বেশ্যাৰ কবিতা – জ্যোতিষ কুমাৰ দেৱ

গেলা গৰমৰ পৰা গা জুৰাবলৈ
গাঁৱলীয়াৰ বাবে গেলা পুখুৰী
চহৰৰ চহকীসকলে বিলাসী ৰিজর্টত
লয় আৰামৰ আৱেশ নাইবা স্পা
যৌৱনৰ জ্বালা শাঁত কৰিবলৈ
পুৰুষে পইচাৰে ভাৰা কৰে
একোজনী বেশ্যা
মাংস খাই পোহনীয়া কুকুৰক
হাড় দলিয়াই দিয়াৰ দৰে
মঙহৰ বজাৰৰ লম্পটবোৰে
তৃপ্তিৰ উগাৰ তুলি
ছটিয়াই বেশ্যাবৃত্তিক মহীয়ান কৰি
লিখা একো একোটি কবিতা
তেনেকৈয়ে নমাব খোজে
নিজৰ কৃতকর্মৰ লাজৰ ভাৰ
আজিলৈকে কোনো পুৰুষে
কোনো গভাইত বেশ্যাক
মৰমেৰে লৈছেনে আঁকোৱালি
দিছেনে সাহেৰে পত্নীৰ সন্মান
শত সহস্রবাৰ ক্ষতবিক্ষত যোনীৰে
লালসাৰ তৃপ্তি লভা
উপভোক্তা পুৰুষৰ পত্নী
কিন্তু হব লাগিব অক্ষতযোনী
বিয়াৰ নিশাৰ বগা চাদৰ
পাছদিনা সমজুৱাৰ আগত
সগৌৰৱে গুচাবলে
বিয়া কৰাব নোৱাৰে বাৰু
ভনী বুলি কোনো বেশ্যাক
কোনো পুৰুষে বান্ধিছেনে ৰাখী
আই বুলি কোনো বিগতযৌৱনা বেশ্যাৰ
কোনোবাই ললেনে ভৰণপোষণৰ ভাৰ
কাব্য-কাহিনীৰে বেশ্যাৰ গুণগান গোৱা
মহান পুৰুষে কেতিয়াও নকৰে আন্দোলু
বেশ্যাবৃত্তিৰ অৱসানৰ বাবে
হাড়কটা গলি সোনাগাছি বোৰ আছে বাবেই
ঘৰবোৰ ঘৰ হৈ আছে
সংসাৰবোৰ সংসাৰ ৰূপে টিকিছে
সমাজবোৰ আছে নিকা ভাৱমূর্তি লৈ
যেতিয়ালৈকে সম্পর্ক বেহা-বেপাৰৰ
টকা-পইছাৰ লেনদেনৰ
প্রয়োজনৰ আদান-প্রদানৰ
একো ক্ষোভ নাই
কিন্তু সহিব নোৱাৰি
নির্লজ্জ কামনাসিদ্ধিৰ আয়োজনক
মিঠা কথাৰ কবিতাৰ ফেঁহুজালিৰে
আদিম প্রবৃত্তিক ঢকাৰ সুচতুৰ প্রয়াসক
যি চাতুৰী নাই আমাৰ
খুলাখুলি বেশ্যাবৃত্তিত
টকা ললোঁ – পেট পুহিম
ক্ষন্তেকৰ আসঙ্গ দিলোঁ – বিনিময়ত বেহাৰ নিয়মমতে
ভণ্ড কবিতাৰ ফাকুৱা – অগ্রাহ্য কৰিম প্রাণপনে৷
■■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!