তিনিটা লিমাৰিক (সত্যেন্দ্ৰ বৰদলৈ)
১)
এজন আছিল কবি বহি নিৰলাত
দুওঁঠ লগাই থৈ সুৰাৰ পিয়লাত;
অচিনাৰে কথা পাতি
থাকোতেই মাজ ৰাতি
পত্নীয়ে দিলে কোব বিৰহী হিয়াত৷
(২)
মাছ অকণ আনো বুলি হাতত লৈ মোনাখন
বজাৰলৈ খোজ ল’লোঁ এৰি থৈ কাম বন
কুঁহি বাহু ইলিছ চিতল
দুখীয়াৰ সোণো পিতল
ভাবি গুণি দাঙি ল’লো বৰিয়লাৰ ফিছাখন৷
(৩)
এইহেন বাৰিষাতো বানপানী অহা নাই
মন্ত্ৰী এমেলে আছে ঘনে আকাশলে চাই
নাহে যদি এইবাৰ
পোৱা নাই ভাবি পাৰ
পলসৰ মঠাউৰি নখহালে নিৰুপায়৷