আহ্ ঐ আহ্ , ওলাই আহ্

লেখক- পংকজ বৰা

সম্পাদকলৈ চিঠি
 
বিষয়: আহ্ ঐ আহ্ , ওলাই আহ্
 
**************************
মাননীয় সম্পাদক ডাঙৰীয়া,
সাহিত্য ডট্ অৰ্গ ৷
 
আপোনাৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ বিষয় ৰাইজৰ আগত ডাঙি ধৰিব খুজিছো৷
উচ্চত্বম ন্যায়ালয়ৰ বিশেষ ৰায়দানৰ জৰিয়তে আজিকালি ভাৰতীয় সংবিধানস্বীকৃত যিকোনো স্থানীয় ভাষাক মাধ্যম/মূল বিষয় হিচাপে লৈ ইউপিএছছি পৰীক্ষা দিব পৰা হ’ল৷ আগেয়ে আমাৰ অসমীয়া ছাত্ৰ-ছাত্ৰী সকলে ভাষাক লৈ হীনমন্যতাত ভূগিছিল৷ মনকৰিবলগীয়া কথা যে আজিকালি অসমীয়া ভাষাক মাধ্যম হিচাপে লৈ প্ৰাৰম্ভিক, লিখিত আৰু মৌখিক পৰীক্ষা পৰ্য্যন্ত দিব পাৰি৷ এতিয়া অসমৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীক অন্ততঃ জীৱনত এবাৰ এনে প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবৰ বাবে আহ্বান জনালো৷ আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ মনত থকা ভয়-ভাৱ বা হীনমন্যতাৰ বাবেই অসমে আগৰ বছৰবোৰত বহু সুযোগ হেৰুৱালে৷ এইবোৰ পৰীক্ষা একো হাতী-ঘোঁৰা-বাঘ নহয়৷ বাহিৰৰ ৰাজ্যৰ গণ্ডা-গণ্ডা ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত বহে আৰু উত্তীৰ্ণ হয়৷ সেয়ে ভাৰতীয় প্ৰশাসন যন্ত্ৰত সেইবোৰ ৰাজ্যৰ চিনাকি আছে৷ সৰুৰে পৰা উদ্দেশ্যে এটাই ‘কলেক্টৰ বন্না হায়’৷ কাৰণ নামত গণতন্ত্ৰ হ’লেও আমাৰ শাসন ব্যৱস্থা প্ৰকৃততে ব্যুৰোক্ৰেটেই চলায় ৷ অসমীয়া ছাত্ৰ-ছাত্ৰীসকলে কিয় নোৱাৰিব? অসমৰ দম আৰু দাম কেন্দ্ৰত বৃদ্ধি কৰিবলৈ দিল্লীৰ অফিছে অফিছে অসমীয়া বিষয়া লাগিব, অসমৰ চুকে কোনে সৎ অসমীয়া বিষয়া লাগিব ৷ কেৱল আৱগিক আন্দোলন, অসম বন্ধ, হত্যা-অপহৰণ কৰি থাকিলেই নহ’ব৷ আমাক ভাল আইএছ, আইপিএছ, আইএফএছ বিষয়া, ভাল খেতিয়ক, ভাল ৰাজনৈতিক নেতা, ভাল খেলুৱৈ ভাল বিজ্ঞানী, আন্তৰাষ্ট্ৰীয় মানৰ লিখক, ভাল চিকিৎসাবিজ্ঞানী, ভাল প্ৰযুক্তিবিদ আৰু ভাল উদ্যমী ব্যৱসায়ী আদি গঢ়ি তোলাৰ বৌদ্ধিক আৰু অৰ্থনৈতিক আন্দোলন লাগিব৷ সকলোৱে মাৰবান্ধি ওলাই আহক এই বৌদ্ধিক, অৰ্থনৈতিক আন্দোলনলৈ আৰু আকৌ এবাৰ কওক “আহ্ ঐ আহ্ , ওলাই আহ” (এইবাৰ মৰিবলৈ নহয়, নিজে বাচিবলৈ আৰু জাতিক বচাবলৈ)৷
 
এক বিশেষ উদাহৰণ হিচাপে গুজৰাটী সাহিত্যক মাধ্যম হিচাপে লৈ ২০১১ চনৰ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত বহা ৩৩ জনৰ ২৩ জনে সফলতা লাভ কৰিছে৷সৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়িও সত্যকাম দত্তই (Satyakam Dutta) অসমীয়া সাহিত্যক এটা বিষয় হিচাপে লৈ ইতিমধ্যে আৰ্হি দেখুৱালে৷ বাকী সকলো আগবাঢ়ি আহক৷ এই পৰীক্ষাত অনুতীৰ্ণ হ’লে কিবা হেৰুৱাবলৈ একো নাই৷
 
ইতি
পংকজ বৰা
নৰৱে’
 
১৫/0৫/২০১২
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!