কেনে আছা তৰুলতা (-পৰাগ পিংকু )
(কোঠাৰ দুৱাৰ মাৰি
এবাৰো জোখাই নহ’ল
তোমাৰ স’তে মোৰ সততা)
কেনে আছা তৰুলতা
বা লৈ কথাবোৰ বতাহ হোৱাৰে পৰা
দেখা নাই তোমাক।
ধোৱা আৰু ছাঁইৰে সজা
মোৰ মৌন ঠিকনাটো
তুমি নাজানা
নে যত্ন নকৰা
(মনত ৰাখিব পৰাকৈ দিবওতো নোৱাৰিলোঁ
ভালপোৱাৰ নৰমেধ সংজ্ঞা)
ইয়াত কাতি অহা নাই
তথাপি
ইমান অভাৱৰ দিন।
পুলিছ চ’কত ধর্ষণৰ খবৰ শুনিলোঁ
বুকুৱেদি পাৰ এটা উৰিল
তুমি ঠিকে আছাতো!
এজনীয়েই ছোৱালী
পোন্ধৰ আগষ্টত
কেনিও নপঠাবা।
বদনামী মানুহ
নাভাবোঁ নাভাবোঁ বুলি
ভাবি থকাটোৱেই মোৰ বদনাম
কি ক’ম তৰুলতা
নাটকীয় শৈলীৰে ওলাই নাহে
মিছা কথা-
হাম নে সৱ কুছ ভুলা দিয়া…
বন্ধুৱে সোধে,
কিয় লৈ ফুৰ পুৰণা চিঠি?
মই সোধোঁ,
ঠিকনা কি?
দেখিলেই যাত্ৰা নাস্তি
হাতৰ সিৰ ওলোৱা
ৰ’দে পোৰা
ক’লা পৰা
মোৰ হালোৱা হোলোংগোজ পিতায়ে নাজানে
পাপত লীন হোৱা পাপীস্থ মানুহৰ
পাপ মোচনৰ নীলাজ সাধু
মোৰ পাপ কি কোৱা
নৰ মাংসৰে চৰ্বি নবঢ়োৱা
নে
নিচলা মানুহ এজাকক
ঢাল কৰি লৈ ফুৰি
ৰজা হোৱাৰ বাট এটাক
গোজ মাৰি গজালি নকৰা।
সপোনৰতো নাযায় সজা সমাধি…
আচৰিত নহয়নে কোৱা
তুমি তাতে আছা
অথচ
তোমাক ইয়াতে পাইছোঁ
মিৰাকল জানা!
ই মিৰাকল!
পৰা হ’লে কাঢ়ি আনিলোঁহেঁতেন
ৰ’দে পুৰি ভাগৰুৱা কৰা
চহা
ভোকত থকা পথৰুৱা মানুহৰ
ভোক আৰু কান্দোনৰ
গোটেইবোৰ দুখৰ তিতা লগা ঠিকনা।
ইয়াত ইমান যাতনা
মানুহ হ’বলৈ কটনা কাটি
সংসাৰ কৰা মানুহ
বেঘৰ হৈ পৰা দেখিলে
শিলেও কান্দে
তোমাৰ দুনীয়াৰ মানুহে
ভুলতো মাত এটাও নামাতে
কাৰ কাম এইবোৰ?
কাৰ কাম কোৱা।
তুমি ইনকাম টেক্সৰ বাবে দৌৰিছা
মই দৌৰোঁ
এমপ্লয়মেণ্ট এক্সেঞ্জ
বয়স আৰু দুবছৰ আছে
ৰিনিউ হওঁক ৰেজিষ্ট্ৰেচন
ভেকুলীৰ পিঠিত গজিলে গজক
সেউজীয়া শেলাই ৰঙৰ চুলি
শুনিলে হাঁহিবা তুমি।
আজিকালি মদ খাওঁ
কি কৰোঁ কোৱা
দুপাক মাৰিলেই চেইন পৰা
জীৱন নামৰ এখনেই পাটি চাইকেল
না পেলাব পাৰি
না চলাব পাৰি
তথাপি ভাল দিনৰ ভাৱ এটা গজি গজি
গছ হৈ ছাঁ দিয়ে
তুমি চাগে’ ভালে আছা
নহয়নে তৰুলতা
দেশৰ খবৰ নাৰাখা জানো
তথাপি কথা একেটাই
তুমি তোমাক লৈ ব্যস্ত
ময়ো তোমাক খবৰ ৰখাত অভ্যস্ত
কেনে আছা তৰুলতা
কেনে আছা?