La Belle Dame Sans Merci: John Keats: – (1795-1821)/অনুবাদ: স্বপ্না দত্ত ভৰালী

১৭৯৫ চনৰ ৩১ অক্টোবৰ তাৰিখে লণ্ডনত জন্মগ্ৰহণ কৰা ইংৰাজ ৰোমাণ্টিক কবিজন কীটছ্ ৰ অতি কম বয়সতে দেহাৱসান ঘটিছিল। মাত্ৰ ২৫ বছৰ বয়সতে যক্ষ্মা ৰোগত প্ৰাণ হেৰুওৱা কবিজনে নিজৰ সৃষ্টিৰে ইংৰাজী সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁৰ সৃষ্টিসমূহৰ ভিতৰত Hyperion, Lamia আৰু Endymion দীঘল কবিতাৰ শাৰীত থৈ বাকীখিনিক Odes, sonnets, epistles, other poems আৰু short poems এইকেইটা ভাগত ভগাব পাৰি। তদুপৰি ১৬৫খন চিঠিও তাৰভিতৰত আছে। এইজনা কিংবদন্তী কবিৰ ১৮২১চনৰ ২৩ ফেব্ৰুৱাৰীত ৰোমত মৃত্যু হয়।
La Belle Dame Sans Merci এটা Ballad যিটোক আমি অসমীয়াত মালিতা বা গাঁথা বুলি কওঁ। ফৰাচী শব্দ Beller ৰ পৰা Ballad শব্দটো উৎপত্তি হৈছে যাৰ অৰ্থ ‘নৃত্য’। প্ৰাচীন কালত নৃত্যৰ লগত গোৱা গীতকে Ballad বোলা হয়। মানুহৰ মুখে মুখে ইটোৰ পৰা সিটো প্ৰজন্মলৈ বাগৰি অহা Ballad বোৰ খুবেই জনপ্ৰিয় আছিল। ‘ফুলকোঁৱৰৰ গীত’ আমাৰ অসমীয়া মালিতাৰ এক উৎকৃষ্ট উদাহৰণ।

মূল Ballad টো: –

Ah, what can ail thee, wretched wight,
Alone and palely loitering;
The sedge is withered from the lake,
And no birds sing.

Ah, what can ail thee, wretched wight,
So haggard and so woe-begone?
The squirrel’s granary is full,
And the harvest’s done.

I see a lilly on thy brow,
With anguish moist and fever dew;
And on thy cheek a fading rose
Fast withereth too.

I met a lady in the meads
Full beautiful, a faery’s child;
Her hair was long, her foot was light,
And her eyes were wild.

I set her on my pacing steed,
And nothing else saw all day long;
For sideways would she lean, and sing
A faery’s song.

I made a garland for her head,
And bracelets too, and fragrant zone;
She looked at me as she did love,
And made sweet moan.

She found me roots of relish sweet,
And honey wild, and manna dew;
And sure in language strange she said,
I love thee true.

She took me to her elfin grot,
And there she gazed and sighed deep,
And there I shut her wild sad eyes—
So kissed to sleep.

And there we slumbered on the moss,
And there I dreamed, ah woe betide,
The latest dream I ever dreamed
On the cold hill side.

I saw pale kings, and princes too,
Pale warriors, death-pale were they all;
Who cried—”La belle Dame sans merci
Hath thee in thrall!”

I saw their starved lips in the gloam
With horrid warning gaped wide,
And I awoke, and found me here
On the cold hill side.

And this is why I sojourn here
Alone and palely loitering,
Though the sedge is withered from the lake,
And no birds sing.

—————————————–

কি বা হ’ল! হেৰা হতভাগ্য,
মলিন বদন লৈ অলসতাৰে ঘূৰি ফুৰিছা,
একাকীভাৱে।
জলজ অপতৃণবোৰ জলাশয়তেই শুকাই গৈছে।
পক্ষীৰ গুঞ্জনো নাই যে!

কি হ’লনো? হেৰা হতভাগ্য,
জীৰ্ণ-শীৰ্ণ আৰু বিষাদমলিনযে তুমি।
কেৰ্কেটুৱাৰ শস্যভাণ্ডাৰো উপচিল,
ফচল চপায়ো শেষ হ’ল।

ভেঁটফুলৰ দৰেই তোমাৰ কপালখনত
বিন্দু বিন্দু শিশিৰকণা,
যেন মনঃস্তাপত সিক্ত;
গালদুখনি যেন বিবৰ্ণ গোলাপহে,
অনতিপলমেই যি একেবাৰে বিধস্ত হ’ব।

তৃণভূমিতেই মই লগ পাইছিলোঁ তাইক।
অতীৱ সুন্দৰী, যেন পৰীৰহে জী;
সুদীৰ্ঘ কেশ, পাতল দুভৰিৰে
বন্য নয়ন তাইৰ।
মোৰ অশ্বত তায়ো সংগী হ’ল।
তাইৰ বাদে যে দিনটো আন একোৱেই নাচালোঁ।
একাষ হাওলাই তাই গুণগুণাই থকা
পৰীৰ দেশৰ গীত শুনিলোঁ।

পুষ্পমালা গাঁঠিলো মই তাইৰ বাবে,
মূৰৰ, হাতৰ, কমৰৰ।
মোৰ প্ৰতি প্ৰেমময় দৃষ্টি দিয়া তাইৰ
মুখত যেন এক মিঠা ক্ৰন্দন!

সুস্বাদু গছৰ শিপা, বনৰীয়া মধু আৰু ঈশ্বৰপ্ৰদত্ত এক অমৃত যাঁচিলে তাই মোক।
আজৱ এক ভাষাৰে ভালপাওঁ বুলিও ক’লে।

তাইৰ কণমানি আলয়লৈ মোক লৈ গ’ল।
মোলৈ চাই চাই তাই এটি হুমুনিয়াহ এৰিলে।
মই তাইৰ বন্য নয়নজুৰি জাপ খুৱাই
টোপনি নিয়াবলৈ এটি চুমা দিলোঁ।

শেলুৱৈৰ ওপৰত তন্দ্ৰামগ্ন হলোঁ দুয়ো।
স্বপ্ন দেখিলোঁ মই, আৰু মোৰ দুৰ্ভাগ্য
মই দেখা সেইটোৱেই অন্তিম স্বপ্ন আছিল
এই চেঁচা পাহাৰৰ দাঁতিত।

বিবৰ্ণ ৰজা বা যুৱৰাজসকলোকো মই লগ পালোঁ।
সকলো মলিন বদনা, যেন মৃত্যুমুখৰ পথিকহে।
সিহঁতে আৰ্তনাদ কৰি মোক ক’লে, “নিৰ্দয়ী ৰমনীজনীৰ ক্ৰীতদাস হ’লা তুমি। তোমাক তাইৰ যাদুৰে মন্ত্ৰমুগ্ধ কৰিলে।”

সিহঁতৰ ভোকাতুৰ ওঁঠবোৰ বহলকৈ মেলি মোক ভয়ংকৰ সতৰ্কবাণী দিছে।
আন্ধাৰতো দেখা পালোঁ।
আৰু মই সাৰ পাই নিজকে ইয়াত আৱিষ্কাৰ কৰিলোঁ।
চেঁচা পৰ্বতৰ কাষৰত।

সেইবাবেই মই ইয়াত অলসতাৰে ঘূৰি ফুৰিছোঁ।
একাকীভাৱে, মলিন বদনে।
যদিও জলাশয়ৰ অপতৃণবোৰ শুকাই গ’ল,
পক্ষীৰ সুমধুৰ গীতো নাইকিয়া হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments