কবচ (অণু-গল্প) (উৎপল জোনাক হাজৰিকা)

“আগবাঢ়ি নাযাব৷ ছোৱালীজনীৰ কিবা এটা হ’লে সুদাই নেৰিম কিন্তু৷” কুচি-মুচি পাগলীজনীৰ বুকুত সোমাই থকা ছোৱালীজনী আনিবলৈ যোৱা অত্যুৎসাহী লোকজনলৈ চাই মহিলাই চিঞৰি উঠিল৷ “মানুহজনীও পাগলী চাগে৷” ভেবাচেকা খাই আঁতৰি যোৱা মানুহজনলৈ চাই ৰংচোৱা মানুহবোৰে বিৰবিৰালে৷ ‘অ’ আপোনালোকৰ মতে মই পাগলী হ’ব পাৰোঁ কিন্তু সেই পাগলীজনীৰ দৰেই মই এজনী মাকো৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!