কথোপকথন ৪ (-ভাস্কৰ জ্যোতি হাজৰিকা)

(ইটাভাটাৰ মালিক আৰু মেনেজাৰ)

বৰুৱা :: কি হে আজি ইমান কম ইটা ওলাইছে যে ? মোৰ বিজনেচ শেষ কৰিবা নেকি তোমালোকে ?
মেনেজাৰ :: নহয় মানে ছাৰ, আজি মাইকী লেবাৰ কেইজনীমান দেৰিকৈ আহিছিল । দুজনীমান ভাত খাবলৈ গৈ এতিয়ালৈ অহাই নাই । টানকৈ ক’বলৈও বেয়া লাগে, কেঁচুৱা থকা ……

kothupogothon
বৰুৱা :: এ বাদ দিয়া হে তোমাৰ ভাল বেয়া । আই নিদ টুৱেণ্টি থাউজেন্দচ ব্ৰিকচ বাই টুমৰ’ । অৰ্ডাৰ কেঞ্চেল হ’ব নোৱাৰে । মাইন্দ ইট্ । আজি ৰাতিৰ ভিতৰত ২০০০০ ইটা ৰেডি হ’ব লাগিব ।
মেনেজাৰ : বাৰু চাৰ, মই পুৰা ট্ৰাই কৰিম। দৰকাৰ হ’লে বেলেগ লেবাৰ ….
বৰুৱা :: ন’ ৱে । এইকেইজনীকে লগোৱা না ভাই । ৰাতিলৈকে লগোৱা । লাগিলে ১০/২০ টকা এক্সট্ৰা দি দিবা আৰু । প্ৰফিট লাগে মোক। আৰু শুনা, মহৰীটোক পঠিয়াই কালি দিয়া বেংকৰ চেকখন ক্লিয়েৰ কৰি আনি ঘৰত দি আহিবা । ৰাতিলৈ ক্লাবত ৱমেনছ দেৰ প্ৰগ্ৰাম আছে, অন্ততঃ ১ লাখ মান ডনেট নকৰিলে দেখোন ”বৰুৱা এন্টাৰপ্ৰাইজ”ৰ সন্মানেই নাথাকিব । নে কি কোৱা ডেকাল’ৰা ? হাঃ হাঃ ।
মেনেজাৰ :: হ’ব চাৰ ।
বৰুৱা :: আৰু শুনা, এই পাচঁ হাজাৰ দিলো । লেবাৰকেইজনীৰ অভাৰটাইমৰ পেমেণ্টটো যিমান কমকৈ পাৰি মেনেজ কৰিবা আৰু বাকী যিখিনি ৰাখিব পাৰা, তোমাকে ব’নাচ দিলো । নতুনকৈ বিয়া পাতিছা, ৱমেনছ ডে বুলি মানুহজনীলৈ গিফ্ট এটাকে লৈ যাবা ।

(…..কৈয়েই বৰুৱা নৰ’ল আৰু । চিকচিকিয়া এ.চি. SUV খনত বহি গ’লগৈ । ডেকা মেনেজাৰ ঢপকৈ বহি পৰিল । ভাঁহি আহিল উপহাৰ পালে উজলি উঠা পত্নীৰ মুখখনি, আনফালে নিশকতীয়া শ্ৰমিককেইজনীৰ হাড়ে ছালে লাগি যোৱা দেহকেইটি, সিহঁতৰ কেচুৱাকেইটিৰ শুকান মুখকেইখন…… )

 

:: ভাস্কৰ জ্যোতি হাজৰিকা

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!