৰ শিল হৈ পৰে৷ সেই শিলৰ চপৰা বছৰ বাগৰিলেও টেবুল নেবাগৰে৷
… মানুহজনৰ গলগলীয়া মাতটোৱে মোক বিপ্লৱৰ ঘৰৰ পৰা ঘূৰাই আনিলে৷ মোৰ সন্মুখত ইমান সময়ে দাঙি ধৰা টোপটো সামৰি মানুহজনে শেষৰ কথাষাৰ ক’লে৷ মোৰ হাঁহি উঠিল৷ লুভীয়া মানুহজনে মোকো লুভীয়া বুলি ভাবে৷
বিপ্লৱ নামৰ ল’ৰাটোৱে আগবঢ়োৱা টোপটো ডিঙিত লাগি ধৰাৰ কাহিনীটো আধৰুৱা কৈ মানুহজন গুচি গৈছিল৷

দুদিন পাছৰ ঘটনা৷ মানুহজন আকৌ আহিল৷ নেৰানেপেৰা বৰষুণজাকক আওকাণ কৰি ছাটি এটা লৈ মোৰ ওচৰলৈ আহিছিল৷ লাহে লাহে বৰষুণজাক পাতলিল৷ আগজাননী নিদিয়াকৈ অহা বৰষুণজাকৰ দৰে মানুহজনেও কোনো পাতনি নেমেলাকৈয়ে গধুৰ টোপটো মোলৈ আগবঢ়াই কাহিনী একোটা আৰম্ভ কৰিলে৷ পথ দুৰ্ঘটনাত মৰা মানুহজনৰ ঘৈণীয়েকৰ কাহিনী…

: বগী জামুবৰণীয়া মানুহজনীক বৰবৰুৱাই চুই নেচাৱনো কিয়! শইকীয়াৰতো খাই চাবলৈও মন আছিল৷ মই পাছে জামু চুবলৈও নেপালো, খোৱাটো বহুত দূৰৈৰ কথা৷ ক্লাছ চেভেনত পঢ়া পুতেকটো লগত লৈ আহিছিল৷ বৰবৰুৱা, শইকীয়াহঁতৰ টেবুল পাৰ হৈ আহি ফাইলটো মোৰ টেবুল পাইছিল৷ মানুহজনী ৰৈ আছিল সন্মুখত৷ ফাইলটোৰ পৃষ্ঠা হাতৰ আঙুলিৰে লিৰিকি বিদাৰি থকাৰ সমানে সমানে চকুৰে বগী জামুকহেন মানুহজনীক লিৰিকি বিদাৰি আছিলো৷ পুতেকলৈ চকু বৰ দেৰিকৈ গৈছিল৷ হঠাৎ হৰেনলৈ অযথা খঙ এটা উঠি আহিল৷ তাক তিনিবাৰ নাম ধৰি চিঞৰিলোঁ৷ মানুহজনীয়ে হাতত পিন্ধি থকা সোণৰ খাৰুযোৰ খুলি টেবুলত থলে৷ হৰেনৰ কথা পাহৰি পেলালো৷ চহীটো কৰি টোপটো গিলি পেলালোঁ৷ মাজনীৰ যে সেইদিনা কি ফূৰ্তি! তাই তেতিয়া কলেজ পোৱাই নাই৷ মাকৰ কথা নকলোৱে আৰু তোমাক …হেঃ …হেঃ…হেঃ

টোপ এটা নিৰাপদে গিলাৰ গৌৰৱৰ কাহিনীটো কৈ মানুহজনে হাঁহিলে৷ আনদিনাৰ দৰে সেইদিনাও মই দৰক লাগি থাকিলো৷ মোলৈ অনা টোপটো সেইদিনাও সামৰি উভতি গৈছিল মানুহজন৷ মুখেৰে ভোৰভোৰাই গৈছিল…

