ক্ষিতিৰেখা – জান শইকীয়া
কোনেও গম নোপোৱাকৈ এদিন মই
আকাশৰ প্ৰেমত পৰিছিলো — আকাশখন চুই চোৱাৰ সপোন দেখিছিলো
যিখন আকাশৰ পৰা শ্ৰীৰামচন্দ্ৰই মেঘনাথক
খহাই আনিছিল ———
পৃথিৱীখনত সেউজীয়া আবিৰ সানিবলৈ
য’ৰপৰা সৰিছিল ৰুণজুন বৰষুণৰ নেপুৰ—
কিন্তু — — —
ইমান কোমলতাৰ মাজৰপৰাও নামি আহে
ধুমকেতু , বজ্ৰপাত—– —–
মানুহৰ প্ৰেমত পৰিব পৰাকৈ
মই চাগে মানুহটো হবই নোৱাৰিলো
নিজৰ হৃদয়ৰ গভীৰতাকে জুখিব নাজানিলো আজিকোপতি——- !
সেয়েহে আজিকালি নিজৰপৰাও নিলগত থকাৰ সিদ্ধান্ত লৈছোঁ
বিষাদৰ বৰষুণত তিতিবলৈ
কাৰো প্ৰেমত নপৰাই ভাল…—…—…. !!