পৰিবৰ্তন : দিবাকৰ দত্ত

দেওবৰীয়া বজাৰখন চহৰৰ মাজেৰে যোৱা মূল ৰাস্তাটোতে বহে৷ সদায় এপাক যোৱাতো এক নিয়মতে পৰিণত হৈছেগৈ, প্ৰায়ে অকলে যাওঁ, মাজে মাজে শ্ৰীমতীয়েও লগ দিয়ে৷ গাঁৱৰ পৰা অনা শাক পাচলিবোৰ নিজে চাই চাই কিনি এওঁ বৰ ভাল পায়৷

আজিও গ’লো, প্ৰায় সকলো খিনি বজাৰ কৰাৰ পাছত ভাবিলো মুৰ্গী এটাৰে দাম সুধি চাওঁচোন, বিক্ৰী কৰা ল’ৰাজন বেপাৰী নহয়, ঘৰৰে কুকুৰা বেচিবলৈ নিজে লৈ আহিছে৷ মই বোলো কুকুৰাৰ দাম কিমান হে, ওপৰমূৰ নকৰাকৈয়ে উত্তৰ দিলে “ এক পিচত দুশ টকা৷” “হেৰা এক পিচতে দুশ টকা হ’লে গোটেই মুৰ্গীটোৰ দাম দেখোন কেইবাহাজাৰো হ’বগৈ৷” মই ক’লো৷ মোৰ কথা শুনি ঢেকঢেকাই হাঁহি ডেকাই উত্তৰ দিলে এ আপোনালোকৰ দিনতহে এটা দুটা কৈছিলে আজিকালি আমাৰ দিনত এনেকৈহে কয় আকৌ এপিচ দুপিচ৷ মই বোলো হৰি হৰি সঁচাকৈয়ে চাগে আমি পুৰণা হৈ গ’লো! আমি জনামতে পিচমানে টুকুৰা, একপিচ মাংস, থানৰ পৰা এপিচ কাপোৰ, চাৰ্টৰ পিচ, পেণ্টৰ পিচ৷

আঁহোতে চিন্তা কৰি আহিলো এতিয়া তাৰমানে চব পিচ হৈ গ’ল৷ আমাৰ ককাই ভাই তিনিপিচ, ডাঙৰ পিচ মাষ্টৰ, বাকী দুপিচ বিজনেচ কৰে৷ বৰুৱা দাৰ ল’ৰা ছোৱালী দুপিচ, ল’ৰা পিচ বাহিৰত থাকে, ছোৱালীপিচ বিয়া দিলে৷ আমাৰ ঘৰত গৰু দুপিচ আছে৷ বাঃ বঢ়িয়া লাগিব, কি যে দিন আহিল!

পৰিবাৰে সোধে কি হ’ল নো আজি বজাৰৰ পৰা আহি কিবা এটা চিন্তা কৰি মোলৈ চাই মিচিক মাচাক কৈ হাঁহি আছে যে৷ মই বোলো আজি এটা নতুন কথা শিকি আহিছো৷ এতিয়াৰ পৰা চব পিচ হৈ গ’ল৷ মানে মোৰ মিচেচ এপিচ, মোৰ ল’ৰা এপিচ আৰু মইয়ো এপিচ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!