: তুমি বৰ অহংকাৰী…৷ বৰ অহংকাৰী…
তাৰপাছত৷ নাই…নাই…নাই৷ এসপ্তাহ দেখাদেখি নাই৷

সোমবাৰ এটাত আকৌ আহিল মানুহজন৷ দূৰৈৰ পৰা মোক উদ্দেশ্য কৰি চিঞৰি চিঞৰি আহিল…

: অহংকাৰী বুঢ়া …৷ চাওঁচোন আজি তুমি কেনেকৈ টোপ নিগিলা৷ আশা মই এৰি নিদিও৷ কেতিয়াও আশা এৰি দিয়া নাই৷ আশা বুজিছা! সকলো আশা! তুমি এদিন টোপ গিলিবা বুলি আশা৷ মাজনী ঘূৰি আহিব বুলি আশা৷ মইনাও ঘূৰি আহিব বুলি আশা৷ … আৰু আটাইতকৈ ডাঙৰ আশা মোৰ চাকৰিটো ঘূৰি আহিব৷ সেই যে বিপ্লৱ … সি দিয়া টোপ গিলিবলৈ গৈ মোৰ চাকৰিটো ওলমি থাকিল৷ তাৰ দেতাকৰ পেঞ্চনৰ ফাইলটো বৰবৰুৱা আৰু শইকীয়াৰ টেবুল পাৰ হ’ল৷ কেতিয়া পাৰ হ’ল, সেয়া গমেই নেপালোঁ৷ কেণ্টিনত চাহ খাই থাকোতে বিপ্লৱে এদিন মোৰ কাষ চাপি আহিল৷ সেইদিনাহে গম পালো যে তাৰ দেতাকৰ ফাইল আহি মোৰ টেবুলত পৰি আছে৷ কথাটো গম পাই মনটো পাতল লাগিছিল বহুখিনি৷ জমাৰ ঘৰত যোগৰ নামত শূন্য৷ অথচ নিতৌ বিয়োগ… বিয়োগ…বিয়োগ৷ মাজু খুলশালীৰ বিয়া৷ ডাঙৰ ভিনিহীয়েক বুলি বিছনাখনৰ আবদাৰ৷ ভণীয়েকৰ বিয়া বুলি শ্ৰীমতীৰ নতুন কাপোৰৰ বাবে টকাৰ আদেশ৷ বিদেশত পঢ়িবলে যোৱা ল’ৰাৰ বাৰ্থ দেৰ গিফ্টৰ আদেশ৷ সকলো আবদাৰ-আদেশ পালনৰ চিন্তা কৰি থাকোতেই বিপ্লৱ ওলালহি৷

ঘটনাটো মোৰ চকুত ভাহি উঠিল…
: আৰে… ডেকা ল’ৰা তুমি৷ কি খবৰ৷ ইমানদিনৰ মূৰত!
: ছাৰ, আপোনাৰ ওচৰলৈ আহিছিলো৷ হৰেন দাই ক’লে আজি হেনো আপোনাৰ কিবা মিটিঙ আছে৷ …খবৰ ভাল-বেয়াৰ মাজতে৷ গাঁৱৰ মাটিডোখৰ বন্ধকত দি ভণ্টিৰ বিয়াখন পাতিলোঁ৷ দেতাৰো অসুখে পালে৷ মাৰতো জানেই আৰু৷
: তোমাৰ…! তোমাৰ কি খবৰ! নতুন কিবা ভাল খবৰ! চাকৰি -বাকৰি, বিয়া -বাৰু৷
… চাহকাপত দীঘল সোহা এটা মাৰি মানুহজন কেণ্টিনৰ ছাল বাকলি এৰা চকীখনত আৰামী চকীৰ দৰে আউজি বহিল৷ আজি যেন বিপ্লৱৰ সকলো দুখৰ সুখৰ কাহিনী শুনিবলৈ সাজু৷

