ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

কেঁকোৰা চুলিৰ বিড়ম্বনা : মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

 

ঘৰুৱা চহৰ মৰিগাঁৱত দুবছৰ কাম কৰাৰ পিছত গুৱাহাটীলৈ ঢাপলি মেলিলো… মোৰ দুৰ্বাৰ ইচ্ছা পেছাটোৰ জৰিয়তে বেছি কৌশল জনাৰ লগতে হাতৰ নিপুণতা অনাৰ৷

পাৰ্লাৰ এখনত সোমালো, পুৱা দহটাৰ পৰা সন্ধিয়া আঠ বজালৈ ডিউটি৷ প্ৰথম এমাহমান মোৰ আৰামত আলেখ-লেখ চাওঁতেই গ’ল, কাৰণ নগৰীয়া মানুহখিনি যথেষ্ট সৌন্দৰ্য্য সচেতন, নতুন মানুহৰ হতুৱাই একো কাম নকৰাই! চেলাউৰি চুৰুকি একেবাৰে নাইকিয়া কৰি দিওঁ বুলি ভয়ো খাই যায়৷ কেতিয়াবা উপযাচি আগবাঢ়ি গ’লেও বেলেগ কেইজনী নাই নেকি, মাতা সিহঁতক বুলি মুখৰ আগতে ভোৰভোৰাই দিয়ে৷ খঙে-ক্ষোভে গৈ ভিতৰৰ ৰুমত নানিকাৰ আগত খুব বকি থাকো …নতুন বাবে কাম নাজানো বুলি ভাবে অলপ পুৰণা হৈ লওঁ ৰহ! নিজেতো কটাবিয়েই, বিয়া হৈ ল’ৰা- ছোৱালী, নাতি-পুতিৰো চুলি মোৰ হতুৱাইহে কটাই শান্তি পাবি হুহহহহ৷ তাইয়ো চুলিখিনি এফালে লৈ তাৰ সমান্তৰালকৈ মুৰটোও ৰাখি দুপিয়াই দুপিয়াই মোৰ দুখত সমভাগী হৈ ও আ কৰি থাকে৷

এই এমাহতে নানিকা মোৰ আপোন হৈ উঠিছিল, তাতে দুয়ো একে ঠালৰ জনজাতি হোৱাৰ লগতে সমবয়সীয়া হোৱাটোৱে যোগাত্মক অৰিহণা যোগাইছিল প্ৰগাঢ় বন্ধুত্বত৷

মই অহা পিছদিনাৰ পৰাই তাই নাভূত-নাশ্ৰুত অসমীয়া-হিন্দী(হিনমিজ) মিশ্ৰিত কথা কৈ মোৰ পেটৰ নাড়ী ডাল ডাল কৰিছিল৷ প্ৰথমদিনা অৱশ্যে তাই মোৰ লগত লাজ কৰি থাকোতেই গ’ল ।  এগৰাকী সহৰ্কমীয়ে তাইক মোৰ লগত চিনাকি কৰি দিবলৈ মাতি মাতিয়ো আনিব নোৱাৰিলে…

ভিতৰৰ ৰুমৰ পৰা এটাই বাক্য…

“ম্যে চৰম আয়া ”

অতিষ্ঠ হৈ সহকৰ্মী জনীয়ে চিঞৰি দিলে…দিন ম্যে তুমকো কিত্‌নে বাৰ চৰম আতে হ্যেই?

পিছদিনা যেনিবা লাজ আঁতৰিল৷ সিদিনাই মোৰ প্ৰয়াত পিতৃয়ে দি থৈ যোৱা মোৰ নামটোৰ ভূচিত্ৰাৱলীত দুডালমান “এ“ কাৰ আৰু “ৰ“ এটা বেছিকে লগোৱা দেখি সেইটো নামেৰে মাতিবলৈ হাক দিলো…সেই দিনাৰেপৰা এতিয়ালৈকে মই তাইৰ মাজনী৷

লাহে লাহে মানুহবিলাকে মোৰ হাতৰ কেঁচীখনক বিশ্বাস কৰিবলৈ ল’লে৷ ধাম-ধুম চহৰীয়া চুলি কাটো, কিবা উল্টা-পুল্টা হ’লে মাজনীক বচাবলৈ নানিকা আছেই৷

এদিন পাৰ্লাৰখনৰ পুৰণা গ্ৰাহক এগৰাকী আহিল শেহতীয়া ডিজাইনৰ চুলি কাট দিবলৈ৷ নতুন মুখ বাবে মোৰ হাতেৰে নাকাটে, নানিকাক বা পুৰণি কাৰোবাক লাগে৷ নানিকাই অভয়দান দিলে, নতুন হ’লেওঁ তাই ভাল কাটে তাইৰ হাতেৰে কটাই চাওঁক এবাৰ৷ অৱশেষত গ্ৰাহকজনী মান্তি হ’ল, চুলি কটা চকীত বহুৱাই ল’লো৷ নানিকাই মোক কাণে-কাণে কৈ গ’ল এই মৰতীৰ খুউব টোপনি, চুলিত হাত দিলেই টোপনিয়াব৷ ভালেই পালো, আৰামত কাটিব পাৰিম! কি কাটিলো গ’ম নেপালে আপত্তিও নকৰিব৷

