কলি যুগৰ হোলী

=========
কলি যুগৰ কৃষ্ণ-ৰাধা
অনলাইনতে খেলিছে হোলী,
ইনবক্সতে ফাকু ছটিয়াই ফুৰিছে
কলিৰ উজৰা-চমন ছলি।
.
মেচেঞ্জাৰত মেছেজ পঠায়
ফেচবুকত দিয়ে স্টেটাছ…
কৃষ্ণৰ ৰাধা, ৰাধাৰ কৃষ্ণ
কামঅন প্লে-হোলী, লেটাছ…!
.
কৃষ্ণ ক’লে লেট’স চেলিব্ৰেট
হোলী কে এফ চিতেই
ৰাধা ব’লে যাওঁ বোলানা…
ৰেইন-ডাঞ্চ বা লা-টমেটিনাতেই।

koli jugor holi
.
ৰাধাৰ আবদাৰ, জানু মোৰ
নাই যে ঘাগাৰা চোলি…
জিন্স পিন্ধি কেনেকৈ খেলিম
ডিস্কো-ডিজেৰ মৰ্ডান হোলী।
.
আজিয়েই যদি দিয়া কিনি
মোক ঘাগাৰা আৰু চোলি…
তোমাৰ সতে ৰেইনডেঞ্চত
খেলিব পাৰো মৰ্ডান হোলী !
.
কৃষ্ণও যে নহয় চাধাচিধা
বুজাই দিলে তাকো…
ফ্ৰিতে আহিলে আহিব পাৰা,
উপহাৰ নিদিওঁ মই কাকো…।
.
কলিৰ কৃষ্ণ-ৰাধাৰ লীলা
ইন্টাৰনেটতেই চলছিল ভাল,
দৰ-দাম নিমিলাৰ বাবেহে
লীলা-খেলাত লাগিল পয়মাল।
.
মেচেঞ্জাৰত হৈ গ’ল ব্লক
ফ্ৰেণ্ডলিষ্টত হ’ল ডিলিট …
নতুন ৰাধা, নতুন কৃষ্ণৰ
চলে আকৌ নতুন পিৰিত।
.
আগৰ ৰাধা হেবাং আছিলে
আছিলে যে ঘৰৰ কোণত
সেয়েহে কৃষ্ণ খেলিছিলে হোলী
হাজাৰ গোপিনীৰ লগত।
.
কলি কালৰ ৰাধা-কৃষ্ণৰ
এতিয়া ডিজ়িটেল ফেচন চ’লে…
কেইবা ডজন গোপ-গোপিনী ৰাখে
আপ-ডেটেড ফেচন বোলে…!!!

 

–জয়দীপ

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!