: পৰীক্ষা পাছ কৰিছিলো৷ ভাইভাত টকা দিব নোৱাৰিলো৷ চাকৰিটো নহ’ল৷ আজিকালি চৰকাৰী চাকৰিৰ চিন্তা বাদ দিছো৷ …বিপ্লৱে হুমুনিয়াহ কাঢ়িলে৷
: হ’ব… হ’ব…সময়ত সকলো হ’ব৷ এতিয়া পাছে কি কৰিম বুলি ভাবিছা৷
: ভণ্টিয়ে কৰা টিউচনকেইটা আজিকালি ময়ে কৰোঁ৷ নতুনকৈ কাম এটাত সোমাইছো৷ দুমাহমান হ’ল৷ স্থায়ী নহয়৷ টিভি চেনেল এটাত লগৰ এটাই কাম কৰে৷ ময়ো তাৰ লগতে ইফাল-সিফাল কৰোঁ৷ কেতিয়াবা কেমেৰাটোকে ধৰি দিয়া, কেতিয়াবা স্পীকাৰটোকে অলপ লৰচৰ কৰি দিয়াৰ কাম৷ দেতাৰ পেঞ্চনটো হ’লেই দোকান এখনকে দিয়াৰ কথা ভাবিছো৷
: ভাল …ভাল…আমাৰ কথা ভাবিবা৷ ইমানবোৰ ফাইলৰ মাজত নহ’লে আমিও পাহৰি যাও… কোনটো কাৰ দেতাকৰ ফাইল৷
… টোপৰ ইংগিতটো দিলে মানুহজনে৷

: ভাবিছো ছাৰ৷ সেয়ে আপোনাৰ ওচৰলৈ আহিছোঁ৷
… বিপ্লৱেও ইংগিতেৰে উত্তৰ দিলে৷
তাৰপাছৰ কথোপকথনখিনি ফুচফুচনি একোটাৰ দৰে শুনা গ’ল৷

: নিৰ্দিষ্ট দিনা বিপ্লৱ আহিল বুজিছা৷ আমাৰ মাইনাৰ বয়সৰ বিপ্লৱ৷ হাঁড়ে-ছালে লগা ল’ৰাটোৱে ডাঙৰ টোপ এটা লৈ অফিচ ছুটিৰ সময়তে ওলালহি৷ লগত তাৰ দৰেই খাবলৈ নোপোৱা চেহেৰাৰ লগৰ এটা৷ দিনটো বৰষুণৰ বতৰ৷ অফিচত মানুহ সেৰেঙা৷ সেই সুযোগতে সি বেগটোৰ পৰা টোপটো উলিয়াই মোলৈ আগবঢ়াই দিলে৷ ডাঙৰ টোপ৷ সেইটো দেখি মই অলপ সময় দৰক লাগিলো৷ তাৰপাছত খপককৈ গিলি থলো৷ ঠিক তেতিয়াই তাৰ লগৰটোৰ মুখৰ পৰা কলকলাই ওলোৱা কথাখিনি শুনিলো৷ বিপ্লৱৰ হাতৰ কেমেৰাটোও দেখিলো, ময়ো দেখিলো৷ মনৰ চকুৰে দেখা দৃশ্যটো…
…এয়া… চাওঁক …পেঞ্চনৰ অফিচত ঘোচখোৰ বিষয়া৷ আমাৰ সন্মুখতে শ্ৰী যোগেন বৰুৱা নামৰ বিষয়াজনে সাংবাদিক বন্ধুৰ পিতৃৰ পেঞ্চনৰ ফাইলত চহী কৰাৰ নামত টকা লোৱাৰ দৃশ্য৷
বিপ্লৱৰ কেমেৰাত বন্দী হৈছে মানুহজনৰ অসহায় মুখখন৷

সেইদিনাই মানুহজনৰ চাকৰিটো গ’ল৷ পুতেক-জীয়েক বিদেশত পঢ়িবলৈ গৈ উভতি নাহিল৷ ঘৈণীয়েকো ঢুকাল৷ তেনেই এৰাপৰলীয়া হৈ পৰা মানুহজনে আজিকালি এটাই কাম কৰে৷ বৰশী টোপোৱাৰ কাম৷ বহল বাৰীখনৰ এচুকত থকা পুখুৰীটোত মাছ বুলিবলে মইহে বাকী৷ এৰাপৰলীয়া মানুহজন বৰশী এটাত নিতৌ নতুন টোপ এটা লগাই মোক দিবলৈ আহে৷ লুভীয়া মানুহজনে চাকৰি জীৱনত গিলা টোপৰ কাহিনী শুনায়৷ মই লুভীয়া নহয়৷ প্ৰত্যুৎপন্নমতি নামৰ বুঢ়া বৰালী মাছ৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!