কিন্তু বিধিৰ বিপাক, নতুন মুখ দেখিয়েই নেকি ছোৱালীজনীয়ে টোপনিয়াৰ আশা বাদ দিলে, চাৰিওফালে থকা আইনাকেইখনত মোকেই ট্ ট্ কৈ চাই থাকিল৷

মইয়ো গপচত চাই থাক বেটী বুলি বিৰাট জনাৰ ভাৱ এটা দি কেঁচী চলাই আছো…

তাই মোক নতুন দেখি মোৰ ওপৰতে ওস্তাদি মাৰিব ল’লে, এইখিনি এনেকৈ কাটা, পিছৰখিনি এনেকৈ ৰাখা মুঠতে ধেৰ আপত্তি৷ ইফালে তাইৰ চুলিখিনি কেঁকোৰা, একো কাটেই ফুটি নুঠে, যেনেকৈ আছে তেনেকৈয়ে ভাল লাগে৷

কাটি-কুটি ছেটিং কৰাৰ পিছত তাই নিজকে এবাৰ সন্মুখৰ, এবাৰ পিছফালৰ আইনাত নিজকে চালে! ওহো, তাইক বোলে এই কাটটোৰে মিলা নাই, দীঘল চুলিৰে তাইক স্মাৰ্ট দেখা নাই, আৰু চুটি লাগে হেন হে তেন হে৷ তীব্ৰ খং উঠিল তাইৰ ওপৰত…এক ঘণ্টা ধৰি থিয় হৈ কেঁচীৰ লগত যুঁজি তাইৰ ফুলাম জাপিটো মিলাইছো, এতিয়া আকৌ তাইৰ ওস্তাদি৷

খং সামৰি কেঁচীত ধৰিলো…তাই দেখাই দিয়া জোখতেই কাটি থাকিলো৷ মাজতে নানিকাই আহি চকুৰ ঠাৰেৰে কিবা ক’লে যদিও মন নিদিলো৷ এইবাৰ কেঁকোৰা চুলিয়ে দহোকুৰি আপত্তি কৰিলেও চুলিত হাত নিদিও বুলি মনতে পণ লৈ মুখখন ফুলাই চুলিখিনি শুকুৱাই ছেটিং কৰি থাকিলো, যাতে তাই একো কোৱাৰ সুযোগ নাপায়৷

চুলি শুকুৱাই হ’ল। পিছে আচল বিড়ম্বনা এতিয়া হে আৰম্ভ হ’ল৷

তাই দিয়া জোখমতেই সেই জাপ চুলি কাণৰ ঠিক তলতেই কটা আৰম্ভ কৰিছিলো, পানী তিয়াই কাটি থকালৈকে চুলিয়ে সেও মানি আছিল৷ যেই শুকুৱাই ব্ৰাছ মাৰিলো…সি না তললৈ যায়, না কাষৰফালে, না আগলৈ৷ মই যিমানেই তললৈ টানো চুলিয়ে সিমানেই বক্সিং মাৰি ব্ৰাছডাল ওফৰাই পঠায়৷ কোনোপধ্যেই চুলিক তললৈ নমাব নোৱাৰি উপায়হীন হৈ নানিকাক মাতিলো৷ দুয়োৰে টনা-আজোৰাতহে কেঁকোৰা চুলিয়ে গম পালে, খপ্ জপ্ কৈ উঠি আইনাকেইখনলৈ চালে…তাই নিজকে কি দেখিলে নাজানো, মই কিন্তু তাইক সৰুতে ভাওনাত দেখা জম্বাসুৰ নে কি সেইটোৰ দৰেই দেখিলো৷ তেতিয়া আৰু মোৰ কৰণীয় একো নাছিল…ষ্টেণ্ডাৰ্‌ড গালি কেইটামান শুনিবলৈ সাজু হ’লো৷

আহিছিল সুন্দৰী হ’বলৈ, তাইৰ ওস্তাদিৰ বলত কৰি দিলো বান্দৰী…

নিজকে ঘূৰাই পকাই চাই মোক পাৰেমানে বকিলে, এইয়া কি কৰিলা? কাম নাজানিলে কৰিব নালাগে…শুনি থকাৰ বাহিৰে উপায় নাছিল৷ এসময়ত বকি বকি এলাহ লগাত ভাল গ্ৰাহক এজনী হেৰুৱালা, আৰু কেতিয়াও নাহো বুলি উচাট্‌ মাৰি গুছি গ’ল৷

নানিকাই মইয়ে তেতিয়াহে জম্বাসুৰক পিছফালৰ পৰা চাই পাৰেমানে হাঁহিলো৷

সেই দিনৰ অভিজ্ঞতাৰ পৰা…কেঁকোৰাচুলি আহিলে কটাৰ আগত কেঁচীখনক দহবাৰ সেৱা জনাওঁ, যাতে মোৰ হাতত দ্বিতীয় এজনী জম্বাসুৰৰ সৃষ্টি নহয়৷ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!